Written by sdblogs2011 3:23 am Articles

সাগৰ

সমীৰণ হাজৰিকা

নদীখনত পানী বাঢ়িয়েই আছে৷ মেচিন নাওখনত মানুহবোৰে ইস্-আস্ কৰি আছে৷ তাতে এজন ল’ৰাই মানুহে বেছিকৈ ভয় খুৱাকৈ হোৱাই-নোহোৱাই কথা কিছুমান কৈ আছে৷ এইবাৰ শেষ, কোনো বাচি নাথাকোঁ, আমাৰ নাওখনো বুৰিব৷ মোৰ খং উঠিছে, তথাপি নিজকে নিয়ন্ত্ৰণ কৰি আছোঁ৷ 

ইমান নিগেটিভ মনৰ মানুহ থাকেনে? দেখিছেই নাওখনত সৰু ল’ৰা-ছোৱালীৰ পৰা বুঢ়া-বুঢ়ীলৈকে বিভিন্ন বয়সৰ মানুহ আহিছে, সকলোৰে মনত নিশ্চয় নিজা নিজা ঘৰ-পৰিৱেশক লৈ চিন্তা। তথাপি সকলো বহি আছে৷ এনে পৰিস্থিতিত অলপ গঠনমূলক, সাহসী ভাবৰ কথাহে ক’ব লাগে৷ বাঢ়নী পানীৰ কোব দেখি নাৱতে থকা সৰু ল’ৰা-ছোৱালী দুটামানৰ কান্দোন আৰম্ভ হৈছেই৷ সকলোৱেতো পৰিৱেশটো দেখিয়েই আছে, গম পাইছে৷ পৰিস্থিতি দেখি সকলোৱে ইতিমধ্যেই ভয়-সংশয়ত ভুগিছেই। তাতেই আকৌ এইজনে এইবোৰ কৈ আছে৷ 

মই নাওখনৰ চালৰ ওপৰলৈ গ’লোঁ৷ কিনকিনীয়া বৰষুণ পৰিয়ে আছে৷ পিছে, মোৰ একো অনুভৱেই হোৱা নাই৷ এঘণ্টামানৰ পাছত পাৰ পালোঁহি৷ দাদা এজন আহিল আৰু মোক লৈ গ’ল৷ বাটত কাৰো মাত-বোল নাই৷ 

দেউতাৰ শেষ সময়৷ মোক চাব বিচাৰিছে৷ মই যেনেকৈ আছিলোঁ তেনেকৈয়ে গুচি আহিলোঁ৷ ঘৰখনত বিভিন্ন মানুহৰ অহা-যোৱা চলি আছে৷ দেউতা শুই আছে। কাষতে বহিলোঁ মই৷ মই আহিছোঁ বুলি দাদায়েই দেউতাক ক’লে৷ দেউতাই যেন বহুত কষ্ট কৰি চকু মেলিলে, মোলৈ চালে আৰু আকৌ টোপনি গ’ল৷ 

এইকেইদিন মই বহুত ছাটি-ফুটি কৰি আছিলোঁ৷ ক’তো মন বহা নাছিলেই, ভয় লগা সপোন কিছুমানো দেখি আছিলোঁ৷ সেইবোৰ চাগৈ দেউতাৰ অসুখৰে ইঙ্গিত আছিল৷ দেউতাৰ কাণৰ কাষত বাবা বুলি মাতিলোঁ মই৷ তেওঁ আকৌ অকণমান চকু মেলিলে, মোক চালে৷ দেউতাৰ কাষত বেছি সময় বহি থাকিব নোৱাৰিলোঁ, মোৰ কি হৈছে, ঘৰখনত কি হ’বলৈ গৈ আছে মই যেন একোকে বুজিব পৰা নাই। শেষত ওলাই আহি নিজৰ কোঠাত সোমালোঁহি৷ 

