Written by sdblogs2011 7:54 am Poems

জীৱন জ্যামিতি

হিল্লোলজ্যোতি সিংহ

কথা আছিল

দুয়ো একেলগে যোৱাৰ

খৰ খোজেৰে মোতকৈ আগবাঢ়ি

গ’লাগৈ তুমি

তুমি যোৱা বাটেৰে

তোমাৰ পিছে পিছে

তোমাক অনুসৰণ নকৰোঁ মই

ৰম্বাচৰ কৰ্ণৰে

তোমাৰ আগত গৈ ওলাম

আৰু ৰৈ থাকিম

আলি-কেঁকুৰিত

জীবলৈ শিকিছোঁ জ্যামিতি

আকৌ সুধিম

একেলগে যাবা নে এইবাৰ?

ঠিকনা :

প্ৰাণী বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

কোকৰাঝাৰ

Phone: 9435120076, 9101165234

singha.hilloljyoti@gmail.com

Visited 2 times, 1 visit(s) today
Website |  + posts
Close