Written by sdblogs2011 10:50 am Articles

তুমি

 গীতালি বৰা


I desire the things

which will destroy me in the end

                    — Sylvia Plath

এই যাত্ৰাৰ শেষ নাই৷ 

শূন্যতাৰ এই সুৰংগ অনন্ত৷ কিন্তু এই সুৰংগৰ শেষত ৰমক-জমক ফুলেৰে ভৰা জক্‌মকীয়া এক উপত্যকা আছে বুলি আমাক কোৱা হয়৷ ভ্ৰমৰ সেই উপত্যকাৰ প্ৰতি হেঁপাহ থকাৰ বাবেই ক’ৰবাত আমি থমকি ৰৈ কাৰোবাক চকুলৈ চাব খোজোঁ: কাৰোবাৰ হাতৰ দীঘল আঙুলিবোৰৰ ফাঁকত আমাৰ নিৰ্জন-কাতৰ আঙুলিকেইটা গুজি দিব খোজোঁ৷ কিজানি জুনুককৈ বুকুৰ ভিতৰৰ নিজানত কিবা এটা বাজি উঠে ! 

ভালপোৱাৰ অন্বেষণ অন্তহীন ভ্ৰম৷ এই কথা মই জানিছিলোঁ৷ কেতিয়াৰ পৰা জানিছিলোঁ এতিয়া আৰু মই মনত পেলাব নোৱাৰোঁ৷ অথচ মোৰ মনত আছে মোৰ প্ৰিয় গানবোৰে, মোৰ প্ৰিয় কবিতাবোৰে বাৰে বাবে মই ভ্ৰম বুলি ভবা সেই অনুভৱৰ কথাই কৈছিল৷ যদিও নিৰন্তৰ মই আওৰাইছিলোঁ  ৰুশোফুকোৰ সেই প্ৰিয় মেক্সিমঃ ‘ভালপোৱা আৰু ভূত একে’, গান আৰু কবিতাৰ মায়ামনা অনুভৱবোৰে মাজে মাজে মৰুৰ দৰে শুকান মোৰ বুকুখন জীপাল কৰি তুলিছিল৷ 

আৰু ঠিক তেনে এটা দিনতে মোৰ সকলো বন্ধুৰ দৰে ‘ভালপোৱা আছে’ বুলি মোক পতিয়ন নিয়াবলৈ যত্ন কৰাৰ পৰিৱৰ্তে তুমি অনায়াসে কৈ উঠিছিলঃ ‘ধুৰ ! প্ৰেম বুলি পৃথিৱীত একো নাইঃ যদি কিবা আছে, সেয়া কম্পিটিবিলিটি৷’ 

মোৰ ভাল লাগিছিল৷

মোৰ দৰে এনেদৰে ভবা মানুহো যে কোনোবা আছে !

সমগ্ৰ পৰিৱেশটোৱেই মায়াময় আছিল৷ 

ইষ্ট খাচী হিলছৰ ম’ফানলুৰ নামৰ ঠাইখনলৈ আমি কেইজনমান ফুৰিবলৈ গৈছিলোঁ৷ পুৱাটো আছিল ৰঙা-সেউজীয়া৷ ৰ’দৰ ৰংবোৰ গাঢ় সেউজীয়া পাহাৰৰ গাত ঠেকা খাই সমুখৰ লেকটোৰ শান্ত পানীত আচাৰ খাই পৰিছিল৷ হাতত ৰঙা চাহ একাপ লৈ মই লেকৰ ওপৰত সজা বাঁহৰ চাংখনত বহি দুভৰি লেকৰ পানীত ডুবাই আছিলোঁ৷ তুমিও আহি মোৰ কাষতে নীৰৱে বহিলাহি৷ হাঁহি এটা মাৰি সুধিলাঃ ‘কালৈ মনত পেলাইছা?’

এই কথাটো ভাবি মোৰ দুখ লাগিছিল যে মোৰ কাৰোবাক মনত পেলাবলৈ মন গৈছিল অথচ এনে কোনো নাছিল যাক এই পাহাৰী বতাহে হাত বুলাই থকা পুৱাটোত মই মনত পেলাব পাৰোঁ আৰু অলপ যাতনাৰে নিজৰ ভিতৰখনক আপডাল কৰিব পাৰোঁ৷ 

‘ধেই! প্ৰেম-চেমত বিশ্বাস নাই মোৰ৷ কালৈ মনত পেলাম?’

আৰু মোক আচৰিত কৰি তুমিও কৈ উঠিলা : ‘প্ৰেম বুলি একোৱেই নাই৷ যদি কিবা আছে সেয়া কম্পিটিবিলিটী৷’

মোৰ মনত পৰে, ঠিক সেই মুহূৰ্তটোতে তুমি মোৰ বাবে বিশেষ হৈ উঠিছিলা৷

কিন্তু প্ৰেমক বিশ্বাস নকৰা মানেইতো প্ৰেমহীনতা নহয়৷ তুমি ঢুলু ঢুলু চকুৰে মোক তোমাৰ প্ৰেমিকাৰ কথা কৈছিলা৷ ভালপোৱা আৰু শৰীৰৰ মাজৰ দ্বন্দ্বত ক’ৰবাত তোমাৰ বিবেক জিকিছিল৷ তোমাৰ প্ৰেম হেমন্তৰ আকাশত বগা ডাৱৰৰ জোলাবোৰ নিঃশেষিত হোৱাৰ দৰে পমি গৈছিল৷ 

‘যদিহে সেয়া ভালপোৱা নাছিলেই তোমাৰ চকু দুটা সেমেকিছে কিয়?’ বুৰ্বকৰ দৰে সুধিছিলোঁ মই৷ 

‘যি মৰি যায়, শেষ হৈ যায়: সেয়া ভালপোৱা নহয়৷ যদি মোৰ চকু সেমেকিছে সেয়া মোৰ প্ৰেমিকাৰ বাবে নহয়, নিজৰ ভিতৰত বাহ বন্ধা প্ৰেমহীনতাৰ ডাঠ তৰপটোৰ বাবেহে !’ তুমি হাঁহিবলৈ চেষ্টা কৰিছিলা৷ 

কেতিয়াবা মায়াময় প্ৰকৃতিয়ে বৰ আলসুৱাকৈ হাত বুলাই বুলাই যাতনাবোৰ দেগদেগিয়া কৰি পেলায়৷ বতাহে বনজুইক বহু দূৰলৈ বিয়পাই দিয়াৰ দৰে৷ মোৰ এনে লাগিছিল তুমি হাঁহিবলৈ চেষ্টা নকৰা হ’লেই ভাল আছিল৷ তেতিয়া হয়তো তোমাৰ মুখখন ইমান কৰুণ হৈ নুঠিলেহেঁতেন ! কিয় যে কৰুণতা আৰু বিষণ্ণতাৰ প্ৰতি মোৰ চিৰতৰ আকৰ্ষণ আছিল! 