খিৰিকীখন খুলি দিলোঁ৷ চিনাকি‍ নদীখন যেন সাগৰ হৈ পৰিছে৷ সকলোতে পানী৷ ইপাৰ-সিপাৰ নাই৷ শৈশৱৰ কিছুমান কথা মনত আহিল৷ বেতৰ কোবতেই পঢ়াৰ আদিপাঠ মোৰ৷ কেতিয়াবা কঁঠালপাতৰ চকৰী, কেতিয়াবা কাগজৰ চিলা উৰুওৱাৰ দুৰন্ত হেঁপাহ৷ পিছে, আইতাৰ সাধু শুনা নাই, মাৰ নিচুকণি গীতহে শুনিছিলোঁ৷ সেউজীয়া ঘাঁহনিত শুই আকাশলৈ চাই ভাবিছিলোঁ— সৌ চাপৰিটোৰ কাষতেই আকাশৰ সীমা শেষ৷ পিছে, চাপৰিটোৰ কাষলৈ যাওঁ, আকাশৰ সীমা দেখোন নাপাওঁহে নাপাওঁ৷ 

সেই দিনবোৰ ভাল আছিল৷ মাৰ চাদৰৰ আঁচলত ধৰি সন্ধিয়া ধাননি পথাৰত চাকি দিবলৈ যাওঁ৷ কেতিয়াবা ঔটেঙাৰ বাকনি, কেতিয়াবা মাটিচাকি৷ মোতকৈও ওখ হোৱা সেউজীয়া ধাননি, ধাননিৰ মাজত থকা চৰাইবোৰ, মোৰ শৈশৱৰ নিত্যসঙ্গী আছিল৷ কোঠাতে থকা দেউতাৰ চাইকেলখনত চকু পৰিল৷ 

চাইকেলখনৰ চকা দুটা ফটাকানিৰে মচি, পাম্প আছেনে নাই চাই, স্কুললৈ ওলাই যায় তেখেত৷ চাইকেলখন বহুত আপোন তেখেতৰ৷ নিজৰ ঘৰত মটৰ চাইকেল থকা অৱস্থাতো চলাবলৈ নিশিকি চাইকেলখন লৈ বজাৰ-স্কুললৈ যায়৷ সাধাৰণতে তেখেতে চাইকেলখন কাকো চুবলৈ নিদিয়ে৷ পিছে, এদিন মই স্কুলৰ পৰা আহি একো নোখোৱাকৈয়ে মনে মনে ভঁৰালৰ কাষতে ৰখা চাইকেলখন লৈ চলাবলৈ লওঁতেই পদূলিৰ সন্মুখত থকা কঁঠালজোপাত খুন্দা মাৰি চাইকেলৰ চকা বেঁকা হ’ল আৰু মোৰ  আঁঠুৰ ছাল অলপ এৰাল৷ তেখেতে কথা কম কয়৷ তেখেত ওলাই আহিল, পিছে পিছে মা৷ চকুপানী আৰু আঁঠুৰ পৰা তেজ ওলাই থকা মোক, অলপ সময় চালে আৰু ক’লে— এয়া মাথোঁ আৰম্ভণিহে, বহুত আহিবলগীয়া আছে। ইমান সোনকালে কান্দিলে নহ’ব! 

তেতিয়া পিছে মই কথাষাৰৰ অৰ্থ একো বুজিয়েই নাপালোঁ৷ মোৰ চকু কেৱল দেউতাৰ পিছফালে থকা মাৰ হাতৰ বেতডালত আছিল৷ 

