
দৰ্শনৰ কাহিনী: উইল ডুৰাণ্টৰ দৃষ্টিৰে
ড° গিৰীশ বৰুৱা। সব্যসাচী, যোৰহাট, ২০১৯আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰি দাৰ্শনিক চিন্তা-চৰ্চাৰ বাবে সমগ্ৰ পৃথিৱীতে খ্যাতি অৰ্জন কৰা ড° উইল ডুৰাণ্টৰ প্ৰখ্যাত পুথি The Story of Philosophy ইতিমধ্যে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল নীলিমা দত্তই। মূলৰ বিশাল গ্ৰন্থখনৰ বিশেষ আকৰ্ষণ হৈছে প্লেট’ৰ পৰা জন ডিবিলৈকে বিভিন্ন সময়ৰ দাৰ্শনিকসকলৰ চিন্তা-চৰ্চাৰ এক বিস্তৃত পৰিক্ৰমা। দেৰগাঁও কমল দুৱৰা কলেজৰ দৰ্শনশাস্ত্ৰৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট চিন্তাবিদ ড° গিৰীশ বৰুৱাই ডুৰাণ্টৰ পুথিখনৰ সাৰবস্তুখিনি নিজৰ দৃষ্টিভঙ্গীৰে অসমীয়া পাঠক সমাজৰ উদ্দেশ্যে সোৱাদ ভাষাৰে দাঙি ধৰিছে এই কিতাপখনত। প্ৰথম অধ্যায়টোৰ শীৰ্ষক ‘দৰ্শন কি? উইল ডুৰাণ্টৰ দৃষ্টিৰে’-ত কিতাপখনৰ সামগ্ৰিক চৰিত্ৰটোৰ আভাস দাঙি ধৰা হৈছে। তাৰ পাছতে পুৰণি কালত গ্ৰীচদেশৰ এথেঞ্চত কেনেদৰে দাৰ্শনিক চিন্তা-চৰ্চাৰ এক পৰিকল্পিত ব্যৱস্থাপনা গঢ়ি উঠিছিল সেই সম্পৰ্কীয় আলোচনাৰ পৰা জন ডিবিৰ দাৰ্শনিক চিন্তা-চৰ্চা পৰ্যন্ত দাঙি ধৰা হৈছে। এক প্ৰকাৰ ভুৰুকাত হাতী ভৰোৱাৰ দৰে অধ্যাপক বৰুৱাই এই গ্ৰন্থখন প্ৰণয়ন কৰি উলিয়াইছে। গ্ৰন্থখনৰ প্ৰধান আকৰ্ষণ হৈছে ইয়াৰ আঁৰ নলগা ভাষাভঙ্গীত। পাঠকে অনায়াসে দৰ্শনৰ বহু জটিল কথাও এই পুথিখনৰ যোগেদি উপলব্ধি কৰিবলৈ সক্ষম হ’ব।

অসমীয়া লিট্ল মেগাজিন আৰু অন্যান্য প্ৰসঙ্গ
প্ৰকল্প ৰঞ্জন ভাগৱতী। ক্ৰান্তিকাল, নগাঁও, ২০২০সৰ্বমুঠ তেৰটা প্ৰবন্ধৰ সংকলন ‘অসমীয়া লিটল মেগাজিন আৰু অন্যান্য প্ৰসঙ্গ’। ইয়াৰে প্ৰথম প্ৰবন্ধটোৱেই লিট্ল মেগাজিন বিষয়ক। আমাৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ সমাজ জীৱনত ‘লিট্ল মেগাজিন’ এটা এৰাব নোৱৰা অঙ্গৰ দৰে। বিশেষকৈ বঙ্গৰ বৌদ্ধিক জাগৰণ আৰু মুক্ত চিন্তাৰ বিকাশত লিট্ল মেগাজিনবোৰৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ব্যৱসায়িক আলোচনীৰ পাঠকৰ ৰুচিবোধক