Written by sdblogs2011 5:24 am Poems

মানুহবোৰ আছেনে ঘৰত

 মানস প্ৰতিম দত্ত

মেঘৰ চুলিৰ মাজেৰে সৰকি অহা

এজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙি

চৰাইবোৰ গুচি গৈছে

জন্তুবোৰ গুচি গৈছে

হাতী-মাটি-কেতেকী

নাহৰ-সোণাৰু-পলাশৰ সৈতে

বসন্তৰ উভালিছে শিপা…

বৰষুণত তিতি তিতি

মানুহবোৰে কান্দিছে

চকুপানী বিচাৰি হাবাথুৰি খায়

শুকান বতাহৰ ৰণি খহায়

মানুহবোৰো হেৰাইছে

মানুহবোৰ আছেনে ঘৰত?

Visited 2 times, 1 visit(s) today
Website |  + posts
Close