Written by sdblogs2011 11:03 am Poems

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত)

পৰাগজ্যোতি মহন্ত

কত কথা হৈ যায় কো‌ৱা –

তথাপি, আমি ইমান কিয় অধীৰ

এই যেন শুনিম এই যেন ক’ম

ক’ৰবাত কোনোবাখিনিত কোনোবাই কেঁকুৰিত ৰৈ

কিবা যেন কৈ যাবলৈকে এপলকৰ বাবে উভতি চাইছে আমালৈ

ইমান চিনাকি চাৱনি, চাৱনিত সতেজ গন্ধ

কিজানিবা কিবা এটা থৈ যাব খোজে

ভ্ৰমৰ এই পৃথিৱীত

কাৰ দৰদ যে, টোমৰ বান্ধোন খুলি কথাবোৰ মোকলাব

গৈ থাকোঁতে বাটত বাটৰ ব্যাকৰণ মেলি মোৰ দৰে

বাটৰুৱাই বাট হেৰুৱায়নে

নিজেই পূৰ্ণতাক পোৱাৰ আগেয়ে

আমালৈ পূৰ্ণতাৰ বাট একোটা কাটে

কথাবোৰ আমি কিয় কঢ়িয়াওঁ

কিয় পাগুলোঁ নুৰিয়াওঁ হাঁচতিৰ আগত

কাৰোবাৰ কান্ধত নমাই থৈ গ’লে

কথাবোৰ জী থাকে

জী থাকক কথাবোৰ

কথাৰ দস্তাবেজ।

 ***

ভ্ৰাম্যভাষ :৯১০১০৫১৯৬৭

মৰাণহাট, ৭৮৫৬৭০

Visited 2 times, 1 visit(s) today
Website |  + posts
Close