Written by sdblogs2011 10:37 am Articles

প্ৰকৃতি

 দাদুল দেৱকৃষ্ণ

অংকন: বৰ্ণিল মহন্ত


বতৰটো বৰ মুকলি নহয়। আকাশত পাতল ডাৱৰৰ জাক এটা ইফালৰপৰা সিফালে অহা-যোৱা কৰি আছে। বৰষুণ আহিব চাগে’! বৰষুণ এজাক লাগে; পৃথিৱী শুকান হৈ পৰিছে। খেতি-বাতিৰ বাবে বৰষুণ এজাক বৰ দৰকাৰ হৈছিল।

বাৰাণ্ডাৰ চকী এখনত বহি আকাশলৈ চাই আছিল বনানিৰ দেউতাকে। তেনেতে চাইকেল এখন আহি চোতালত ৰ’লহি। আচলতে চাইকেলখন বনানিৰ সমনীয়া বিটপীয়ে চলাই আহিছে। চাইকেলখন ৰখায়েই তাই বনানিৰ দেউতাকক সুধিলে— “বনানি আছেনে বৰদেউতা?”

: ভিতৰতে আছে। টিভিটো চকুৰ আগত লৈ। তুমিও যোৱা।— বিটপীক ক’লে বনানিৰ দেউতাকে।

বিটপী ভিতৰলৈ সোমাই যাবলৈ নৌ পাওঁতেই বনানি বাজ পালেহি। দুয়োজনীয়ে হাঁহিলে আৰু দেউতাকৰ ওচৰত থকা আৰামী বেঞ্চখনত বহিল। তেনেতে পাতলীয়া বতাহ এজাকে শুকান গছপাত কেইটামান আনি চোতাল পোৱালেহি।

: বাহ্ বতাহৰ বাহাদুৰি দেখা; সৰাপাত আনি চোতাল পোৱালেহি।— বিটপীয়ে ক’লে পাতকেইটালৈ চাই।

: বতাহ সঁচাকৈয়ে শক্তিশালী! অৱশ্যে ‘বেলি আৰু বতাহ’ গল্পটোত বতাহ বেলিৰ ওচৰত হাৰিছিল।— বনানিয়ে ক’লে।

: বতাহ আমি দেখা নাপাওঁ, কিন্তু বতাহৰ কাৰ্য দেখা পাওঁ।— বিটপীয়ে ক’লে।

: দেউতা এইজাক কি বতাহ অ’?— বনানিয়ে সুধিলে।

: কোন দিশৰপৰা বলিছে বাৰু?— দেউতাকে ওলোটাই সোধে।

: দক্ষিণৰপৰা।

: তেন্তে মলয়া বতাহ।

: বতাহৰো ভাগ আছে নেকি?— বিটপীয়ে সুধিলে।

: আছেতো। দেউতাই কৈছিল মোক—

পূবৰ বতাহ— কুৰুৱা বতাহ

পশ্চিমৰ বতাহ— পছোৱা বতাহ

উত্তৰৰ বতাহ— ফাল্গুনী বতাহ

দক্ষিণৰ বতাহ— মলয়া বতাহ।

বনানিয়ে বতাহৰ নামকেইটা সলসলীয়াকৈ কোৱা শুনি মনে মনে ভাল লাগিল দেউতাকৰ। তেওঁ জীয়েকৰ কথাৰ শেষত সংযোগ কৰিলে— “বতাহৰ বিষয়ে বিজ্ঞানৰ বহু কথা আছে। তদুপৰি বতাহৰ নামবোৰো বিজ্ঞানৰ মতে সুকীয়া। অৱশ্যে বতাহৰ নামকৰণ তুমি কোৱাৰ দৰে দিশ অনুযায়ীয়েই কৰিছে বিজ্ঞানীসকলে। যেনে— পশ্চিম দিশৰপৰা প্ৰবাহিত বায়ু পশ্চিমা বতাহ, উত্তৰ-পূব দিশৰপৰা বলা বতাহ উত্তৰ-পূব বতাহ। ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমুখ বোলা হয়।”

