Written by sdblogs2011 7:21 am Poems

ওভতনি

অত্ৰেয়ী গোস্বামী

উভতিব খুজিলেও উভতিব নোৱাৰি

বন্ধনো নাই, মায়াও নাই৷

অথচ চাৰিওদিশে  চাৰিওটি বাট বন্ধ৷

কথাটো সহজকৈ ভাবিব পাৰি

সহজ হ’ল বুলিয়েই

বাট নোহোৱা কথা এটা

উলাই কৰিব নোৱাৰি৷

তেওঁ উভতিব খুজিছে,

ময়ো উভতিব খুজিছোঁ৷

আমাৰ এটা বাট আছিল

এতিয়া সেইটো বাট হেৰাল৷

সহজ বুলি কোৱা কথাৰ মেৰপাকত

আমাৰ খোজবোৰ জোঁটপোট খালে ৷

উভতিব লাগিব

বাট বান্ধিব লাগিব ৷

হালধীয়া পাতখিলা সেউজীয়া হোৱালৈ

আমি ৰৈ থাকিম ৷

শুকান পুখুৰীত জোবোৰা মাৰি

উশাহ বন্ধ হোৱাৰ অভিনয় কৰোঁতে,

মাটি নিতিতা বৰষুণত

জুৰুলিজুপুৰি হোৱাৰ হেঁপাহটো

ধুপুচকৈ সৰি পৰিল৷

— 

Visited 4 times, 1 visit(s) today
Website |  + posts
Close