Written by sdblogs2011 7:36 am Poems

বাৰ্মুদা ত্ৰিভূজ

নীলাক্ষি গোস্বামী

যি কথাত

কঠিন শিলো শিঁহৰিত হ’ব পাৰে

এয়া সাধু নে সাঁথৰ

নে এটি দুৰ্বোধ্য কবিতা

হয়তো ৰহস্যময়তাত লুকাই থকা

সৃষ্টিৰ কৌশল

নতুবা ক’ব পাৰি

প্ৰকৃতিয়ে হিয়া উজাৰি ঢালি দিয়া

অন্তহীন বিস্ময়

কত সপোন আধাফুলাকৈয়ে সৰিছে

ঠিক এইখিনিতেই

মাতবোৰ হেৰাই গৈছে অতৰ্কিতে

অতল অনিশ্চয়তাত

সঞ্চাৰিত আতংকই বহুবাৰ কঁপাই তুলিছে

আকাশৰ বুকু

তেতিয়াই শূন্যতাৰ গভীৰত বিলাপ কৰে

মহাসাগৰৰ সমগ্ৰ ঢৌ

কেৱল ইমানেই নহয়

আটলাণ্টিছ চহৰখনৰনো কি দোষ আছিল

দিকভ্ৰান্ততো হোৱা নাছিল

ব্ৰুছ গাৰ্ননৰ সেই মূল্যৱান সময়খিনি

ক’ত হেৰাইছিল

অথচ ওঁঠত বাকি লোৱা নাছিল বুলি

তেওঁ নিশ্চিত

জলজ আৰু আকাশীপথৰ পৰা

কতবাৰ ছিঙি নিয়া হৈছিল

নিষ্পাপ ফুল একোপাহ

কোনে খাপ পিটিছিল ক্ষুধা নিবাৰণৰ বাবে

নিৰ্বিকাৰ মহাসমুদ্ৰ

দিনৰ পোহৰতো

ৰাতিৰ এন্ধাৰতো

যিয়ে গুজৰি গুমৰি আছে আজিও

যেন উদ্যত সৈনিকৰ হাতৰ

শাণ দিয়া চিকমিক তৰোৱালখনহে

ক্ষুৰধাৰ আৰু সুতীব্ৰ

***

ঠিকনা :

নীলাক্ষি গোস্বামী

ক্ৰীড়াগ্ৰাম, লালমাটি

গুৱাহাটী-৭৮১০২৯

ডাকঘৰ আৰু থানা – বশিষ্ঠ

বিল্ডিং নং – এ এইট

ফ্লেট নং – ২০১

ভ্ৰাম্যভাষ – ৯৯৫৪০ ৫৩০৮২

Visited 5 times, 1 visit(s) today
Website |  + posts
Close