Written by sdblogs2011 10:50 am Poems

প্ৰি‍ছ্‌ক্ৰিপশ্যনৰ চিলা

ভাস্কৰ জে নাথ যেন 
জোনটো এখন ক্ৰিম সনা ৰুটীহে! 

ভেলেকা দি কামুৰি থাকোঁ আঙুলিৰ কাঁচিজোন নখ

এই কথাবোৰ মোৰ লগত আৰু কাৰ মিলে কোৱা? 

এঘটি পানীয়ে ডিঙি নিজৰা অতিক্ৰম কৰোঁতে‍ পেটৰ পুখুৰীত গীত বাজে
এঘুমটি যাম বুলি লওঁতেই চকুৰ পটাত নিমখৰ পাহাৰ এখন খহি পৰে 

চাৰিটা দুপৰীয়াৰ ভৰিত চাৰিটা ৰ’দৰ চকা লগাই
নিমখ অনাৰ কথা চলি থাকে 

নিমখ আমাৰ পুৰণি চিনাকি 
দিনৰ পাতত এজেবা
ৰাতিৰ পাতত এজেবা

খাল যেন চকুত উত্তৰ-আধুনিক চিনেমা এখন চলি থাকে 
লেপ্‌টপৰ জোনাকত তৰাফুল ছি‍ঙি থাকোঁতে 
প্ৰি‍ছক্ৰিপ্‌শ্যন এখন চিলা হৈ উৰে 

বেছি দূৰলৈ উৰুৱাবও নোৱাৰোঁ 
মাটিত পৰিব দিবও নোৱাৰোঁ।শ্ৰব্য ৰূপ

Visited 1 times, 1 visit(s) today
Website |  + posts
Close