Written by sdblogs2011 7:26 am Poems

যাক এৰি‌ আহিলোঁ

 ৰঞ্জিত পাটগিৰি

ক’ত এৰি থৈ আহিলোঁ

শৈশৱৰ পাগলাদিয়া,

ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু

তাম বৰণীয়া!

দুখৰ বতাহে

কাহানিও‌‌ শুকুৱাব নোৱাৰে চকুপানী৷

কোনোবাই মোক অলপ

আন্ধাৰৰ আতৰ আনি দিয়া হ’লে

গালে-মুখে সানি নিজৰ মাজতে হেৰাবলে’৷

পোহৰে কি জানে

জোনাকী পৰুৱাৰ কেনি বাট…

কোন কবিয়ে জানো কৈছিল―

মানিমুনি শাক

তই তাতেই থাক৷

Visited 1 times, 1 visit(s) today
Website |  + posts
Close