Written by sdblogs2011 7:58 am Poems

যুগে যুগে

 যশোৱন্ত নিপুণ

প্ৰত্যেক যুগৰেই

এটা সৌন্দৰ্য আছে,

প্ৰত্যেক যুগৰেই

কিছুমান অভিশাপ আছে ।

ধীৰ শীৰ্ণ নদীৰ দৰেই

পৰ্বত বিদীৰ্ণ কৰা খৰস্ৰোতা নদীও

কেতিয়াবা সুন্দৰ 

কেতিয়াবা ভয়ংকৰ হ’ব পাৰে ।

যুগে যুগে শত শত ধুমুহা

জ্বালামুখী মহাপ্লাৱনৰ কত আঘাত,

ৰক্তক্ষয়ী মহাসমৰত ভস্মীভূত

কত নগৰ কত গাঁৱ,

নালন্দাৰ ধ্বংসস্তূপত বহি 

যুগে যুগে কাৰোবাৰ উচুপনি – 

এয়াই শেষ আৰু কোনো আশা নাই ৷

কিন্তু প্ৰত্যেক যুগতেই 

সেই এজন-দুজন মানুহ থাকে

যিয়ে শিলৰ কঠিন পিঠিতো

মহাকাব্য লিখি থৈ যায়,

যিয়ে জংঘল কাটি

জুই ধোঁৱা ছাইৰ পৃথিৱী এখনৰ

তেজেৰে পিছল পথাৰৰ মাজেৰে

এটা বাট কাটি উলিয়ায়,

যাতে আমি গৈ থাকিব পাৰোঁ 

যাতে আমি যুঁজি থাকিব পাৰোঁ

যাতে আমি মৰি থাকিব পাৰোঁ ।

          ——

ঠিকনা:

বি-১১৫,

সানভি সংকল্পম,

নাগোণ্ডানাহালি,

বাংগালোৰ – ৫৬০০৬৬

Visited 3 times, 1 visit(s) today
Website |  + posts
Close