Written by sdblogs2011 8:43 am Poems

নবৱৰ্ষ

 জ্যোতিশিখা  দত্ত

নতুন আশা

নতুন সংকল্পৰে

নৱবৰ্ষত উজ্বলিম আমি

নতুন উদ্যমেৰে৷

সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা

হ’ব আমাৰ কাম্য

প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন

কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷

নতুন এটা ভাষা শিকিম

নতুন কলা শিকিম

নতুন নতুন শিক্ষাৰে

জ্ঞানৰ ভড়াল চহকী কৰিম ৷

শৰীৰৰ যতন ল’ম

স্বাস্থ্যকৰ খাদ্য খাম

চিপ্‌চ চকলেটবোৰ

সমূলি নাখাম ৷

শিশু উপযোগী কিতাপ

প্ৰতিমাহে পঢ়িম

নীতিশিক্ষাৰ জ্ঞান ল’ম

ভাল কাম কৰিম৷

ডাঙৰৰ উপদেশবোৰ

সদায় মানি চলিম

ভাল মানুহ হ’বলৈ

আপ্ৰাণ চেষ্টা কৰিম ৷

ঠিকনা:

জালুকবাৰী, গুৱাহাটী-১৩

Email: jyotisikhadatta@gauhati.ac.in

Facebook account: https://www.facebook.com/jyotisikha.dutta.7

Insta profile: https://www.instagram.com/jyotisikhadatta?igsh=MTFoOThvMjJ2eHprMA==

Visited 1 times, 1 visit(s) today
Website |  + posts
Close