Written by sdblogs2011 10:04 am Articles

ছাঁ-পোহৰৰ বাট

উদয় কুমাৰ বৰুৱা
জাৰণিৰ সিপাৰে মাৰ যোৱা বেলিটোসদায় চাওঁ— হেঁপাহ নপলায়
তুমি মনে মনে অঁকা ছবিখনতআটাইবোৰ ৰং আহি ভিৰ কৰেহি
আন্ধাৰৰ মুখামুখি হওঁতেতোমাৰ শুনো নুশুনো মাতটো ছাঁ-পোহৰৰ বাট এটা হয়
কোনে জানো দি গ’ল খবৰ,সেই বাটেৰেই হেনো গোপন যাতায়াত কাণকটা ভেন গঁঘৰো
অথচ মই কোঠাৰ বন্দী আকাশৰ অৰ্গল খুলিনেদেখিলোঁ এশাৰীও কাজল মেঘৰ বিচৰণ
নুবুজিলোঁ কি শোকত আজিও ম্ৰিয়মান
সোণালী ঘেঁহুৰ পথাৰখন…….

শেষ প্ৰহৰ ৰাত্ৰি মুখত পোহৰৰ বীজ লৈউৰি আহে এহাল বুলবুলি চৰাই।
ঠিকনা:অম্বিকাগিৰী নগৰ ৰাধাগোবিন্দ বৰুৱা পথগুৱাহাটী  ২৪ ভ্ৰাম্যভাষ: ৯৪৩৫৫-৬৩৫৭৫শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close