সন্তুষ্ট কৰা দৃষ্টিভঙ্গীৰ বিপৰীতে লিট্ল মেগাজিনবোৰে পাঠকৰ দৃষ্টিভঙ্গী শাণিত কৰাত বিশেষ গুৰুত্ব দিয়ে। অসমীয়া ভাষাত প্ৰকাশিত অতীত আৰু বৰ্তমানৰ লিট্ল মেগাজিনৰ ঐতিহ্যটোক নিজা দৃষ্টিভঙ্গীৰে লক্ষ্য কৰিছে প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে। সাম্প্ৰতিক সময়ৰ সচেতন অসমীয়া লেখকসকলৰ ভিতৰত প্ৰকল্প ৰঞ্জন ভাগৱতীও এজন গুৰুত্বপূৰ্ণ লেখক। কিতাপখনৰ আন আন প্ৰবন্ধবোৰো গুৰুত্বপূৰ্ণ। বিশেষকৈ অসমীয়া দৈনিক কাকতসমূহৰ দেওবৰীয়া পৰিপূৰিকা সম্বন্ধীয় প্ৰবন্ধটো আৰু অসমীয়া জাতীয়তাবাদ সম্পৰ্কে গৱেষণামূলক অধ্যয়নক সামৰি লিখা প্ৰবন্ধটোৱে বিশেষ গুৰুত্ব বহন কৰিছে।

কায়াকল্পৰ বেলা
সমীৰ তাঁতী। আঁক-বাক, গুৱাহাটী, ২০১৯২০১৩ চনতে প্ৰকশিত সমীৰ তাঁতীৰ ‘কায়াকল্পৰ বেলা’ সাম্প্ৰতিক সময়ৰ অসমীয়া ভাষাৰ এখনি উল্লেখযোগ্য কবিতাপুথি। পুথিখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। সমীৰ তাঁতীৰ কাব্য অভিজ্ঞতা বহু বৰণীয়া। যুদ্ধৰ নামত প্ৰতাৰিত মানৱতাক লৈ প্ৰথম অৱস্থাত তেওঁৰ কাব্যদৃষ্টি গঢ় লৈছিল। সেয়া আছিল বহু নেতিক লক্ষ্য কৰি কবিৰ মনত গঢ় লোৱা এক প্ৰকাৰ নৈৰাশ্যবোধ আৰু বিদ্ৰোহৰ মনোভাব। কিন্তু মানৱতাৰ কাষত সদায়ে যুদ্ধ পৰাস্ত হোৱা দেখি দেখি পাছলৈ তেওঁ হৈ উঠিছে পৰম আশাবাদী। পৃথিৱীখন কেৱল শক্তিধৰৰ বাবেই নহয়, আটাইৰে বাবে— ঘাইকৈ এই দৃষ্টিভঙ্গীকে কবিতাৰ মাজেৰে বাৰম্বাৰ ঘোষণা কৰিছে কবি তাঁতীয়ে। ভাবনা আৰু ভাষাৰ যুগপৎ সন্মিলনৰ ফলত তেওঁৰ প্ৰতিটো কবিতাই হৈ উঠিছে উপাদেয়। বহু গধুৰকো জোকাৰি উপলব্ধি কৰা মধুৰ স্মৃতিময়তা আৰু ভৱিষ্যৎ সম্পৰ্কীয় এক বিশাল আশাবাদী দৃষ্টিভঙ্গীয়ে কবি তাঁতীৰ কবিতাসমূহক কৰি তুলিছে প্ৰতিজন কাব্যৰসিকৰে আপোন।

বিজ্ঞানীৰ ধৰ্মনিষ্ঠা আৰু অন্যান্য ৰচনাৱলী