মাক হেৰুওৱা দুবছৰ হ’ল ৷ অলপ দিনৰ আগতে সপোনতে মাৰ লগত কথা পাতিছিলোঁ৷

সপোনতেই হৰিনামৰ ধ্বনি। আকাশ-বতাহ মুখৰিত৷ সত্রখন পাৰ হৈ যাওঁতে সত্রৰ সন্মুখতে কঠখনত বহি থকা ভকতজনক দেখি মায়ে মোলৈ চাই ক’লে— উত্তৰ পাৰৰ পৰা অহা মানুহজনে সেই হাবিখনলৈ তৰোৱালখন দলিয়াই দি সত্রৰ পদূলিতে আঁঠু কাঢ়ি বহি আছিল৷ আতায়ে আহি তাতে শৰণ দিলে৷ আজিকালি তেখেতে শান্ত মৌন হৈ ধ্যানতে থাকে। অনৱৰতে। আত্মশুদ্ধিৰ বাবে৷ মাজে মাজে তেখেত গাঁৱে-ভূঞে যায়, চাকি জ্বলায় শুভ্রতাৰ, বাণী বিলায় পোহৰৰ৷

তেতিয়া হ’লে আমি দেখা এই অৰণ্যই পোহৰৰ নাম-কীৰ্তন কৰে৷ মইতো এই অৰণ্য আন্ধাৰতে ডুবি থাকে বুলিয়েই ভাবিছিলোঁ৷  মই ক’লোঁ৷

এই অৰণ্যই আন্ধাৰৰ গানটো গায়ে, পিছে আন্ধাৰেও পোহৰৰ কথাকে কয়৷ আন্ধাৰতেই ৰৈ তৰালিৰ সাধুবোৰ, কথাবোৰ হৃদয়স্পৰ্শী হয়৷ সেই হৰিণাটো দেখিছা ফুটুকীয়া সাজযোৰ যে পিন্ধি তোমাৰ ফালে আহি আছে, তাক চুই চোৱা, প্রকৃতিক অনুভৱ কৰা, প্রশান্তিৰ ঠিকনালৈ যোৱাৰ পথিক তেওঁ৷ মায়ে ক’লে৷

পিছে, সান্নিধ্যৰ ইপাৰ-সিপাৰে মৰীচিকাৰ প্রলাপ৷ মই ক’লোঁ৷

প্রলাপবোৰকতো তুমি চম্ভালিব পাৰিবাই৷ প্রকৃতিৰ কোলাত সকলোৰে এটা শৃংখলা আছেই, বুজি ল’লেই হ’ল৷ ধূলিকণাই ৰামধেনু আঁকিব, উলাহতে পখীটিয়ে বৰষুণত নাচিবহি৷ পখীৰ কাকলিৰ মাজতে বুৰ গৈ থাকিব এই অৰণ্য৷ মায়ে মিচিকীয়া হাঁহিটি মাৰি ক’লে৷

তেন্তে এই অৰণ্য, সাগৰ অনন্য৷ মই মাৰ চকুলৈ চাই ক’লোঁ৷

সপোনৰ কথোপকথনৰ মাজতেই মনলৈ আহিল মা বহুত সোনকালেই গ’লগৈ৷ মই মাত্র তেখেতক জ্বলোৱাৰ আগতে চেঁচা শৰীৰটোহে চুই চাইছিলোঁ৷

ফৰিং এটা জঁপিয়াই আহি মোৰ গাত পৰিলহি৷ দেখিলোঁ মোৰ বাবে থোৱা চাহকাপ টেবুলতেই আছে৷ দেউতাৰ ওচৰত গ’লোঁ৷ তেতিয়া তেখেতৰ কোঠাত আন কোনো নাই৷ মোৰ আগৰ পৰাই দেউতাৰ স’তে কথা কম পতা হয়৷ কিন্তু অলপ দিনৰ আগতে ঘৰলৈ আহোঁতে আবেলি এটাত মোৰ লগত চোতালত বহি তেখেতে জীৱনৰ পাঠ দিছিল, বহু কথা কৈছিলত। সেই কথাবোৰৰ মাজত মই বহু দিনে বিচাৰি ফুৰা বহু প্রশ্নৰ উত্তৰ আছিল৷

