Written by sdblogs2011 11:06 am Poems

সময় কথক হ’লে…

উদয় কুমাৰ বৰুৱা

জীৱন জীবিকাৰ প্ৰপঞ্চৰ পৰা এদিন উভতি গৈছিলোঁ

অহাৰ বাটেৰে

স্মৃতিয়ে কুৰুকি কুৰুকি খান্দি উলিয়াইছিল

ঠটা মাটিত মোৰ উদং ভৰিৰ ভকভকনি আৰু

হাৱাই চেণ্ডেলৰ নিৰস পৰিক্ৰমা

এদিন এজন কথকে কৈছিল – কাহিনীনো কি

কেতিয়াবা বোঁৱতী সুতি, কেতিয়াবা জাঁজী নৈৰ জাঁজৰি

এৰা, কাহিনীৰো থাকে কাহিনী

থাকে নিজাকৈ এখন আকাশ- নক্ষত্ৰ খচিত

ইচ্ছাই ডেউকা মেলিলে হৃদয়ো হ’ব পাৰে

সন্ধিয়াৰ ৰূপালী চোতাল

ৰূপ কথাৰ লেজুত ধৰি নামি আহে নিসৰ্গ স্বৰ্গ

সাধুত ঘুমটি যোৱা

সময় কথক হ’লে যেনেকৈ জাগি উঠে কাহিনী শিলা

অনন্ত শয়নৰ পৰা

আৰু অন্তৰৰো অন্তৰত গান হৈ বাজি উঠে

দুৰন্ত প্ৰেমৰ প্ৰাচীন গাথা…

Visited 2 times, 1 visit(s) today
Website |  + posts
Close