Written by sdblogs2011 10:05 am Articles

ভাৰাঘৰ

 মূল : অংশুমান কৰ

অসমীয়া অনুবাদ : কুমুদ ঘোষ

সেই ঘৰ এৰি অহা বহুদিনেই হ’ল৷

আহোঁতে-যাওঁতে, তথাপি, মাজে-সময়ে চকুত পৰে৷

দেখোঁ, নীলা-বগাৰ সলনি উৰিছে গোলাপী পৰ্দা

দেখোঁ, যিটো আছিল চ’ৰাঘৰ

সেইটো হ’ল বে’ডৰূম

দেখোঁ, বাঁওফালৰ সলনি সোঁফালৰ চুকত

থোৱা হৈছে আলমাৰি৷

ভাবোঁ, ইমান সলনি? ইমান?

কিনো ক্ষতি হ’লহেঁতেন যদি পৰ্দাৰ ৰং থাকিলহেঁতেন নীলা-বগা

বে’ডৰূম হ’লহেঁতেন চ’ৰাঘৰ

আৰু আলমাৰি থাকিলহেঁতেন বাঁওফালৰ চুকত?

পুৰণি ঘৰ

আচলতে পুৰণি সম্পৰ্কৰ নিচিনা

বিশ্বাসেই নহয় যে, এৰি অহা বহুদিন হ’ল!

Visited 3 times, 1 visit(s) today
Website |  + posts
Close