Written by sdblogs2011 5:21 am Poems

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন

মৰা শামুকৰ খোলা এটা

কুৰুকি কুৰুকি 

সোমাই আছোঁ

শংখ এটাত সোমাব পৰা হ’লে

ভাল আছিল

তুমি হয়তো দেখিলাহেঁতেন

শংখটো!

তোমাৰ হাততে উঠি

ভ্ৰমিলোহেঁতেন

পৃথিৱী

নতুন দিনৰ প্ৰাৰ্থনাৰে

শংখৰ ভিতৰৰ পৰাই

হ’লোঁহেঁতেন

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন, সমন্বয় পথ,

বৰভেটা, যোৰহাট-৭৮৫০০৪

ফোন : ৯৮৫৪০ ৪০১১৯, ৯৯৫৪৪ ২১৭৭৯

e-mail: lahonkumarpranjal@gmail.com

Visited 2 times, 1 visit(s) today
Website |  + posts
Close