Written by sdblogs2011 4:56 am Poems

তেল

 ভাস্কৰ জে নাথ

সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া

হালধীয়া দবা

সাতোৰঙী ধূলিকণা যাত্ৰী

কোনে কয় ধূলিকণাৰ ঘৰ নাই!

কোনে কয় ধূলিকণাৰ গতি নাই !

বিছনাত অলৰ অচৰ দেহ এটি

মন, খিৰিকীৰ সূৰ্যত

চাই আছে ধূলিকণাৰ ৰং

চাই আছে ধূলিকণাৰ গতি

ছাই নোহোৱা পৰলৈকে চাই থাকিব

ইমান সুন্দৰ ৰে’লখনি চাই শেষ নৌহওঁতেই অথন্তৰ

পাকঘৰত তেল শেষ

তেল নহ’লে সোৱাদৰ জিভাই কথা ক’ব নোৱাৰিব

কথা নহলে বঁটা ক’ৰ পৰা পাব?

মানে তেল লাগিব!

তিৰোতাবোৰে নুবুজে

তেল নহ’লে একোৱেই সিজাব নোৱাৰে

এনেকি চুবুৰীবোৰতো চলিছে বু-বা

তেল নহ’লে সকলো মিছা

তেলহে সঁচা

সঁচা মানুহবোৰক লৈ বৰ দিগদাৰ

তেওঁলোকে তেলক মিছা বুলি কয়

মিছা মানুহবোৰৰ জিভা তেলতহে বুৰ যায়

ডুবি যোৱাটোৱেই নিয়ম

ই তেলৰ ভুল জানো!

সঁচা মানুহবোৰে তেলৰ কথা বুজি নাপায়         

সঁচা মানুহবোৰ থৰ লাগে হালধীয়া ৰে’ল চায়                             

সঁচা মানুহবোৰে ধূলিকণা চাই ভোল যায়।।           

সঁচা মানুহবোৰে তেল ভাল নাপায়।।

Visited 1 times, 1 visit(s) today
Website |  + posts
Close