Written by sdblogs2011 9:41 am Poems

জীৱনৰ কথা

ধ্ৰুৱকুমাৰ তালুকদাৰ

জীৱনক, মই নমস্কাৰ কৰিলোঁ৷

ক’লো, আহা মোৰ লগত বহা অকনমান সময়৷

আমি দুয়ো বহিলোঁ

ওচৰা-উচৰিকৈ

প্ৰায় গাতে গা লগাকৈ –

আমি দুয়ো বহুপৰলৈ মনে মনে থাকিলোঁ

মই কিবা এটা ক’ব খুজিলোঁ

নাই, থাকক পিছতো ক’ব পাৰিম! –

এনেদৰে একো এটা নোকোৱাকৈয়ে বহি থাকিলোঁ

বহুপৰলৈ

জীৱনে হয়তো ভাবিলে- কি সুধিম, কি ক’ম,

সি সুধিলে মইনো কি উত্তৰ দিম! –

এনেদৰেই আমি বহুপৰলৈ মনে মনে বহি থাকিলোঁ

জীৱন আৰু মই

মাজতে দুবাৰমান অস্বস্তি অনুভৱ কৰিলোঁ

জীৱনেও মাজতে সোঁহাতৰ অনামিকা আঙুলিটোৰ নখ কামুৰিলে

কোনো কোনো মুহূৰ্তত মূৰটো খুজুৱালে

জীৱনৰ এনেবোৰ আচৰণ দেখি মোৰ এবাৰ হাঁহি দিবলৈ মন গ’ল

মাজতে এবাৰ কান্দিবলৈ মন গ’ল

মাজতে এবাৰ জীৱনৰ মুখৰ ৰংটো চাবলৈ মন গ’ল

মাজতে তাক জোৰেৰে বুকুৰ মাজত সাৱটি ল’বলৈ মন গ’ল

মাজতে তাৰ গালত প্ৰচণ্ড জোৰেৰে কেইটামান চৰ সোধাবলৈ মন গ’ল

মাজতে তাক থিয় গোৰ এটা মাৰি

নৰ্দমাৰ বোকাত পলাই থৈ গুচি যাবলৈ মন গ’ল

মাজতে তীব্ৰ বেগত আহি থকা গাড়ী-মটৰবোৰৰ মাজলৈ

ঠেলা মাৰি দিবলৈ মন গ’ল

মাজতে আৰু এবাৰ কান্দিবলৈ মন গ’ল

মাজতে আৰু এবাৰ হুকহুকাই কান্দিবলৈ মন গ’ল…

মন গ’ল

মন গ’ল যে ছবি এখন আঁকিব লাগে

মন গ’ল যে দুটামান গল্প পঢ়িব লাগে

মন গ’ল যে কবিতা পঢ়ি পঢ়ি কিছুদিন বলিয়া হ’ব লাগে

মন গ’ল যে গান শুনি শুনি এঘুমটি মাৰি ল’ব লাগে –

জীৱন বহি আছে মোৰ কাষতে

একেবাৰে গাতে গা লগাই

লাহে লাহে খহি অহা পদপথৰ একাষত

জীৱন আৰু মই

নৰ্দমাৰ পৰা এটা দুৰ্গন্ধ ভাহি আহিছে

হয়ো মোৰ শটোৰে গোন্ধ

অথবা জীৱনৰ শটোৰ

জীৱনে মোক কোৱা নাই কোনো কথা

ময়ো জীৱনক…

আকাশখন ঘোলা

মাটিও

কালি ৰ’দ আছিল বৰষুণ আছিল

আজি ধুমুহাৰ আয়োজন…

বাটৰ চাল-চিগা কুকুৰবোৰৰ দৰে

গাড়ীৰ চেপাত পৰা মেকুৰীবোৰৰ দৰে

মই আৰু জীৱন

মোৰ কান্দিবলৈ মন গ’ল

জোৰে জোৰে চিয়ঁৰিবলৈ মন গ’ল

তোমালোকৰ হাতৰ ভৰা কাঁহিবোৰ কাঢ়ি আনিবলৈ মন গ’ল

গাৰ কাপোৰ-কানি ফালি নাঙঠ হ’বলৈ মন গ’ল

মন গ’ল জীৱনৰ কাষতে গাতে গা লগাই শুই দিবলৈ

হয় হয়, একেবাৰে সাৰ নোপোৱাকৈ শুই দিবলৈ…

Visited 1 times, 1 visit(s) today
Website |  + posts
Close