সেইদিনা আবেলি পৰত যেতিয়া আমি লেকৰ পাৰে পাৰে খোজ কাঢ়িছিলোঁ, এটাৰ পিছত এটাকৈ চিগাৰেট জ্বলাইছিলা তুমি৷ কেইটামান হোপা মাৰি তুমি চিগাৰেটটো দূৰলৈ দলিয়াই দিছিলা৷ পুনৰ আন এটা চিগাৰেট জ্বলাই লৈছিলা৷ 

চিগাৰেট হোপাত মই অভ্যস্ত নাছিলোঁ৷ পিকনিকবোৰত, কোনো বন্ধুৰ ঘৰত উদ্‌যাপিত ৭/৮ জনীয়া পাৰ্টিত মই কাৰোবাৰ ওঁঠৰ চিগাৰেট কাঢ়ি আনি এহোপা-দুহোপা মাৰিছিলোঁ৷ মোৰ অৱশ্যে ন-কৈ চিগাৰেট খাবলৈ লোৱা ফুকলীয়া ল’ৰাহঁতৰ দৰে কাহ উঠা নাছিল৷ অনায়াসে মুখেৰে হুপি মই নাকেৰে ধোঁৱা উলিয়াব পাৰিছিলোঁ৷ এই ক্ষেত্ৰত সৰুতে চাইনাছৰ বাবে মায়ে নাকেৰে কুহুমীয়া পানী উজাই মুখেৰে উলিয়াবলৈ দিয়া কথাটোৱে মোক সহায় কৰিছিল বুলি ধাৰণা হয়৷ কেইহোপামান মাৰি তুমি দলিয়াই দিয়া গ’ল্ডফ্লেকৰ শেষ নোহোৱা আধৰুৱা টুকুৰাবোৰৰ বাবে মোৰ বেথা উপজিছিল৷ 

এবাৰ হঠাতে তুমি দলিয়াই পেলাবলৈ লোৱা আধাখোৱা চিগাৰেটৰ টুকুৰাটোৰ ফালে মই হাত আগবঢ়াই দিলোঁ৷ 

‘তুমি চিগাৰেট খোৱা?’

‘কেতিয়াবা খাওঁ৷’ তোমাক আচৰিত হোৱা যেন দেখা গ’ল৷ তুমি টুকুৰাটো মোৰ ফালে আগবঢ়াই দিলা৷ কিন্তু মই দুহোপা মৰাৰ পিছতেই পুনৰ চিগাৰেটটোলৈ হাত মেলিলা৷ মই প্ৰশ্নবোধক দৃষ্টিৰে তোমালৈ চাইছিলোঁ৷ 

মোৰ ওঁঠৰ গুলপীয়া লিপ্‌ষ্টিক লাগি থকা চিগাৰেটটো তোমাৰ হাতত দিবলৈ মোৰ সংকোচ হৈছিল৷ 

গ’ল্ডফ্লেকৰ সেই গোন্ধটোৱে বুকু খান্দি খান্দি আন এক সোঁৱৰণী একে চাবে মোৰ চকুলৈকে বোৱাই আনিব খুজিছিল আৰু বিশেষ একো নাভাবি মই চিগাৰেটৰ টুকুৰাটো তোমালৈ আগবঢ়াই দিছিলোঁ৷ 

মই ক্ষণিকৰ বাবে তেওঁলৈ মনত পেলাব খুজিছিলোঁ৷ তেওঁৰ গাত লাগি থকা চিগাৰেটৰ গোন্ধটো ইমানেই মোৰ প্ৰিয় আছিল যে স্বাৰ্থপৰৰ দৰে সেই গোন্ধটোৰ বাবেই মই তেওঁক চিগাৰেট খাবলৈ মানা কৰা নাছিলোঁ৷ 

আচৰিত কথা! 

বৰ আচৰিত কথা! 

এই মুহূৰ্তত মোৰ কাষে কাষে খোজকাঢ়ি থকা তোমাৰ গাৰ পৰা চিগাৰেটৰ গোন্ধ এটা নিৰ্গত হ’ল আৰু মুহূৰ্ততে মই তেওঁক পাহৰি পেলালোঁ৷ আচলতে পাহৰো বুলি ক’লে সকলো কথাই পাহৰি পেলাব পাৰি৷ তেওঁক মই দুঃস্বপ্ন এটাৰ দৰে পাহৰিব খুজিছিলোঁ৷ প্ৰেমহীনতাৰ কেকটাছবোৰ মোৰ বুকুত যে লহপহকৈ বাঢ়ি উঠি বাগিচা হৈ পৰিল তাত কিজানি তেওঁৰেই অৰিহণা আটাইতকৈ বেছি আছিল৷ 

এতিয়া মোক চিগাৰেটৰ গোন্ধটোৱে আছন্ন কৰি পেলোৱাৰ সময়তো মই নিজকে পুনৰ সোঁৱৰাই দিলোঁঃ ‘ভালপোৱা ভূতৰ দৰে, কোনেও এই দুবিধক দেখা নাপায়, অথচ এই দুবিধৰ বিষয়ে কয়৷’ মই এই গোন্ধটো ভাল পাব পাৰোঁ৷ কিন্তু তোমাক কাহানিবা ভালপোৱাৰ প্ৰশ্নই নুঠে৷ মুহূৰ্ততে নিজৰ কথাতে মই পতিয়ন গ’লোঁ আৰু স্বস্তিৰ নিশ্বাস পেলালোঁ৷ 

আমি কটেজলৈ উভতি অহা বাটটোক আন্ধাৰ আৰু আৰু কুঁৱলিয়ে সমানে গিলিপ মাৰি ধৰিছিল৷ 

‘পৰি যাবাঃ মোৰ হাতত ধৰা’ তুমি ক’লা৷ 

‘নপৰোঁ৷ মই মোক কঢ়িয়াই ফুৰিব জানো৷ ম’বাইলৰ টৰ্চটো জ্বলাই দিয়াচোন অলপ’৷ মই প্ৰবল অহমিকাৰে কৈ উঠিলোঁ৷ 

ক’ৰবাত কিবা এটা ৰৈ গৈছিল৷ যেন গা ধুই অহাৰ পিছত বাথৰূমত ৰৈ যোৱা পাৰ্ক এভিনিউ চাবোনৰ গোন্ধ৷ যেন জ্বলি জ্বলি শেষ হোৱাৰ পিছতো কোঠাত ৰৈ যোৱা ধূপৰ সুগন্ধি৷ কি ৰৈ গৈছিল সেয়া ভাবিবলৈ মোৰ মন যোৱা নাছিল৷ অথচ তোমাৰ ফোন কলবোৰলৈ মই বাট চাবলৈ আৰম্ভ কৰিছিলোঁ৷ 

