Written by sdblogs2011 5:45 am Poems

তোমাৰ মুগা বৰণীয়া শিলবোৰে


জোনমণি দাস

(যুগজ্যোতি দাসলৈ)

মুগা বৰণীয়া শিলবোৰে এই কথা জানে

অথচ আমিহে নাজানো

এই অনন্ত যাত্ৰাৰো এদিন অন্ত পৰিব৷

চোৱাঁ কবি, যুগজ্যোতি

দোৰোণ ফুলবোৰে আমাক চাই আছে

ফুলবোৰৰ চকুত সেয়া কিহৰ ৰাগি!

ওংকাৰ ধ্বনিক বাদ দিয়ো শুনিছোঁ আমি

‘ত্ৰয়ম্বকম যজামহে সুগন্ধি পুষ্টিবৰ্ধনম’

অনন্ত কোটি ব্ৰহ্মাণ্ডত এতিয়াও

পুৱাবলৈ বাকী আছে অনেক ৰাতি

চোৱাঁ কবি, যুগজ্যোতি

ৰাগি লগা ফুলবোৰৰ চকুত সেয়া

মহাকালৰ অমিতাভ দ্যুতি…

দেৱ-দুন্দুভি শুনিছানে কবি!

তোমাৰ মুগা বৰণীয়া শিলবোৰে উচ্চাৰণ কৰিছে–

‘উৰ্বাৰু কামিৱ বন্ধনাম

মৃত্যুৰ মোক্ষীয় মামৃতৎ’

আহাঁ কবি, আমি শব্দৰ সিন্ধু মথোঁ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close