: কিন্তু বতাহ কাক বোলে?— এইবাৰ বিটপীৰ জানিবলৈ মন গ’ল।

: চমুকৈ ক’বলৈ হ’লে এক বৃহৎ পৰিসৰত হোৱা গেছৰ চলাচল বা বায়ুৰ চলাচলকেই বতাহ বোলে।— বনানিৰ দেউতাকে উত্তৰ দিলে।

: আপুনি কিন্তু মোক বায়ুমণ্ডলৰ বিষয়ে কোৱাৰ কথা আছিল আজি।— বনানিয়ে চকু টিপিয়াই হাঁহি এটা মাৰি দেউতাকলৈ চালে। দেউতাকেও হাঁহিলে আৰু বায়ু তথা বায়ুমণ্ডলৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে।

বায়ু সাধাৰণতে ৭৮% নাইট্ৰজেন, ২১% অম্লজান, ১% আৰ্গন আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে অন্য নিষ্ক্ৰিয় গেছেৰে গঠিত। বাকী গেছবোৰক প্ৰায়ে অৱশেষ হিচাপে গণ্য কৰা হয়, যিবোৰৰ ভিতৰত জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অজনৰ দৰে সেউজগৃহ গেছেই প্ৰধান। বিভিন্ন ৰাসায়নিক যৌগৰ অৱশেষো বায়ুত মিহলি হৈ থাকে। বায়ুৰে এটা অংশ ডাৱৰত বিভিন্ন পৰিমাণৰ জলীয় বাষ্প, প্ৰলম্বিত পানীৰ ক্ষুদ্ৰ টোপাল আৰু বৰফৰ স্ফটিকো থাকে। ধূলি, পৰাগ আৰু ৰেণু, সাগৰীয় পানীৰ কণা, আগ্নেয় ধোঁৱা আৰু মহাকাশীয় কণাৰ দৰে বহু প্ৰাকৃতিক পদাৰ্থও বায়ুত মিহলি হৈ থাকে। বিভিন্ন ঔদ্যোগিক প্ৰদূষক, যেনে— ছালফাৰ ডাই অক্সাইডৰ দৰে ক্লৰিণ, ফ্লৰিণ, মাৰ্কাৰি আৰু ছালফাৰ আদিৰ মৌল বা যৌগও বায়ুত পোৱা যায়।

: বায়ু নহ’লে আমি জীয়াই থাকিব নোৱাৰোঁ। পানী নহ’লেও নোৱাৰোঁ। আমাৰ লগতে আন জীৱ-জন্তুকো বায়ু লাগে ন দেউতা?— আকৌ বনানিৰ প্ৰশ্ন।

: লাগেতো। বায়ুমণ্ডল পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ প্ৰধান চালিকা শক্তি। পৃথিৱীৰ চাৰিওফালে থকা গেছৰ এই পাতল আৱৰণটো পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে বাবেহে পৃথিৱীত জীৱ আছে। ঘাইকথাটো কি জানা? বায়ুমণ্ডলৰ অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ (UV) বিকিৰণ কম কৰাত ডাঙৰ দায়িত্ব পালন পালন কৰে। এই অতি বেঙুনীয়া ৰশ্মি আমাৰ ছালৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ দ্বাৰা হ’বপৰা ডি. এন. এ.ৰ ক্ষতিসাধন ৰোধ কৰি আমাৰ মানৱজাতিৰ লগতে সমস্ত জীৱকুলক ৰক্ষা কৰি আহিছে। তদুপৰি বায়ুমণ্ডলে ৰাতি তাপৰ সমতাও ৰক্ষা কৰে। সাধাৰণভাৱে ক’বলৈ গ’লে বায়ুমণ্ডলে আমাক ছাতি এটাই ৰ’দ আৰু বৰষুণৰপৰা ৰক্ষা কৰাৰ দৰে ৰক্ষা কৰি আহিছে।

: ছাতি এটা বুলি ক’লে যে; জাপি এটা বুলিও ক’ব পাৰিলেহেঁতেন আপুনি!— দেউতাকক জোকাবৰ মনেৰে বনানিয়ে ক’লে।