তোমাৰ মাত আছিল স্পষ্ট৷ অথচ ফোনটো থোৱাৰ আগে আগে কিবা এক বতাহে যেন তোমাৰ মাতটো কোবাইছিল : কঁপাইছিল৷ এদিন মই খুব স্বাভাৱিকভাৱে কৈ উঠিলোঁঃ যেন এখন নতুন কিতাপ পঢ়ি উঠাৰ কথাহে কৈছোঁ, তেনে এটা সুৰেৰে : ‘মই মাজে মাজে তোমাক মিছ কৰিবলৈ আৰম্ভ কৰিছোঁ৷ মোৰ ভাল লগা নাই৷ অশান্তি পাইছোঁ মই৷’ তুমি এনেদৰে মোক বুজাবলৈ লাগি গ’লা যেন মই এজনী সৰু ছোৱালীহে : ‘আৰে কাৰোবাক মিছ কৰিছা : তাৰ মানে তুমি মৰিল বুলি পতিয়ন নিওয়া কিবা এটা এতিয়াও তোমাৰ মাজত জী আছে৷ ফিল ইট মেঘা : ইট্‌ছ গুড’৷

‘হা?’ প্ৰশ্নবোধক এটা মোৰ মনত ওলমি ৰ’ল৷ 

মই নাজানিছিলোঁ আপাত দৃষ্টিত সুখী, শৃংখলিত তোমাৰ জীৱনটোৰ  আঁৰত যে ইমান বিক্ষিপ্ত কথকতা আছিল৷ তুমি আছিলা কন্‌ফিডেণ্টলি কন্‌ফিউজ্‌ড৷ খোৱা, শোৱা, লিখা-পঢ়া, মদ-চিগাৰেট খোৱাঃ সকলোতে তুমি বেহিচাপী আছিলা৷ অথচ মই বুজি উঠিছিলোঁ এই সকলো এৰিবৰ বাবেও তুমি বেছি যত্ন কৰিব নালাগে৷ তোমাৰ প্ৰবল মানসিক শক্তি আছিল৷ কিন্তু এই শক্তি প্ৰয়োগৰ তাড়না নাছিল৷ প্ৰচুৰ মেধা আছিল তোমাৰঃ প্ৰচুৰ জ্ঞান৷ কিন্তু মোৰ চৌপাশৰ পৃথিৱীখনতো তেনে মানুহেৰেই ভৰা আছিল৷ মেধাই নহয়ঃ যি মোক তোমাৰ কাষলৈ টানিছিল সেয়া আছিল তোমাৰ বিক্ষিপ্ত বিচিত্ৰ অন্তৰ্জগতঃ য’ত মই মোৰ ছাঁ দেখিছিলোঁঃ আৰু কিজানি তেওঁৰ৷ 

কথাবোৰ সাধাৰণ হৈয়ো আছিল অসাধাৰণ৷ মমতা, অলপ যত্ন আৰু বুহু কথাৰে দীপ্তিমান৷ 

কথাবোৰ কেৱল কথাই আছিলনে? 

নাছিল৷ 

কথাবোৰ কেতিয়াবা পখিলা হৈছিল৷ কেতিয়াবা মৰহা ফুলৰ নিৰ্যাস৷ 

তোমাৰ ল’ৰালিৰ সংগ্ৰাম আৰু উৰুঙা মনোজগতখনে কেতিয়াবা কথাবোৰক মোৰ বাবেও দাঙিব নোৱৰা শিলৰ দৰে গধুৰ কৰি তুলিছিল৷ ওখ চেলফ্‌ত উঠি লুকাই লুকাই কিতাপ পঢ়ি থকা ল’ৰাটোক যেন এতিয়া সম্পূৰ্ণ এজনী নাৰীৰ মমতাৰে মই চুই চামঃ মূৰত হাত বুলাই দিম৷ ওহোঁ! তোমাক নহয়ঃ সেই ল’ৰাটোক, যি বহুদিনৰ আগতে ‘তুমি’য়েই আছিলা৷ 

‘তোমাক ভাল পাওঁ: এনে এটা প্ৰক্সিয়ে যদি মুহূৰ্তৰ বাবে বুকুত ঝংকাৰ তোলে, তাতনো বেয়া কি! কৈ চাওঁ আহাচোন৷’ এদিন কোনোবা এজনে প্ৰস্তাৱটো দিলোঁ আৰু দুয়ো দুয়োকে কৈ চালোঁ : ‘ভালপাওঁ’৷ 

অদ্ভূত অনুভৱ হৈছিল৷ তোমাৰ মাতত কঁপনি আছিল৷ মোৰ নিজকে নিজৰ ওচৰতে অচিনাকিৰ দৰে লাগিছিল৷ 

প্ৰক্সিত আৰু কি কি কৰিব পাৰি? 

কফী ডেটত যাব পাৰি নে? মন্দিৰৰ ছিৰিত সন্ধ্যাৰ আলোকমালা সমুখত লৈ নীৰৱে বহি ৰ’ব পাৰিনে? হাতখন ধৰিব পাৰি? এটা চুমাঃ নহয় নহয়ঃ ওঁঠত নহয়, হাতত, কপালত৷ 

যাদুকৰী বাস্তৱবাদ আৰু অধিবাস্তৱবাদৰ বিষয়ে ঘণ্টাজুৰি কাজিয়া কৰা সময়খিনি প্ৰক্সি নাছিল৷ তুমি মোক সমাজ বিজ্ঞানৰ নতুন থিয়’ৰী সহজভাৱে বুজাই থকা সময়খিনি প্ৰক্সি নাছিল৷ মই তোমাৰ আগত বিক্ষিপ্ত চেতনা এটাক গল্প কৰাৰ কৌশলবোৰ বিশ্লেষণ কৰাৰ সময়খিনি প্ৰক্সি নাছিল৷ তুমি মোৰ বাবেই লৰকা, নেৰুডা চিলভিয়া প্লাথ পঢ়িছিলাঁ৷ মই তোমাৰ বাবেই বৰ দুখেৰে হাৰিৰিৰ ‘চেপিয়েন্‌চ’ মেলি লৈছিলোঁ৷ মোৰ বিক্ষিপ্ত-বিমূৰ্ত ধাৰণাবোৰক নস্যাৎ কৰাৰ পৰিৱৰ্তে তুমি নতুনকৈ সজাবলৈ মোক উৎসাহিত কৰিছিলা : ‘এইখনেই তোমাৰ পৃথিৱী৷ নিজকে জীৱন দিয়া মেঘা৷ নিজকে লিখা : লিখা৷’ এইখিনি কথা প্ৰক্সি নাছিল৷ 

কিন্তু কি হৈ যায় হঠাতে যেতিয়া অফিচৰ মদৰ পাৰ্টিলৈ গৈ বহু ৰাতিলৈকে তুমি ঘৰলৈ উভতি নাহা আৰু মোৰ ফোনো নধৰা৷ মোৰ ক’ৰবাত কিবা এক চটফটনি আৰম্ভ হয়৷ তুমি ঠিকে আছাতো! ঠিকে আছাতো তুমি! মোৰ পুৰণি বন্ধুৰ লগত এথনিক বাৰত খাবলৈ বহিলে খুব ভালদৰেই তুমি কথাবোৰ শুনাঃ কিন্তু মই বুজি উঠো ক’ৰবাত তুমি অকণমান অশান্ত হৈ উঠিছা৷

