Written by sdblogs2011 11:29 am Poems

শৰৎ

 সঞ্জীৱ বৰুৱা 

শৰৎ মানেই 

সেউজীয়া 

তৰাং নদীৰ চৌপাশে 

হালি-জালি ফুলি থকা 

লাস্যময়ী কঁহুৱা ।

শৰৎ মানেই

নিয়ৰত প্ৰাণ পোৱা ৰাতিপুৱাটো

মুকুতা হেন উজলি থকা

বাটৰ দুবৰি বন।

শৰৎ মানেই

তলসৰা বকুল

শেৱালিৰ

সুগন্ধি সুৱাস

স্মৃতিৰ মানস পটত 

জিলিকি উঠা 

সোণালী শৈশৱ ।

শৰৎ মানেই

শুভ্ৰতা 

 স্নিগ্ধময় জোনাক

প্ৰকৃতিৰ লগত আত্মীয়তা 

ভালপোৱাৰ 

বাংঙ্ময় নিৰৱতা।

Visited 2 times, 1 visit(s) today
Website |  + posts
Close