Written by sdblogs2011 4:28 am Poems

বসন্তৰ চহৰত তুমি মোৰ বিষণ্ণ প্ৰেয়সী

 ৰুদ্ৰ সিংহ মটক

কুঁহিপাতৰ কেনভাছত খোদিত আলফুল হাজাৰ

আৱেগ আৰু এটা অশান্ত ধুমুহাৰ নাম বসন্ত

ৰূপ-বৰ্ণ উদ্ভাসিত ৰঙা ফুল আৰু উদ্বেল জোনাকৰ

হাতবাউল দেখি হৃদয়ত ৰু-ৰুৱাই জ্বলি উঠা আদিম

একুৰা জুইৰ নাম বসন্ত।

কেতেকীজনীৰ বুকুত শুই থকা নীলা সাগৰখনৰ নাম বসন্ত।

তুমিতো জানা

অশ্ৰু আৰু কুঁৱলিৰ এই প্ৰাচীন চহৰখনৰ নামেই বসন্ত।

বুজাব নোৱাৰা বিষাদ আৰু এন্ধাৰৰ এই অৰণ্যখনৰ নামেই হয়তো

বসন্ত।

মনে মনে জ্বলি উঠা মোৰ প্ৰেয়সীৰ বুকুৰ নীলা ঢৌবোৰ দেখিলে

তুমি মাথো চিৎকাৰ নকৰিবা।

তাই তোমাক হেঁপাহতে ‘সোণ’ বুলি নামাতিলে

অভিমানত  উচুপি নুঠিবা নৈ-কাষৰ সেই বৰ আঁহতজুপিৰ তলত।

মোৰেই শপত, দুৱাৰ বন্ধ কৰি তুমি

আমন-জিমনকৈ কোঠাৰ ভিতৰত সোমাই নাথাকিবা।

পদূলিমুখৰ সেই ফুলা বকুলজুপিৰ তলতে পৰ দি থাকিবা।

সুগন্ধৰ ভৰত ফুলা বকুলবোৰ হঠাৎ সৰি পৰিব‌ তোমাৰ গাত

তোমাৰ চোতালত।

দেখিবা তুমি দক্ষিণৰ চটাই পৰেবত পাৰ হৈ ঢপলিয়াই আহিব কাজলৰঙী আকাশখন।

লগে ভাগে আহিব পকা থেৰেজুবুলীয়া বৰদৈ-ধুমুহাজাক।

প্ৰেম বৰষুণত তিতিব উচপিচ্ কলিজাৰ বাখৰুৱা  আখৰ।

তাইৰ ওঁঠৰ বৰ্হমথুৰি লাগি তুমি ক’ব নোৱাৰাকৈয়ে

ৰঙা-শিমলুবুলীয়া হ’ব চিৰ বিষণ্ণ  তোমাৰ বসন্তৰ চহৰ।

                ০০০

ঠিকনা

অম্বিকাগিৰি নগৰ,

হাউছ নং তিনি,  ত্ৰিবেণী পথ,

গুৱাহাটী,  পিন-৭৮১০২৪,

ফোন নং -৭০০২৩০৩৮৮২

Visited 2 times, 1 visit(s) today
Website |  + posts
Close