: হ’ব বাৰু দিয়া, জাপি এটাই। আমাৰ জাপিবোৰত যে তিনিটা তৰপ আছে, তেনেকৈ বায়ুমণ্ডলৰ পাঁচটা তৰপ আছে।

: জাপিৰ তিনিটা তৰপ আছে?— বিটপী আচৰিত হয়।

বহাৰপৰা উঠি গ’ল বনানিৰ দেউতাক। তেওঁ ভঁৰালৰ গাধৈত তুলি থোৱা জাপিটো লৈ পুনৰ আহিল আৰু জাপিৰ তৰপ তিনিটা বিটপীক দেখুৱালে। তলত বাঁহৰ মিহি তমালৰ তৰপ, মাজত টকৌপাতৰ তৰপ আৰু ওপৰত তমালৰ আন এটা তৰপেৰে জাপি এটা হয়। …এইবোৰত বনানি আগৰেপৰাই পাকৈত। তাই এনেবোৰ কথা অলপ অচৰপ জানেই।

: বায়ুমণ্ডলৰ স্তৰসমূহো এনেকুৱাই ন?— বিটপীয়ে জাপিটোলৈ চাই থাকিয়েই সুধিলে।

: এনেকুৱা বুলিয়েই ক’ব পাৰি। মানে এটা স্তৰৰ ওপৰত আন এটা স্তৰ আছে। এইযে আমাৰ ঘৰ একোখনত ককাদেউতা, আইতা, দেউতা, মা, দদাইদেউ, খুৰীদেউ, ককাইদেউ, বাইদেউ, ভাইটি আদি থাকে ইজনৰ পিছত সিজনকৈ; ঠিক তেনেদৰেই বায়ুমণ্ডলৰ তৰপবোৰ ককাই-ভাইৰ দৰে বা পৰিয়াল এটাৰ দৰে। …পৃথিৱীৰ বায়ুমণ্ডলক পাঁচটা প্ৰধান তৰপত ভাগ কৰা হৈছে। এই তৰপসমূহ বায়ুমণ্ডলৰ তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰশীল। এইবোৰৰ বিষয়ে কিন্তু আজি ক’বলৈ সময় নহ’ব। কাইলৈ আকৌ আহিবা, তেতিয়া ক’ম দেই।

: আপুনি কেনিবা যায় নেকি দেউতা?— বনানিয়ে সুধিলে।

: পথাৰলৈ যাওঁ। কালিয়েই দোৱা ধানৰ মুঠি কেইঠৰমান আছে, তাকে বান্ধি লৈ আহোঁগৈ; নহ’লে বতৰটোৰ ৰেহ-ৰূপলৈ চাই বৰষুণ অহাৰ সম্ভাৱনা আছে।

: অ’ দেউতা, ‘ঠৰ’ মানে কি বাৰু?

: ঠৰ হৈছে ধানৰ মুঠিৰ হিচাপ। এহাতত চাৰিটাকৈ দুহাতত আঠটা ধানৰ মুঠি লোৱা হয় ডাঙৰি বন্ধাৰ সময়ত। অৰ্থাৎ আঠোটা মুঠিয়ে এঠৰ। এঠৰ এঠৰকৈ পাঁচ ঠৰ— এটা ডাঙৰি। দহ ঠৰত আশীটা মুঠি, দুটা ডাঙৰি। কোনোৱে ধানৰ ওজন চাই চাৰিঠৰীয়াকৈও বান্ধে।— কথাখিনি কৈ বনানিৰ দেউতাকে হাতত তঙালৰ মুঠাটো আৰু কান্ধত বিৰিয়াপাট লৈ পথাৰলৈ বুলি ওলাল। তেওঁ জানে যে, ৰৈ থকা মানেই আৰু এশ- এবুৰি প্ৰশ্ন উলিয়াব বনানিয়ে তাইৰ ভঁৰালৰপৰা।

বনানিৰ দেউতাক পথাৰলৈ গ’ল।

বনানি আৰু বিটপী ভিতৰ সোমাল।

বায়ুমণ্ডলৰ কথা আৰু প্ৰকৃতিৰ অলেখ কথা আগলৈ থাকিল।

Visited 3 times, 1 visit(s) today
Website |  + posts
Close