Written by sdblogs2011 7:45 am Poems

বাৰ্ধক্য

দিলীপ ফুকন

এডাল এৱাঁ সূতাৰে বান্ধি

এই সিংহটোক মোৰ সমুখলে’ কোনে আনিলে?

তাৰ চকুৰ পৰা উফৰি পৰিছে অগ্নি স্ফুলিঙ্গ,

তাৰ আক্ৰোশী নখপুঞ্জই

বিদাৰি পেলাব খুজিছে মোৰ মুখমণ্ডল

ইমানৰ পাছতো তাৰ কেশৰৰ পোহৰ মোহনীয়,

বিচ্ছুৰিত নিৰ্ণয় -ৰশ্মি সৰকি যায় মোৰ শৰীৰৰ ভিতৰেদি৷

Visited 2 times, 1 visit(s) today
Website |  + posts
Close