কেনেকৈ নিজেও গম নোপোৱাকৈ পৃথিৱী সলনি হৈ গৈ থাকে : কেনেকৈ অধিকাৰ বাঢ়ি আহি চেতনাক অধিকাৰ কৰি লয় আৰু এদিন মই সংশয়েৰে কৈ উঠোঁ : ‘মই উশাহ নোপোৱা হৈছোঁঃ অদ্ভুত এক যাতনাৰ মাজতো অনবদ্য কিবা এক বৈভৱেৰে আত্মা উপচি পৰিছে মোৰ : স্থুল হৈ পৰিছে৷ মোক মুক্তি দিয়া :’

এটা বালিচৰৰ সমুখত তুমি স্তব্ধ হৈ ৰৈ থাকা৷ আমি দুয়ো বালিচৰটোলৈ চাওঁ : ‘তুমি কিয় সুখী হ’বলৈ ভয় কৰা? কিয় অকলশৰে থাকিব খোজা৷’ মই বালিচৰটোৰ পৰা তোমালৈ চকু ঘূৰাই আনিব নোৱৰা হওঁ৷ বালিচৰটোৰ দূৰত অকলশৰীয়া ঝাওবনৰ জোপা এটাত মোৰ দুচকু থৰ লাগি ৰয়৷ 

‘অকলশৰে থকা মানেনো কি? নিজৰ সংগত থকাই নহয় জানো? কিন্তু মোৰ যে নিঃসংগতাও তুমিয়েই৷ মই একো কৰিব নোৱাৰো৷ মন গ’লে আঁতৰি যোৱা মোৰ পৰা৷ সুখী হৈ থাকা৷ ময়ো সুখী হ’ম এনেদৰে৷’ তুমি পুনৰ কৈ উঠা৷ তোমাৰ কণ্ঠ অদ্ভুত স্বাভাৱিক৷ মই তোমাক বুজি পাওঁ৷ 

আন্ধাৰ গিলি অনা বালিচৰটোক তাতে এৰি নীৰৱে আমি গাড়ীত উঠোহি৷ কিয় এনে লাগিছিল যেন কথাবোৰ চিৰদিনৰ বাবে সলনি হৈ গ’ল৷

আমি তেতিয়াও বুজিছিলোঁ সকলো ভালপোৱাই আচলতে ভ্ৰম৷ লা ৰুশোফুকোৰ কথাকেই আমি আওৰাইছিলোঁ : ‘ভালপোৱা ভূতৰ দৰে : কোনেও নেদেখে৷’ 

কিন্তু কি কিছুমান কথকতাই আমাক আমাৰ বিশ্বাস ভাঙি-ছিঙি ভ্ৰমৰ পৃথিৱীখনলৈকে কঢ়িয়াই লৈ গৈছিল! 

‘সাগৰৰ পাৰত বহি এদিন একেলগে সূৰ্যাস্ত চাম৷’ 

‘পাইনে সুহুৰিয়াই থকা হাবি এখনৰ তলেৰে এদিন একেলগে খোজকাঢ়িম৷’

‘মেঘৰ এখন দেশত এদিন এৰাতি থাকিম৷ এচপৰা মেঘে একেলগে দুয়োকে চুব৷ [ৰাতিৰ কোঠাবোৰ কিন্তু বেলেগ হ’ব৷]’

‘হাতত বীয়েৰ থাকিব নে? বীয়েৰ? অলপ নিচা কেতিয়াবা জীৱনৰ বাবে যাতনাৰ দৰে জৰুৰী হৈ উঠে৷’ 

জীৱনৰ পৰা কিমানকণনো বিচাৰিছিলোঁ আমি? নহয় : নহয়৷ ভুল হৈ গ’ল৷ ‘আমি’ নহয়, মই৷ 

ৰে’লৰ সমান্তৰাল ছিৰিৰ দৰেই দুটা বাটেৰে অনন্তলৈকে আমি গৈ থাকিম৷ দুয়ো দুয়োলৈ চাম৷ ভাৰসাম্য হেৰুৱাব খুজিলে হাতখন আগবঢ়াই দিম৷ পুৱা-দুপৰ সায়াহ্ন আৰু ৰাতিবোৰ আমাৰ মাজেৰে খৰস্ৰোতা নদীৰ দৰে বৈ যাব৷ ঋতুবোৰ অতিক্ৰমি আমি গৈ থাকিম : বছৰবোৰ অতিক্ৰমি : যেতিয়ালৈকে চিৰদিনৰ বাবে শুই নপৰোঁ৷ 

নিজকে ঘোৰ শৰীৰবাদী বুলি দাবী কৰি থকা মানুহটোৱে ‘অৰেল ছেক্স’ মানে কি বুলি সুধিলে মোক বুজাবলৈ অসুবিধা পাইছিলা৷ বন্ধুৰ মুখত শুনি ‘এনিমেল ছেক্স’ কি সোধোঁতে তুমি হতবাক হৈছিলা৷ অথচ কৈ উঠিছিলা : ‘নালাগেচোন জানিব দিয়া : এনেকৈয়ে থাকা : এইবোৰ কথা নজনাকৈয়ে৷ তুমি মায়া হৈ থাকা৷’

ৰুশোফুকো সঁচা আছিল৷ ভূতৰ দৰেই সকলো চৰিত্ৰ প্ৰকাশ কৰিও অদৃশ্য হৈ থাকি ভাল পোৱাই এদিন আমাৰ মাজৰ পৰা বিদায় ল’লে৷ নহয়ঃ তোমাৰ বুকুৰ পৰা৷ 

তোমাৰ পুৰণি প্ৰেমিকা আহি তোমাৰ কাষত থিয় হ’লহি৷ ভৰুণ শৰীৰ৷ ভালপোৱাৰ প্ৰকাশ স্পষ্ট৷ অধিকাৰবোধ স্পষ্ট৷ যাৰ বাবে তুমি কেতিয়াবা চকু সেমেকাইছিলা : তেওঁ আহি তোমাৰ হাতত ধৰিলেহি আৰু তুমি এবাৰো মোৰ সেমেকা চকুলৈ নাচাই তেওঁৰ সৈতে গুচি গ’লাগৈ৷ 

এৰা৷ ক’তো একো কমিটমেণ্ট নাছিল৷ সকলো প্ৰক্সি আছিল৷ 

তাৰ বহুত দিনৰ পিছতহে মই গম পাইছিলোঁ যে তোমাৰ প্ৰেমিকাই আমাৰ আৱেগিক খেলখনক সপোনত দেখি আছিল আৰু সপোনতে তুমি সেই কথা গম পাইছিলা৷ গম পোৱাৰ মুহূৰ্তটোতে মোক নিদ্বিৰ্ধাই সপোনটোৰ পৰা মচি পেলাই তুমি তোমাৰ বাস্তৱলৈ উভতি গৈছিলা৷ এটা সপোনৰ পৰা মচ খাই যোৱা মই কিনো কৰিম সেই  পুৰণি কবিতা আওৰোৱাৰ বাহিৰে : 

‘… I am a deserted sou or shadow left by you in this melancholic moor.’

