Written by sdblogs2011 9:17 am Poems

অদৃশ্য

 চন্দ্ৰ শইকীয়া

এনেকৈয়ে চলি থাকে হৃদয়

চলি থাকে সময়!

সংসাৰৰ জ্বালা যন্ত্ৰণাৰে 

ক্ষত বিক্ষত অনেক ভৰুণ হৃদয়!

স্তব্ধ হৃদয়ত লিখা নাথাকে 

অতীতৰ গুণ গৰিমা আৰু ঐশ্বৰ্য বিভূতি!

সময়ৰ মান মাপক যন্ত্ৰৰ 

দোলন ক্ষমতাৰো এদিন অন্ত পৰে;

তাতে সময়ৰ কিনো আহে যায়!

সময় গতিশীল হৈয়ে থাকে, অদৃশ্য অনন্ত!

 লাজ লাগে, মানুহৰ ক্ষুদ্ৰতাৰ উমান পাই;

 আচলতে জুখিবলৈ একোৱেই নাই; মানৱতা?

সময়ৰ পৃষ্ঠপোষকতাতে চলি থাকে 

ভঙা গঢ়াৰ খেলা, হৰ্ষ বিষাদ প্ৰেম বিদ্বেষ সকলো;

সময় এটা আহিলা মাত্ৰ অদৃশ্য জোখমাখৰ!!

Visited 4 times, 1 visit(s) today
Website |  + posts
Close