অৰূপ কুমাৰ গোস্বামী। সব্যসাচী, যোৰহাট, ২০১৮আগশাৰীৰ অসমীয়া আলোচনীকেইখনৰ পাতত প্ৰায়ে অৰূপ কুমাৰ গোস্বামীয়ে বিভিন্ন বিষয়ৰ চিন্তাসমৃদ্ধ প্ৰবন্ধ লিখি অসমীয়া পাঠক সমাজক সমৃদ্ধ কৰি আহিছে। বিভিন্ন আলোচনীত প্ৰকাশ পোৱা তেওঁৰ চৈধ্যটা প্ৰবন্ধৰ সংকলন ‘বিজ্ঞানীৰ ধৰ্মনিষ্ঠা আৰু অন্যান্য ৰচনাৱলী। বিশেষকৈ ভাৰতবৰ্ষৰ সুদীৰ্ঘ আধ্যাত্মিক পৰম্পৰা, ধৰ্মাশ্ৰয়ী মানুহৰ জীৱনৰ প্ৰেক্ষাপটত বিজ্ঞান-প্ৰযুক্তি, বিজ্ঞানীৰ ধৰ্মনিষ্ঠা, ভিন্ ভিন্ প্ৰকৃতিবিজ্ঞান আৰু বৈজ্ঞানিক অনুসন্ধানৰ বিভিন্ন দিশ, ঈশ্বৰতত্ত্ব আৰু পদাৰ্থবিজ্ঞানৰ কঠোৰ স্বৰূপৰ বিপৰীতে কৌতুকধৰ্মী সাহিত্যিক মনোভঙ্গী সম্পৰ্কীয় প্ৰবন্ধকেইটা কিতাপখনৰ বিশেষ সম্পদ। কেইবাটাও প্ৰবন্ধ সাহিত্য বিষয়ক। আনহাতে অসমীয়া জাতীয় অভিধানৰ পাতনিখনক লৈ লিখা এটা বিশ্লেষণধৰ্মী প্ৰবন্ধও কিতাপখনত সংকলিত হৈছে। সৰ্বোপৰি, গ্ৰন্থকাৰে কাল্পনিকভাৱে কাৰ্ল মাৰ্ক্স আৰু মহাত্মা গান্ধীৰ এক বাৰ্তালাপ ৰচনা কৰিছে যাৰ মাজত দুয়োজন চিন্তানায়কৰ চিন্তাৰ দাৰ্শনিক পোতন কিমান সেয়া উন্মোচিত হৈছে। এখন অৱশ্যপঠনীয় কিতাপ।

ৰাগমালা আৰু বিষাদৰ গান
দেৱাঙ্গপ্ৰিয় দত্ত। আঁক-বাক, গুৱাহাটী, ২০১৮এজন বিশেষ মননদৃষ্টিসম্পন্ন কবি তথা সমালোচক বুলি দেৱাঙ্গপ্ৰিয় দত্তৰ নাম আছে। তেওঁৰ কবিতাৰ সংখ্যা তাকৰ, কিন্তু সেই তাকৰীয়া কবিতাখিনিতে কবি হিচাপে তেওঁৰ ওজন প্ৰমাণিত হৈছে। ‘ৰাগমালা আৰু বিষাদৰ গান’ তেওঁৰ প্ৰথম প্ৰকাশিত পুথি। আপাততঃ তেওঁক অতীতপৰায়ণ কবি বুলিব পাৰি, কিন্তু তেওঁৰ অতীত বিচৰণ অসমীয়া কবিতাত চিৰাচৰিতভাৱে দেখা অতীত বিচৰণ নহয়। গভীৰ অধ্যয়নৰ পৰা লাভ কৰা বিভিন্ন অনুষঙ্গ তেওঁৰ কবিতাত জীন গৈছে। ভাৰতীয় চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে বিশ্বসাহিত্যৰ পৰা বুটলি অনা প্ৰাসঙ্গিক প্ৰপঞ্চ কিছুমান তেওঁ গাঁথি উলিয়াইছে কবিতাৰ ৰূপত। পুথিখনত তেওঁ নিজৰ কবিতাৰ ভিত্তি সম্পৰ্কে প্ৰায় আঠ পৃষ্ঠাৰ এখন ৰচনাও সংযোজিত কৰিছে যিখনে বহু সময়ত পাঠকক বাট দেখুৱাব। পিছে ৰচনাখনে পাঠকৰ মনত কিবা ধাৰণা আৰোপ কৰাৰো আশঙ্কা আছে। অসমীয়া সাম্প্ৰতিক কবিতাত সততে শুনিবলৈ নোপোৱা এক ধৰণৰ বিশেষ ৰোমান্তিক গীতিময়তাও তেওঁৰ কবিতাসমূহৰ মাজত অনুভূত হয়।

কাগজফুল ১ (বিষয়: কবিতা)