*   *   *

ভাবিছিলোঁ কাহিনী তাতেই শেষ হ’ব৷

হুমুনিয়াহ, শূন্যতা, নীৰৱ চকুপানী আৰু সঘন উশাহৰ দীঘল শোকৰ ঋতু এটা পাৰ হ’ব লাগিব৷ কিন্তু If winter comes, can spring be far behind?  এইবাৰ কিন্তু বসন্তৰ আগতেই হেমন্ত আহিল৷ হেমন্তৰ আৰম্ভণিতে মোৰ সেই পুৰণি বন্ধু আহি ওলাল যি তোমাৰ দৰেই চেইন স্মোকাৰ আছিল, আছিল বিক্ষিপ্ত, অস্থিৰ, অশান্ত আৰু অদ্ভুত ধৰণে ব্ৰিলিয়াণ্ট৷ আমি আগতে কেৱল সাহিত্য আৰু যাতনাৰ কথাকে পাতিছিলোঁ৷ নিজাকৈ মোৰ কোনো আৱেগিক কাহিনী নাছিল৷ তেওঁৰ বহুত আছিল৷ বহুবাৰ তেওঁ কাহিনীবোৰ মোক কৈ শুনাইছিল৷ গল্পত লিখি পঢ়িবলৈ দিছিল৷ কেতিয়াবা তেওঁৰ চকু সেমেকিছিলঃ কেতিয়াবা মোৰ দুহাত সাৱটি ধৰি চকুলো টুকিছিল প্ৰেমিক বা প্ৰেমিকাৰ বাবে৷ কেতিয়াবা মোৰ খং উঠিছিল৷ কেতিয়াবা মই কঠোৰ হৈয়ো উঠিছিলোঁ: কেনেদৰে তোমালোকে নিজৰ আত্মসন্মান আৰু ইগো অতিক্ৰম কৰি কাৰোবাক সমস্ত সঁপি দি ভাল পাব পাৰা? If love does even exist? 

মোতকৈ বয়সত সৰু সেই বন্ধুৱে মোক ফেপেৰি পাতি ধৰিছিলঃ ‘Would you please stop saying about love?  জীৱনত তুমি কেতিয়াও প্ৰেমত পৰি পোৱাই নাই৷ আৰু কিজানি নপৰিবাও৷ প্ৰেমৰ অনুভূতি কি সেই কথা নজনাকৈয়ে তুমি বুঢ়ী হ’বা আৰু মৰি যাবা৷’ 

মোৰ খং উঠিছিল৷ আমি কাজিয়া কৰিছিলোঁ৷ পৰস্পৰে পৰস্পৰক নিষ্ঠুৰভাৱে সমালোচনা কৰিছিলোঁ৷ তাৰ বহু দিনৰ পিছত পুনৰ আকৌ যেতিয়া আমি কথা পাতিছিলোঁ, আচৰিত  হৈ আমি আৱিষ্কাৰ কৰিছিলোঁ যে আমি আঁতৰে আঁতৰে থাকি অতদিনে একেবোৰ গানকে শুনিছিলোঁ, একেবোৰ কবিতাকে পঢ়িছিলোঁ৷ আচৰিত কথাঃ মৃত্যুৰ কথা লিখোঁতেও আমি দুয়ো কিয় যে খিৰিকিৰে শুকান পাত এখিলাৰ দৰে তললৈ সৰি পৰাৰ বাসনাৰ কথাই লিখিছিলোঁ!

তেওঁ কিজানি ঠিকেই কৈছিল : কিছুমান মানুহৰ আত্মাত এটা ফুটা থাকে৷

পূৰ্বৰ সেই অস্থিৰ অশান্ত, হাতত কিতাপ লৈ চিগাৰেট হুপি থকা ল’ৰাজন এতিয়া সম্পূৰ্ণ এটা যুগৰ পিছত বৈষয়িকভাৱে এজন সফল মানুহ৷ 

কিন্তু আমি যেতিয়া দূৰৰ এটা হ্ৰদ, এটা জলপ্ৰপাতৰ কাষলৈ যাত্ৰা আৰম্ভ কৰিলোঁ, মুহূৰ্ততে আমি বুজি উঠিলোঁঃ বিশেষ একোৱেই সলনি হোৱা নাই৷ আমাৰ দুহাত এতিয়াও সেই আগৰ দৰেই ৰিক্ত, কাতৰ৷ আপাত দৃষ্টিত সফল যেন লগা দুটা জীৱনে আমাৰ ভিতৰখনত বিশেষ একোৱেই সলনি কৰিব পৰা নাই৷ 

মোৰ ভাল লাগিছিলঃ কাৰণ, এইবাৰ তেওঁক ক’বলৈ মোৰো নিজাকৈ এটা কাহিনী আছিল৷ মই তেওঁক তোমাৰ কথা কৈছিলোঁ৷ কৈছিলোঁ মই নিজেও নিশ্চিত নাছিলোঁ সেই সম্পৰ্কৰ নাম আচলতে কি আছিল৷ মই কৈছিলো ময়ো আত্মসন্মান আৰু ইগো অতিক্ৰম কৰি তোমাৰ ওচৰলৈ গৈছিলোঁ আৰু তোমাৰ ৰূঢ়তাই মোক ভাঙি মোহাৰি টুকুৰা-টুকুৰ কৰি বহু দূৰলৈ দলিয়াই দিছিল৷ নিজৰে টুকুৰাবোৰ বুটলি বুটলি জোৰা লগাইছিলোঁ মই৷ এই বিপৰ্যয়ৰ কথা ৰাতিৰ গাৰুৰ গিলিপটোৰ বাদে আৰু কোনেও নাজানিছিল৷ 

‘এতিয়া তোমাৰ কেনে লাগে?’ তেওঁ সুধিছিল৷ 

‘বিষ এটা বুকুৰ একোণত ৰৈ গ’ল৷ মই নাজানো এই বিষটোৰ নাম তেওঁ নে ভালপোৱাৰ দৰে কিবা এটা৷’ 

‘হুহঃ তুমি তেওঁৰ মাজত মোকেই বিচাৰিছিলাঃ’ দুষ্টামি ভৰা হাঁহি আৰু প্ৰবল প্ৰত্যেয়েৰে বন্ধুৱে কৈ উঠে৷ মই প্ৰতিবাদ কৰোঁ৷ টিভিৰ মিউজিক ছিষ্টেমত আমাৰ প্ৰিয় গান বাজি থাকে আৰু আমি কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিওঁ আগৰ দিনবোৰৰ দৰে৷ বয়স কমি যায়৷ সময়ৰ স্ৰোত উভতি বয়৷ 

