Written by sdblogs2011 11:32 am Poems

কথকতা

কৌস্তুভমণি শইকীয়া দত্তসঁচাই মিছাই কথা কোৱা
কথকী চৰাই এজাক
মোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।
সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰে
অমুকৰ বাহটো দুষ্প্ৰাপ্য এক ঘাঁহেৰে সজা
তমুকৰ বাহটো ধুমুহাই ভাঙিব নোৱৰা
কাৰোবাৰ বাহটো ভেমেচা
কাৰোবাৰটো হেনো ৰঙীন পলিথিন আৰু কাগজৰ কৃত্ৰিমতাসনা।
(কথাৰ প্ৰকোপত নেদেখাকৈয়ে মই সিহঁতৰ বাহবোৰ দেখোঁ।)

কেতিয়াবা সিহঁতে মানুহৰ কথাও ৰসালকৈ কয়
কোনে ফৰ্মুটি মাৰে
কোনে ছটিয়াই দিয়ে এমুঠি মচুৰ দাইল।
বেমাৰৰ ভয়ত লক্‌ডাউনত থকা মানুহৰ কথা কৈ কৈ সিহঁতে কিচিৰ-মিচিৰকৈ হাঁহি পাখি কঁটালে।
মানুহে চলোৱা উৰাজাহাজৰ কথা কৈও বৰ আমোদ পায়।
মোক তাচ্ছিল্য কৰি আকাশত এপাক উৰি দেখুৱায়।
প্ৰকৃতিক বুজিবলৈ পৰিৱেশ বিজ্ঞান পঢ়াটো সিহঁতে বৰকৈ হাঁহে।
ব’টানি-জুলজিৰ প্ৰকাণ্ড কিতাপবোৰত লিখা কথাবোৰো হেনো 
চৰাই পোৱালিবোৰে পাখি নৌগজোঁতেই জানে।
সভ্যতাত পিছপৰা মানুহৰ উন্নয়নৰ বাবে আলোচনাচক্ৰ পাতে, মোৰ সমুখতে।
(মোৰ সঁচাই লাজ লাগে।)

চটফটীয়া যৌৱনা দুটিমান আহি
অদৰকাৰী কথা চোবায়-
এইবেলি উমনিত সহায় নকৰাটোক
অহাবেলিলৈ হেনো ঘূৰিকে নাচায়।
পৰচৰ্চাৰ কোৰ্হাল প্ৰহৰত মই কথাছবিৰ মনোৰঞ্জন পাওঁ
(সিহঁতৰ সুৰীয়া কাকলি যেন বোলছবিৰহে গীত!)
বোধকৰোঁ মোৰ দৰে মানুহক চঞ্চল কৰি
তোলাই সিহঁতৰ প্ৰধান কাম ।

এদিন এটা গহীন চৰাই আহি
মাত লগালেহি – শুনিছা নে নাই
চৰাইৰ কোনো শ্মশান বা কবৰস্থান নাই
মানুহ ইমান মৰে নে.. নমৰে নেকি চৰাই!
(কিছু কথাৰ আগো নাই গুৰিও নাই)

মোৰ চৌপাশে
সঁচাই মিছাই কথা কোৱা
কথকী এজাক চৰাই ।
***শ্ৰব্য ৰূপ

Visited 5 times, 1 visit(s) today
Website |  + posts
Close