(উৎসৰ্গঃ নীলপৱন বৰুৱা)
বিপুল কুমাৰ দিহিঙীয়া
ঠিক দুপৰ নিশাৰ কথা
যীশুক ক্ৰুচত দিয়াৰ পাছত
জেৰুজালেমত পোহৰ। ৰঙা পোহৰ
ওখ ওখ পাইন গছবোৰে মাজৰাতি
নিচুকাৰ পাছত কাষতে পৰি থকা
জঠৰ শিলাবোৰে ক’লে–
কোনে কোনে অ’ তহঁতৰ টোপনি কাঢ়িল
মাইকেলেঞ্জেলো।
শিলাবোৰ এইবাৰ কঁপিল ঠক্ ঠককৈ
নিয়ৰৰ টোপালবোৰে ক’লে–
তহঁতক জীৱ দিব
কঁপ কিয়?
আন্ধাৰত পোহৰৰ বিন্দু এটা হৈ
মোৰ বন্ধু মাইকেলেঞ্জেলো আগবাঢ়িল ক্ৰমশঃ
ডেভিদে পাৰ পালে। শিলে কথা ক’লে
পীয়েটা গাভৰু হ’ল
পাইন গছবোৰ ৰাতিপুৱাৰ ধলফাটত
সোণালী হ’ল
শিলাবোৰ কালি দেখাতকৈ
আজি অলপ হ’লেও বেলেগ হ’ল
মাইকেলেঞ্জেলো ক্ৰমশঃ
মোৰ পৰা আঁতৰি গ’ল
এতিয়া পোহৰ হ’ল
গোটেই ব্ৰহ্মাণ্ড।শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