মই ভাবিছিলোঁ এই যাত্ৰাই, প্ৰকৃতিৰ কোলাত পালিত ঠাইখনে মোৰ বুকুত ৰিণৰিণকৈ বাজি থকা বিষটোক মচি পেলাব৷ মোৰ পুৰণি বন্ধুৰ হাতখনৰ অদ্ভুত এক মমতাময় উপশম ক্ষমতা আছিল, তোমাৰ হাতখনৰ দৰেই৷ কিন্তু গাড়ী থমাই কেঁচা ৰাস্তাৰে অলপ দূৰ আগবাঢ়ি আমি যেতিয়া জলপ্ৰপাতটো পালোঁগৈ, পিছল শিলবোৰত ভেজা দি দি পানী কিমান দ বুজ লৈ মোৰ বন্ধুজনে মোক শিল এচটাত বহুৱাই দিলেগৈ, খৰস্ৰোতা জলপ্ৰপাতৰ পৰা উফৰি ছিটিকি অহা পানীৰ ফোঁৱৰাবোৰৰ দৰেই তুমি ভাস্বত হৈ উঠিলা৷ বাৰে বাৰে তুমি মোক মচি পেলোৱা তোমাৰ প্ৰেয়সীৰ চকুৰ সপোনটোলৈকে মোৰ মনত পৰিবলৈ ধৰিলে৷ 

কিন্তু এই মনত পৰা পাহৰণিৰ আৰম্ভণী আছিল নে নিভাঁজ সোঁৱৰণী মই ধৰিব পৰা নাছিলোঁ৷ গল্প, কবিতা লিখা সৰু ভাইটি দুজন আমাৰ সংগী আছিল৷ বৰ দায়িত্বশীলতাৰে সিহঁতে ফটো তুলিছিল; মোৰ পাৰ্ছ, ম’বাইল সামৰি থৈছিল৷ 

মই য’ত আছিলোঁ তাত কেৱল মই নাছিলোঁ: তোমাৰ অনুপস্থিতিও মোৰ লগত আছিল, মোৰ আঙুলিত ধৰি আছিল৷ যেন সেই অনুপস্থিতিয়ে মোৰ আঙুলিত ধৰি মোক ক’ব খুজিছিল : হেৰাই নাযাবা৷ হেৰাই নাযাবা৷ 

কিন্তু কিবা এক জেদত, কিবা এক ক্ষোভত মই তোমাৰ অনুপস্থিতিৰ উপস্থিতিক অগ্ৰাহ্য কৰিব খুজিছিলোঁ৷ কিন্তু সেয়া ক্ৰমাৎ অসম্ভৱ হৈ উঠিল৷  জলপ্ৰপাতলৈ সচেতনভাৱে পিছমুখ দি বহি থকা মই এইবাৰ জলপ্ৰপাতৰ সমুখলৈ ঘূৰি দিলোঁ : কিজানি, ফটিক পানীৰ ফোঁৱাৰাই তোমাৰ অনুপস্থিতিক মোৰ বুকুৰ পৰা উটুৱাই লৈ যায়! পিছমুহূৰ্ততে মিহি শিল এচটাত প্ৰাৰ্থনাৰ ভংগীত মই নিজকে সঁপি দিলোঁ৷ 

মোৰ মনত নাছিল কিমান পৰ মই তেনেকৈ পৰি আছিলোঁ৷ মোৰ বন্ধুৱে কিবাকৈ পিছল শিলবোৰ বগাই মই পৰি থকা শিলটোৰ ওপৰলৈ উঠি গ’ল আৰু বৃক্ষাসনত থিয় দি এখন হাত মোৰ ফালে মেলি দিলেঃ যেন ক’ব খুজিলে ‘তথাস্তু!’

মোৰ নীৰৱ প্ৰাণময় যাতনাৰ প্ৰতি এই ব্যংগই মোৰ খং উঠাব লাগিছিল৷ কিন্তু তিনিওটাৰে মোৰ প্ৰতি থকা মৰমে মোক সামৰি থ’লে৷ মই ভালদৰে বুজিছিলোঁ সিহঁতে মোক বুজিছে আৰু হঁহুৱাবলৈ যত্ন কৰিছে৷ 

টিকটিকীয়া ৰঙা টপ আৰু সেউজীয়া কাৰ্গো এটা পিন্ধি আছিলোঁ মই৷ ক্ষীণ শৰীৰৰ বহু সুবিধা থাকে৷ কাপোৰ-কানি তিতি যোৱাৰ পিছতো মই অসহজ অনুভৱ কৰা নাছিলোঁ৷ কিন্তু মোৰ বন্ধু আছিল সেই তাহানিৰ দৰেই প্ৰটেক্টিভ৷ আমাৰ লগত যোৱা স্থানীয় ভাইটিজনৰ পৰা তেওঁ গেঞ্জীটো খুলি ল’লে আৰু তেওঁৰ নীলা ছাৰ্টটো মোলৈ আগবঢ়াই দিলেঃ ‘পিন্ধা৷ বাটন মাৰি ল’বা৷’ মই ছাৰ্টটো ল’লোঁ৷ তেওঁ ভাইটিজনৰ ঘামেৰে ভিজি থকা গেঞ্জীটো পিন্ধিলে৷ কিন্তু ছাৰ্টটো গাত সুমুৱাই মই গৰগৰাই উঠিলোঁ: ‘মই বাটন নামাৰোঁ৷ শ্ৰাগৰ দৰে পিন্ধিম৷ মোৰ ষ্টাইল ছেন্স আছে৷’ 

তেওঁ পোন্দোৱাকৈ মোলৈ চালে৷ একো নক’লে৷ বাটটো  বেছি পিছল আছিল৷ মই অসুবিধা পাইছিলোঁ৷ 

‘চেণ্ডেল খোলা আৰু মোক দিয়া’ : তেওঁ নিজৰ জোতাযোৰৰ লগতে মোৰ চেণ্ডেলযোৰো হাতত ল’লে আৰু হম হমকৈ গাড়ীৰ ফালে আগবাঢ়িল৷ তাৰ পিছত নামি আহি গাড়ীৰ ওচৰ পাওঁতে আমি খোজকঢ়াৰ সিদ্ধান্ত ল’লোঁ৷ 

বতৰ আছিল সেমেকা, বিষণ্ণ আৰু শান্ত৷ মিহি বতাহ বলিছিল৷ 

চাৰিওজনে খোজ কাঢ়ি থকাৰ সময়ত তোমাৰ অনুপস্থিতি মোৰ স’তে নাছিল৷ আছিল চৌপাশৰ ভাৰ্জিন প্ৰকৃতিৰ পৰা ভাঁহি অহা পতংগৰ মাতঃ চৰাইৰ কিচিৰ মিচিৰ৷ বতাহৰ সুহুৰি৷ 

বহুদূৰ খোজকাঢ়ি আমি গাড়ীত বহিলোঁ৷ টুৰিষ্ট বাংলোৰ নিজৰ কোঠাত সোমাই গা ধুলোঁ আৰু ভাত খাই আধা ঘণ্টা জিৰাই হ্ৰদত নৌকা বিহাৰৰ বাবে ওলালোঁ৷ তেতিয়ালৈকে  স্থানীয় ভাইটিজন গৈছিলগৈ৷ কবিতা লিখা ল’ৰাজনৰ পিছদিনা কিবা এক পৰীক্ষা আছিল৷ 