মায়াৰ ইমান সৃষ্টি কিয়? কেতিয়াবা কথাৰে, গানেৰে, কবিতাৰে৷ এতিয়া পিছে, উচ্চ শিখৰত থকা কলিজাটোৰে উশাহ লোৱাত অসুবিধা৷ ভাবনাৰ দোলাত মৌনতা৷ কিছুমান ভুলৰ ব্যাখ্যা নাই৷ সময়ৰ সোঁতত সেয়াই শুদ্ধ৷ আৱেগৰ ভৰত অকামিলা হোৱা সেই সময়ৰ অস্তিত্ব কি? মই সুধিলোঁ৷

সাহসৰ দুৱাৰডলিতে পীৰা পাৰি বহা মনটোৱেহে ইয়াৰ উত্তৰ দিব৷ আশীৰ্বাদৰ আয়ুস নাথাকে, ই শাশ্বত৷ ভুলৰ ব্যাখ্যা হৈ যায়, গভীৰ দৰ্শনত৷ দেউতাই ক’লে৷

যাতনাৰ ইমান উন্মাদনা, অহংকাৰ কিয়? আকৌ সুধিলোঁ মই৷

যাতনা! কোনে কয় উন্মাদনা, ইতো উদ্যমৰ ক্ষেত্র৷ পোহৰেৰে আবৃত্ত, সৃষ্টিত সমাহিত, প্রেৰণাৰ উৎস৷ দেউতাই চিনাকি হাঁহিটোৰে উত্তৰ দিলে৷

তেন্তে, ধূলিৰে আবৃত দাপোণত নিজক চোৱাৰ প্রয়োজন কি? মই অলপ উত্তেজিত হৈ সুধিলোঁ৷

অভিজ্ঞতাপুষ্ট, জীৱনৰ প্ৰতিবিম্ব। কম কথা কোৱা মোৰ দেউতাই সহজ ভাষাতে উত্তৰ দিলে৷

আস্… তত্ত্বকথা, গধুৰ দৰ্শন৷ সেইদিনা কথাবোৰ শুনিয়েই কিবা এটা ভাল লাগি গৈছিল৷

মই এইবাৰ তেখেতৰ হাতখন চুই চালোঁ৷ গাঁৱৰে মানুহ দুজন আহিল৷ এজনে ক’লে, সাগৰ, তোমাৰ পছন্দৰ নামঘোষাৰ ঘোষা দুফাকি পাঠ কৰা৷ দেউতাই শোৱাৰ পৰাই হাতযোৰ কৰি সেৱা জনাইছে৷ অলপ সময়ৰ পাছত ঘোষা পাঠ কৰা দুজন গ’লগৈ৷

দেউতাক মই চাই আছোঁ৷ হাতখন বুকুত দি চালোঁ৷ হঠাৎ উশাহটো নাইকিয়া হৈ গ’ল৷ মই দেউতা, দেউতা বুলি কেইবাবাৰো মাতিলোঁ৷ একো মাত-বোল নাই৷

বাহিৰলৈ দৌৰ দিলোঁ৷  বাহিৰতে বহি থকা দাদাক ক’লোঁ— দেউতাৰ কিবা হ’ল? উশাহ লোৱা নাই৷ সকলো দৌৰি আহিল৷ দেউতাক চোতাললৈ উলিয়ালে৷

চাৰিওফালে কান্দোনৰ ৰোল৷ মই পিছে নাকান্দিলোঁ৷ মাথোন নদীখনৰ ফালে চাই মনতে ভাবিলোঁ—  আমি নজনা-নুবুজাকৈ সাগৰসদৃশ নদীখনে সাগৰক বিচাৰি আহিছে৷ এতিয়া বিলীন হোৱাৰহে কথা৷

ঠিকনা

মাজুলী, পিন: ৭৮৫১০৪

ভ্ৰাম্যভাষ: ৮৩৯৯৮৯১৬৯৯ 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close