Written by sdblogs2011 7:23 am Poems

আস্বাদিত ধান

এম. কামালুদ্দিন আহমেদ

ৰাতিৰ পথাৰ অতিক্ৰমি

দৃষ্টি বৈ গৈছিল

একোৱেই সামৰি লোৱা নাছিল সি

পুৱা চকু মোহাৰোঁতে

পটী যিহেতু নাছিলেই
ধানবোৰ সোমাই আহিছিল

নিবিড় হ’বলৈ

অথচ ৰাতিৰ আন্ধাৰত

ধানবোৰ হৈছিল বিমূৰ্ত

যেন দূৰ ক’ৰবালৈ গুচি গৈছিল

ক্ৰমান্বয়ে

পোহৰ হৈ আহে

দৃষ্টিয়ে সামৰি লয়

ধূলি মাটি বোকা

এনেকৈয়ে

স্বচ্ছতাৰ সপক্ষে

গোটাসজীয়া কিবা এটাৰ বাবে

তোমালোকৰ ঘামবোৰ

বিজুলীৰেখাৰ দৰে জিলিকে

মেঘৰ মাজত

যেন শিশু কৃষ্ণৰ মুখৰ ঘামৰ বিন্দু

***

ভ্ৰাম্যভাষ : ৯৮৫৪০৩৯৮৪১

Visited 2 times, 1 visit(s) today
Website |  + posts
Close