Written by sdblogs2011 8:47 am Poems

প্ৰাকৃতিক-অপ্ৰাকৃতিক

 হিল্লোলজ্যোতি সিংহ

দুছেও কৰিলেও

কেইদিনমানৰ পাছতেই

মূৰ দাঙি থিয় হয়

কচুৰ কুমলীয়া পাত

মাঘতে হওক

বা বহাগত

কেইবামাহো পৰি থকা কুন্দাটো

আঁতৰোৱাৰ পাছত

শৰ দৰে শুই থকা

হৰিৎকণাহীন ঘাঁহবোৰ

আকৌ সেউজীয়া হয়

জাৰতে হওক

বা বাৰিষাত

আপোনাৰ ফোন নম্বৰটো

হেৰোৱাৰ পাছত

আপুনি ফোন কৰালৈ

মোৰ অপেক্ষা

সম্ভাৱনাৰ ৰচীত ওলমি

আজিয়ে হওক

বা কেতিয়াও নহয়

দীৰ্ঘ বন্ধ্যাকাল পাৰ হৈ

বহু প্ৰচেষ্টাৰ পাছতো

মোৰ এটা কবিতাও

আপোনাৰ হৃদয় জোকাৰি যোৱাটো

আজি বা কাইলৈ

কেতিয়াও নহয়!

ঠিকনাঃ

প্ৰাণী বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

কোকৰাঝাৰ

Phone: 9435120076, 9101165234

singha.hilloljyoti@gmail.com

Visited 5 times, 1 visit(s) today
Website |  + posts
Close