Written by sdblogs2011 11:32 am Poems

চিনি নোপোৱা দূৰত …

গীতিমণি হাতীমূৰীয়াঅহৰহ বুৰ গৈ আছোঁ কোলাহলত
অথচ আমি নীৰৱতাৰেই নিসংগ

হাঁহি বিলোৱা মানুহবোৰো হঠাৎ
ঈশ্বৰৰ স’তে গুচি যায়।

ব্যস্ততাত খামুচি ধৰি মানুহবোৰে
 নিজকে বিচাৰি নাপায় …

আমি আকাশলৈ চাব নাজানো
শুনিবলৈ পাহৰি পেলাওঁ  চৰাইৰ কাকলি
চাবলৈ ফুলৰ পাহি
পখিলাৰ মিতিৰালি

কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি !

সুখী হ’বলৈকে যে দুখৰ প্ৰয়োজন
পোহৰক নাম দিবৰ ববেই যে আন্ধাৰৰ আয়োজন
তাকো পাহৰি যাওঁ ।

আচলতে বিশ্বাসী এক অন্ধকাৰৰ মাজত আমি
বাৰে বাৰে নগ্ন
নগ্নতাৰ স’তে বাস …

সেয়ে বিশ্বাস নামৰ সাঁকোডাল আমাৰ পৰা
বহু আঁতৰত
চিনি নোপোৱা দূৰত … শ্ৰব্য ৰূপ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close