Written by sdblogs2011 11:27 am Poems

ভোক অথবা এই অন্ধকাৰ কালবেলা

ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ
ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা
অন্ধকাৰ কালবেলা

ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতক
ভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহা
ভয়
সন্ত্ৰাস
বিধস্ত অৰ্থনীতি
মৃত্যুৰ অচিন মহামাৰি‍

ভোকত বনৰীয়া কচু খাই চুবুৰীয়া ৰহমত চাচা মৰাৰ দিনা মই
আজাৰাৰ বাইজনীৰ ঢেঁকীয়াৰ আঙুলিবোৰ ভয়ে ভয়ে চুই চাইছিলোঁ

তেওঁ হয়তো কৈশোৰতে জানিছিল ভোক নামৰ আদিম দৈত্যটোৰ নিৰ্মম
ঘাতকতাৰ কথা, টুইন টাৱাৰৰ সপোন দেখা আত্মাহীন মহানগৰৰ কথা

তেওঁ হয়তো যৌৱনতে দেখিছিল তেজৰ অথাউনী এন্ধাৰত ক’লা সাপ এটা হৈ নাচি থকা নিজৰেই ছায়া

বিস্ফোৰিত
ভৱিষ্যৎ

বনৰীয়া কচু বিষাক্ত কাঠফুলা খাই অকালতে মৰা কোনো সাংঘাতিক ডাঙৰ কথা
নহয় হেনো, বমি বদহজম তেজ-হাগনি হৈ মৰাও একো ডাঙৰ কথা নহয়
পৃথিৱীৰ মানুহ মাত্রেই মৰণশীল…

গণতন্ত্রই কোনোদিন খুলি চোৱা নাই
ভোক নামৰ কঠিন সত্যৰ কফিনৰ ঢাকনি

ভোকক প’ষ্টমৰ্টেম কৰাৰ স্বাধীনতা দিয়া হোৱা নাই ভাৰতবৰ্ষৰ দৰিদ্ৰ
নৰনাৰায়ণক

তেওঁলোকক দিয়া হৈছে পৃথিৱীৰ বৃহত্তম গণতন্ত্র
তেওঁলোকক দিয়া হৈছে চকু মুদি ভোট দিয়াৰ
পৱিত্রতম স্বাধীনতা

কংকালসাৰ দিনবোৰে জনা হ’লে গণতন্ত্র নীলা পানীৰ চৰিয়াত গা ধোৱা শিয়ালতকৈ ধূৰ্ত
গণতন্ত্ৰ হায়েনা বা বাঘতকৈও হাজাৰ গুণে ভয়ংকৰ

দিনবোৰে চিনি পোৱা হ’লে বমি বিষ্ঠাৰ বাহিৰে একোকে ত্যাগ কৰিব নজনা ভোগবাদৰ
ঈশ্বৰহঁতক
ছদ্মবেশী যীশুহঁতক

ভালেই আছিল, হয় ভালেই আছিল দিনবোৰে চিনি পোৱা হ’লে বুকশ্বেলফত
হাঁহি হাঁহি বহি থকা আমাৰ দৰে বৰটোকোলা বুদ্ধিজীৱীহঁতক

০০০

ঠিকনা:লাৰিকা গ্ৰীনভেলী, এয়াৰপোৰ্ট ৰোড্,

হাতখোৱাপাৰা-৭৮১০১৭আজাৰা, গুৱাহাটী।

ভ্ৰাম্যভাষ: ৭০০২৩০৩৮৮২শ্ৰব্য ৰূপ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close