Written by sdblogs2011 6:46 am Poems

হালধিবাৰীত বৰষুণ

সঞ্জীৱ বৰুৱা

নৃত্যৰতা আকাশ

চমকি উঠিছে মেঘ

সৃষ্টিৰ বৃষ্টিয়ে

কঢ়িয়াব ধৰালৈ

অনাবিল শান্তিৰ

সপোন গুঞ্জন ।

তেজে তুমৰলি

দিগন্ত নেওচি

উপভোগ কৰা

এই সময়।

আৰ্দ্ৰতাৰ আৱৰণ

আঁতৰাই

অযুত

সম্ভাৱনাৰে

হালধিবাৰীত 

বৰষুণ আহিব

সপোনৰ বৰষুণ।

এতিয়া

অপেক্ষাকৃত ঠিক

বাৰিষাৰ প্ৰথম জাক

বৰষুণৰ দৰে

ৰৈ আছোঁ তোমালৈ।

তুমি আহিবা

তিতিম

মেঘৰ আচ্ছাদনৰে

সিক্ত হালধিবাৰীত

সপোনৰ হালধিবাৰীত।

ঠিকনা :

ড° সঞ্জীৱ বৰুৱা

সহকাৰী অধ্যাপক

উদ্ভিদ বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

হালধিবাৰী : কোকৰাঝাৰ চহৰৰ অৱস্থিত এখন সৰু প্ৰাকৃতিক পৰিৱেশেৰে আৱৰি ৰখা ধুনীয়া ঠাই।

Visited 2 times, 1 visit(s) today
Website |  + posts
Close