আমি তিনিজন নাৱত বহিলোঁ : মোৰ অনুজ বন্ধুজন, গল্পকাৰ ভাইটিটো আৰু মই৷ 

আশ্চৰ্য সময় আছিল সেয়া৷ বেলি ডুবিছিল৷ দূৰৰ হাবিবোৰৰ ছাঁ নিস্তেজ হৈ হ্ৰদৰ শান্ত গভীৰ পানীত মিলি গৈছিল৷ একেবাৰে একান্তৰ যাতনাৰ দৰে আন্ধাৰ নামিছিল৷ মোৰ ভাইটিজন আছিল সমুখত৷ মই মাজত আৰু বন্ধুজন বহিছিল পিছৰ ফালে৷ তেওঁ চিগাৰেট হুপিছিল৷ এইবাৰ তেওঁৰ ওঁঠৰ পৰা চিগাৰেট কাঢ়ি খোৱাৰ প্ৰৱণতাটো মই দমন কৰিলোঁ৷ 

অগাধ নীৰৱতা, তাৰ মাজত শান্ত পানীত ব’ঠাৰ চলাৎ চলাৎ শব্দঃ দূৰৰ হাবিত ঝিলিৰ ৰি ৰিয়নিঃ পুনৰ তোমাৰ অনুপস্থিতি মোৰ কাষতে বহি ল’লেহি৷ 

‘মোৰ বাবে মোৰ নিসংগতাও তুমিয়েই’: এই বাক্যটো তুমি মোক কৈছিলা৷ আজি এই বাক্যটো মোৰ তোমাক ক’বলৈ বৰ মন গ’ল৷ কিন্তু আমাৰ মাজত হাজাৰ আলোকবৰ্ষৰ আবেগৰ দূৰত্ব৷ 

‘আহা৷ মোৰ কাষত বহিবা৷’ মই নিজকে ডুবি যোৱাৰ পৰা বচাবলৈ তেওঁক ওচৰলৈ মাতিলোঁ৷ 

তেওঁ আহিল৷ মোৰ কাষত বহিল৷ 

আৰু খন্তেক পিছতে নীলা-ক’লেচিয়া পাতল মেঘে ঢকা আকাশৰ উত্তৰ-পশ্চিম কোণত এটা অনুজ্জ্বল তৰা জিকমিকাই উঠিল৷ 

‘ৱাও’: আমি তিনিওজনে আশ্চৰ্য আনন্দত চিঞৰি উঠিলোঁ৷ কিন্তু কিমাননো সময়! তৰাটো খৰকৈ আমাৰ ফালে আহিল আৰু এসময়ত এখন উৰাজাহাজ হৈ গুম গুম শব্দ এৰি আমাৰ মূৰৰ ওপৰেৰে পাৰ গৈ গুচি গ’ল৷ 

আস! ক্ষণিকৰ আনন্দ অকণমানো সত্য হৈ ৰ’ব নোৱাৰেনে মোৰ জীৱনত! ঠিক এই সময়তে তুমি প্ৰবল আৰু দুৰ্নিবাৰ হৈ উঠিলা৷ মোৰ অনুজ বন্ধুৱে মোক বুজিছিল৷ তেওঁ স্থিৰভাৱে মোলৈ চালে আৰু সুধিলেঃ ‘কি হ’ল?’ 

মই মুখখন ঘূৰাই ল’লোঁ আৰু মোৰ কাঠিন্য আৰু গাম্ভীৰ্যৰ খোলা ভাঙি চশমাৰ তলেৰে হৰহৰাই চকুলো ব’বলৈ ধৰিলে৷ অলপ সময় তেওঁ একো নামাতিলে৷ তাৰ পিছত ধীৰভাৱে ফিচফিচাই ক’লে, ‘ফৰগেট এভ্ৰিথিং৷ জাষ্ট বি ইন দিজ টাইম৷ জাষ্ট বি ৱিথ মি৷’ 

এইবাৰ মই তেওঁলৈ চালোঁ৷ একো লুকুওৱাৰ প্ৰয়োজনেই নাছিল৷ তোমাৰ উপস্থিতিও৷ মোৰ চকুত, চকুলোত সকলো স্পষ্ট হৈ আছিল৷ তেওঁ একো নক’লে৷ 

আমি এইবাৰ শান্ত পানীলৈ চালোঁ৷ হঠাৎ তেওঁ কৈ উঠিল : ‘মই এটা যাদু জানোঃ তুমি হাতৰ আঙুলি এটা পানীত অকণমান ডুবাই দিয়াচোন৷ লগে লগে কাৰোবাৰ কথা ভাবাঃ যাৰ কথা ভাবিবা, তেৱেঁই তোমাক চুই যাব৷’ 

ইহ্‌ এনে একেবাৰে! মোক য’তে ত’তে উল্লু বনোৱাটো তেওঁৰ পুৰণি স্বভাৱ৷ তথাপি মই পানীত হাত ডুবালোঁ আৰু সঁচাকৈ যেন কাৰোবাৰ আঙুলিয়ে মোৰ তৰ্জনী আঙুলি চুই গ’ল৷ 

মই ধৰফৰাই উঠিলোঁ : মই কিয় নাভাবিলোঁ তোমাৰ কথা৷ যাতনাৰ উপশম থকা সেই হাতখনৰ কথা! 

মোৰ অৱস্থা দেখি নাৱৰীয়াজনে ক’লে ১৯ শতিকাৰ শেষৰ ফালে হোৱা বৰ ভূইকঁপত পাহাৰ বহি গৈ এই হ্ৰদটো হৈছিল৷ যি এইমাত্ৰ মোৰ হাত চুই গ’ল সি হ্ৰদৰ তলত বঢ়া গছৰ আগলি৷ 

মোৰ বন্ধুৰ হাতখনো আছিল উপশমৰ ঐশ্বৰ্যৰে ভৰা৷ মই অৱধাৰিতভাৱেই তেওঁৰ হাতখন খেপিয়াই ধৰিলোঁ আৰু মুহূৰ্ততে বুজি উঠিলোঁ জীৱনত কোনো কাৰো বিকল্প হ’ব নোৱাৰে ৷ ফচিল হৈ, ছাঁই হৈ, নিৰ্যাস হৈ প্ৰত্যেকেই প্ৰত্যেকৰ স্থানত ৰৈ যায় যাক আমি আমাৰ ভিতৰৰ বহু গভীৰত ধাৰণ কৰিছিলোঁ৷ 

টুৰিষ্ট বাংলোলৈ ঘূৰি আহিলোঁ৷ বন্ধু আৰু ভাইটিৰ কথা-বতৰাবোৰ আছিল মই মোক বিচাৰি পাব নোৱৰা ধৰণৰ৷ সহজে কোনো পুৰুষ বা নাৰীৰ বাবে মায়াৰে উপচি পৰা, যাতনা সহজে পাহৰি যোৱা আৰু পুনৰ কাৰোবাৰ ওচৰত নিজৰ সৰ্বস্ব সঁপি দিয়া৷ একেবোৰ কাহিনীৰে পুনৰাবৃত্তি৷ মনৰ যাতনাৰ উপশমৰ বাবে শৰীৰ৷ শৰীৰ শৰীৰ আৰু শৰীৰ! 