প্ৰাঞ্জল শৰ্মা বশিষ্ঠ। সম্প্ৰীতি, গুৱাহাটী, ২০১৮বৰ্তমান সময়ৰ অসমীয়া ছিৰিয়াছ গদ্যলেখকসকলৰ মাজৰ এজন হৈছে প্ৰাঞ্জল শৰ্মা বশিষ্ঠ। সাহিত্য সমালোচনা, গল্প আৰু কবিতা এই তিনিওখন জগততে তেওঁৰ বিচৰণ খুব স্বয়ংসম্পূৰ্ণ। ভিন্ ভিন্ সময়ত বিভিন্ন কাকত-আলোচনী তথা নব্য মাধ্যমত তেওঁ লিখা কবিতা সম্পৰ্কীয় লেখাৰ সংকলন ‘কাগজফুল ১’। সৰ্বমুঠ উনত্ৰিছটা লেখাৰ সংকলন এই কিতাপখন। ইয়াৰে কেইটামান লেখা পৰিপূৰ্ণ ৰূপত প্ৰবন্ধ, আন কেইটামান গ্ৰন্থৰ পাতনিস্বৰূপে লিখা, দুটামান গ্ৰন্থ সমালোচনা বা সমীক্ষা হিচাপে লিখা আৰু এটা তেনেই প্ৰাথমিকভাৱে সামাজিক মাধ্যম ‘ফে’চবুক’ত এখন গ্ৰন্থ সম্পৰ্কে লিখা এটা টোকা। প্ৰকশিত লেখাসমূহত প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ গভীৰ আৰু বিস্তৃত অধ্যয়নৰ পৰিসৰ উপলব্ধি কৰিব পাৰি। গ্ৰন্থখনৰ য়েট্ছৰ প্ৰসঙ্গক অসমীয়া কবিৰ সৈতে তুলনামূলকভাৱে কৰা অধ্যয়নসমৃদ্ধ প্ৰবন্ধ দুটাৰ লগতে ক্ৰমে ইংলেণ্ডৰ কবি ৰোজাৰ মেক্গ্ৰাফ আৰু আয়াৰলেণ্ডৰ কবি ছীমাছ হীনি সম্পৰ্কীয় প্ৰবন্ধকেইটা বেছ আকৰ্ষণীয় আৰু নতুন চিন্তাৰে পৰিপূৰ্ণ। কিতাপখনত বেজবৰুৱা, ৰঘুনাথ চৌধাৰী, দেৱকান্ত বৰুৱাৰ পৰা নীলমণি ফুকন হৈ তেওঁ প্ৰতিম বৰুৱা আৰু তীৰ্থজ্যোতি বৰাৰ সময়লৈকে কেইবাজনো অসমীয়া কবিৰ কবিতাৰ সংক্ষিপ্ত কিন্তু সূক্ষ্ম আলোচনা আগবঢ়াইছে।

পাঠ আৰু বীক্ষণ
ভাস্কৰজ্যোতি নাথ। অসম পাবলিচিং কোম্পানী, গুৱাহাটী, ২০১৯অসমীয়া সাহিত্যত সমালোচকৰ সংখ্য কম আৰু সমালোচনাৰ মান গভীৰতাবিশিষ্ট নহয় বুলি প্ৰায়ে শুনা যায়। কিন্তু কোনো প্ৰাতিষ্ঠানিক পৃষ্ঠপোষকতা নোহোৱাকৈহে অসমীয়া সাহিত্যৰ সমালোচনাৰ ধাৰাটো বৰ্তি আছে। ব্যক্তিগত আগ্ৰহৰ ফলতে সমালোচকসকলে যথাসম্ভৱ কাম কৰি আহিছে। সমালোচকৰ শ্ৰমৰ তুলনাত গ্লেমাৰো কম। গতিকে সমালোচনাৰ প্ৰতি আগ্ৰহো কম। এনে পৰিৱেশতো এজন নতুন সমালোচকৰ বলিষ্ঠ আত্মপ্ৰকাশ আমাৰ সাহিত্যৰ বাবেই এক শুভ ঘটনা। ‘পাঠ আৰু বীক্ষণ’ শীৰ্ষক প্ৰথমখন গ্ৰন্থৰে আত্মপ্ৰকাশ কৰা ভাস্কৰজ্যোতি নাথে পৰিচয় দিছে প্ৰচুৰ অধ্যয়নশীলতা আৰু গভীৰতাবিশিষ্ট চিন্তাবৃত্তিৰ। ইংৰাজী সাহিত্যৰ ছাত্ৰ ভাস্কৰজ্যোতি পেছাগতভাৱে আৰক্ষী বিষয়া। ইংৰাজী ভাষাৰ মাধ্যমেৰে বিশ্বৰ বিভিন্ন সাহিত্য-চিন্তা সম্পৰ্কে অৱগত হৈও নিজা চিন্তাৰে সেইসমূহৰ ইতিবাচকতা-নেতিবাচকতা বিচাৰ কৰিবলৈ যত্ন কৰাটো ভাস্কৰজ্যোতিৰ এটা বিশেষ গুণ। অসমৰ গাঁৱৰ বোকা-পানীৰ গোন্ধ তেওঁ ইংৰাজীৰ যোগেদি বিশ্বৰ আন ভাষাৰ সাহিত্য আৰু সাহিত্যতত্ত্ব অধ্যয়ন কৰোঁতেও নাকৰ আগত ৰাখে। মুঠ চাৰিটা থূলত বিভাজিত সাতাইছটা প্ৰবন্ধৰ সংকলন ‘পাঠ আৰু বীক্ষণ’ নতুনকৈ লিখা-মেলাত আগ বাঢ়িব খোজাসকলে নিতান্তই হাতপুথি হিচাপে গ্ৰহণ কৰিবলগীয়া এখন কিতাপ।

লাঙিজালত মাছ লাগিছে মাছ
আবেদুৰ ৰহমান। পাঞ্চজন্য, গুৱাহাটী, ২০২০আবেদুৰ ৰহমানৰ দ্বিতীয়খন কাব্যগ্ৰন্থ ‘লাঙিজালত মাছ লাগিছে মাছ’। প্ৰথমখন গ্ৰন্থ ‘সপোনত সূৰ্যৰ সন্ধানত’-ৰ যোগেদিয়ে তেওঁ কাব্যৰসিকৰ মনত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। এইখন পুথিত সংকলিত চল্লিছটা কবিতাতো তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলি অনুভৱ হয়। কাব্যানুভূতিৰ প্ৰকাশৰ বেলিকা ভাবানুসাৰী ভাষা নিৰ্মাণ কৰিব পৰাটো আবেদুৰ ৰহমানৰ এটা বিশেষ কৃতিত্ব। ভাবনাৰ গুৰুত্ব অনুসৰি কবিতাৰ বিষয়ক গুৰুত্ব দিয়াটো আবেদুৰৰ এটা বিশেষত্ব। সমসাময়িক বহু কবিৰ তুলনাত এই ক্ষেত্ৰত তেওঁৰ দৰ্শন পৃথক। লিখিত মান্য অসমীয়া ভাষাৰ কালিকাৰ সমান্তৰালভাৱে নামনি অসমৰ বিশেষকৈ নলবৰীয়া উপভাষাৰ লৌকিক কথনশৈলীক তেওঁ মনোগ্ৰাহী ৰূপত কবিতাত প্ৰয়োগ কৰিছে। অত্যধিক অলঙ্কৰণৰ যোগেদি কবিতাৰ সত্তাক পাঠকৰ আঁৰ কৰি ধৰি বৌদ্ধিক তৃপ্তি লাভ কৰাৰ বিকৃত বাসনাও তেওঁ দেখুওৱা নাই। নিজৰ সমাজখনত প্ৰচলিত জনশ্ৰুতি আৰু অন্যান্য প্ৰসঙ্গক নিজৰ পৰ্যৱেক্ষণ, অধ্যয়ন আৰু মননেৰে লব্ধ সত্যৰ (বহু সময়ত সি আপেক্ষিকো হ’ব পাৰে) বাহক হিচাপে গঢ়ি তুলিব পৰাত আবেদুৰ ৰহমানে দক্ষতা প্ৰদৰ্শন কৰিছে। এইখন গ্ৰন্থৰ যোগেদি আবেদুৰ ৰহমান অসমীয়া কাব্যজগতত স্থায়ী নাম হৈ ৰ’ব।-সম্পাদনা কক্ষ, অন্যযুগ