শৰীৰেই কি শেষ সত্য? 

ৰাতিৰ আহাৰ খোৱাৰ পিছত মোৰ কোঠাত আমি কিছুপৰ কথা পাতি থাকিলোঁ৷ ট্ৰেংকুইলাজাৰ আৰু অন্যান্য কেইবাটাও দৰব বহু বছৰ ধৰি মই খাই আছোঁ৷ টোপনিৰ বাবে, ডিপ্ৰেছন কমোৱাৰ বাবে৷ 

টোপনিৰ ভাব অহাত মই সিহঁতক নিজৰ ৰূমলৈ যাবলৈ ক’লোঁ৷ আৰু ক’লোঁ : ৰাতি কাৰেণ্ট গ’লে মই ভয় খাম৷ সিহঁত দুটাই যাতে দুৱাৰ খুলি থয়৷ 

চিলমিলকৈ মোৰ টোপনি গৈছিল৷ কাৰেণ্ট যোৱাত ধৰমৰকৈ সাৰ পাই উঠিলোঁ৷ ঘনঘোৰ আন্ধাৰ৷ খেপিয়াই খেপিয়াই মই ম’বাইলৰ টৰ্চটো জ্বলালোঁ আৰু টেবুলৰ ওপৰত থ’লোঁ৷ 

মোৰ সঁচাকৈয়ে ভয় লাগিছিল৷ সিহঁতৰ কোঠাৰ দুৱাৰ কিজানি খোলা আছিল৷ মোৰ তালৈ যাবলৈও ভয় লাগিল৷ কাৰণ সেই কোঠাত দুফালে দুখন বিছনা থাকিলেও মই ভয় খাইছিলোঁ কিজানি মই অপ্ৰস্তুত হ’ব পৰা দৃশ্যৰো সন্মুখীন হ’ব লগা হ’ব পাৰে৷ 

বিছনাত বহি আঁঠুত মুখ গুজি মই বহি আছিলোঁ৷ হঠাতে কোঠাৰ বাহিৰৰ দুৱাৰৰ সমুখত কোনোবাই মোক নাম ধৰি মাতিলে : ‘মেঘা৷ মেঘা৷’ মাতটো চিনাকিৰ দৰে৷ দুৱাৰ খুলি মই উচ্‌প খাই উঠিলোঁ : ‘তুমি’৷ 

তুমি ভিতৰলৈ সোমাই আহিলা আৰু মোক মৰমেৰে সুধিলা : ‘ভয় খাইছিলা?’ 

মই মূৰ দুপিয়ালোঁ৷ 

‘মোৰ যে ইমান হেঁপাহ আছিল এটা ৰাতি মই তোমাক মৰম কৰি মোৰ বুকুৰ মাজত শুৱাম৷ আৰু যেতিয়া তুমি শুবা, তেতিয়া তোমাৰ মুখখন চাই থাকিম৷’ 

মই একো নক’লোঁ৷ তুমি বিছনাত বহিলা আৰু মোক কাষলৈ মাতিলা৷ 

‘ভাল ছোৱালীৰ দৰে শুই যোৱা : মই আছোঁ৷’ তুমি ক’লা আৰু মোক মৰমেৰে তোমাৰ বুকুলৈ টানি নিলা৷ কুচি মুচি মই সোমাই থাকিলোঁ তোমাৰ বুকুত৷ তোমাৰ বুকুৰ ধক ধক শব্দটো মোৰ কাণত, বুকুত বাজিল৷ মোৰ বুকুৰ শব্দ আছিলনে? মই নাজানো৷ কেৱল জানো শৰীৰৰ মাজেৰে শৰীৰহীন হৈয়ো কেইমুহূৰ্তমানৰ ভিতৰতে আমি এজন মানুহ হৈ পৰিলোঁ৷ 

আৰু হঠাৎ সেই তাহানি তুমি গম পোৱাৰ দৰেই মই বুজি উঠিলোঁ এয়া এটা সপোন৷ মোৰ বোধে মোক সকীয়াই দিলে : এই সপোনৰ মাজত তোমাৰ বুকুৰ মাজত মই যদি টোপনি যাওঁ, মই আৰু শ শ বছৰলৈ মই সাৰ পাই নুঠিম৷ কেৱল তুমি-মই একেলগে দেখা সপোনবোৰৰ ভগা-ছিগা টুকুৰাবোৰকে সপোনত দেখি থাকিম : সপোনতে সাৰ পাম৷ আকৌ টোপনি যাম৷ আকৌ সপোন দেখিম৷

ক্ষণিকৰ এই শান্তিঃ এই তন্ময়তা মোক নালাগে৷ হাত-ভৰি আচাৰি মই সপোনটোৰ পৰা মুক্ত হ’বলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ৷ কিন্তু এতিয়াও মই মনত পেলাব নোৱাৰিলোঁ সপোনটো ঠিক কোনখিনিৰ পৰা আৰম্ভ হৈছিল৷

বন্ধুৰ আগমনৰ পৰা? নে হ্ৰদৰ বুকুত নাৱত উঠোঁতে দেখা তৰা তৰা বিভ্ৰমৰ পৰা? তুমিও যেন বহু দিনৰ মূৰত শান্তিৰে শুইছিলা৷ তোমাৰ মুখত প্ৰশান্তিৰ ছায়া আছিল৷ তুমি শুয়েই থাকিলা৷ মই তোমাক এৰি দুৱাৰ খুলি আন্ধাৰৰ মাজেৰেই হ্ৰদটোৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ 

মই এতিয়া নিশ্চিত৷ ভালপোৱাই মোক ওপঙাই ওপঙাই বহু ওপৰলৈ তুলি আনিছিল৷ কিজানি হ্ৰদটোৱেই এক বিভ্ৰম আৰু তাৰ সিপাৰলৈ যাব পাৰিলেই মই দিঠকত ভৰি দিমগৈ৷ 

কিন্তু দিঠকত কোন ৰৈ আছে মোৰ বাবে? শূন্যতা? 

তুমি? তোমাৰ সোঁৱৰণী?

নে লা কুশোফুকোৰ সেই মেক্সিম :  ভালপোৱা ভূতৰ দৰে? 

মই সেই জোনাকে আকল মাৰি ধৰা মাজনিশা সপোনটোৰ পৰা নিজা পৃথিৱীলৈ গুচি আহিবৰ বাবে বিভ্ৰমৰ হ্ৰদটোৰ পাৰত থিয় দিলোঁগৈ৷ ৰঙা-নীলা-সেউজীয়া নাওবোৰ পাৰতে বন্ধা আছিল৷ আৰু কোনো নাছিল৷ নাৱৰ বঠা বাই মোক কোনে এতিয়া সপোনৰ পৰা দিঠকলৈ লৈ যাব?

ৰাতিৰ সমস্ত নীৰৱতা ভাগি ডোখৰ ডোখৰ হোৱাকৈ মই চিঞৰি মাতিলোঁ : ‘নাৱৰীয়াঃ’শ্ৰব্য ৰূপ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close