স্মৃতিৰেখা দেৱী
(যোৱা সংখ্যাৰ পাছৰ অংশ)
প্ৰায় প্ৰতিদিনেই গধূলি হোৱাৰ লগে লগে গাহৰিসকলক দুই-তিনিটা দলত ভাগ হৈ অতিথিশালাৰ পিনে যোৱা অনেকে দেখা পালে৷ প্ৰথমে মনে মনে গৈছিল যদিও লাহে লাহে গাহৰিসকল একেবাৰে খোলাখুলিকৈয়ে যাবলৈ ধৰিলে৷ অতিথিশালাতো প্ৰথমে মনে মনে কিবাকিবি কথাৰ চৰ্চা কৰিছিল৷ পিছে দিন বাগৰাৰ লগে লগে হাই-উৰুমি কৰিবলৈও কোনেও ভয় নকৰা হ’ল৷
আচলতে তাত কি ঘটিছে গম ল’বলৈ অনেকেই যত্ন কৰিলে কিন্তু কোনেও সবিশেষ জানিবলৈ সক্ষম নহ’ল৷ বহু প্ৰজাই আনকি ৰাজ্যখনত কিবা নঘটিবলগীয়া ঘটনা ঘটিছে নেকি নাইবা ঘটিব পাৰে নেকি জানিবলৈ বুলি সভাসদসকলকো লগ ধৰিলেগৈ৷ অৱশ্যে মহাৰাজৰ নিৰ্দেশত সভাসদসকলে কথাবোৰ স্পষ্টকৈ কোনো প্ৰজাকে জানিবলৈ নিদিলে৷
দেখনত সৰু হ’লেও সভাসদসকলৰ অন্যতম শ্ৰদ্ধেয় এজন হৈছে বাটলু৷ বাটলুক সেউজপুৰৰ সকলো প্ৰজাই সমীহো কৰে, শ্ৰদ্ধাও কৰে৷ যিকোনো সমস্যাৰ সমাধান আশা কৰি আজিকালি সৰহ সংখ্যক প্ৰজা বাটলুৰ ওচৰলৈহে আহে৷ বাটলুৱেও প্ৰথমে মনোযোগেৰে কথাবোৰ শুনি, ভালকৈ চিন্তা কৰিহে ৰাইজক কথাবোৰ বুজাই দিয়ে৷ আটাইতকৈ ডাঙৰ কথা, বাটলুৱে কথা কওঁতে শ্ৰদ্ধা আৰু মৰমেৰে কয়, যিটো প্ৰজাসকলে তাক ভাল পোৱাৰ আন এটা কাৰণ৷
আজিও তেনে এটা দিন৷ বহু প্ৰজাৰে মনত কিবা এক উৎকণ্ঠা, ৰাজ্যখনত যেন মনে মনে কিবা এটা ঘটি আছে৷ বিশেষকৈ গাহৰিসকলৰ ক্ৰমে ক্ৰমে অস্বাভাৱিক হৈ উঠা গতি-বিধি বাকী সকলো প্ৰজাই লক্ষ্য কৰি আছে৷ প্ৰকৃততেনো ক’ৰ পানী ক’লৈ গৈছে উৱাদিহ ল’বলৈ বুলিয়ে আজি কেইবাজনো প্ৰজা বাটলুৰ ওচৰ পাইছেহি৷
আটাইকে মান অনুসৰি সম্ভাষণ জনাই বাটলুৱে ক’বলৈ ধৰিলে— ‘‘ৰাজ্যখনত অস্বাভাৱিক পৰিস্থিতি এটা হোৱা বুলি আপোনালোকেই নহয়, আটাইবোৰ প্ৰজাই চিন্তিত হোৱাটো আমি মন কৰিছোঁ৷’’ বাটলু ৰ’ল৷ কাৰণ ইতিমধ্যে মলুৱা আৰু তেওঁৰ ডেকা পুত্ৰদ্বয় হলৌ আৰু ভলৌও আহি ওলালহি৷ বাটলুৱে তিনিওকে সম্ভাষণ জনাই আটাইৰে মুখবোৰ পলকতে লক্ষ্য কৰিলে৷ চেৰেলি, কৃষ্ণা, গেৰেলা আদিকে ধৰি প্ৰায় দহ-বাৰজনমান লোক তাত গোট খাইছে৷
বাটলু মনে মনে থকা দেখি এইবাৰ চেৰেলিয়ে মাত লগালে— ‘‘আচলতে বাটলু মহাশয়, ঘটনানো কি ঘটিছে আমি ভালকৈ একো গমকে পোৱা নাই৷ আমাক ভাঙি-পাতি কওকচোন৷’’
‘‘হয়৷ মই তাকেই ক’বলৈ ওলাইছোঁ৷ আপোনালোকে মন দি শুনিব৷’’ — এইবুলি বাটলুৱে আচলতে কি বুলি ক’লেনো ভাল হ’ব চিন্তা কৰিলে৷
মনতে ক’বলগীয়াখিনি জুকিয়াই লৈ এইবাৰ বাটলুৱে আকৌ মুখ মেলিব খুজিছিলহে, তেনেতে গেৰেলা নামৰ গাহৰিজনে দুখমনেৰে ক’বলৈ ধৰিলে— ‘‘মই বৰ লাজ পাইছোঁ, মহাশয়৷ মোৰে দূৰ সম্পৰ্কীয় এই ভোলা বোলাটো৷ ইয়ে যতকূটৰ ঘাই৷ বিদেশীকেইটাৰ পেলনীয়া পোছাক পিন্ধি চাহাব বোলাবলৈ মন তাৰ৷ যিদিনা মুখ থেকেচা খাব সেইদিনাহে সি গম পাব৷ স্বাৰ্থপৰ বিদেশীহঁতৰ মতলব সি বুৰ্বকে বুজিকে পোৱা নাই৷ মই বুঢ়াই কিন্তু ঠিক বুজিছোঁ, বিদেশীহঁতৰ কিবা গোপন ইচ্চা আছে৷ আমাৰ সেউজপুৰত সিহঁতে…৷
— ‘‘ৰ’বচোন ৰ’ব৷ আপুনি ইমান উত্তেজিত নহ’ব৷ ভোলাৰ বয়স কম৷ সি যদি বুজি পোৱা নাই আমি তাক বুজাম নহয়৷
ছলেৰে বাটলুৱে গেৰেলাৰ মুখখন বন্ধ কৰিলে৷ ক’ত কি ক’ব লাগে কি ক’ব নালাগে গেৰেলাই নাজানে৷ বাটলুৱে মন কৰিলে, গেৰেলাই যেন ভোলাহঁতৰ গোপন কথাবোৰৰ বহুত জানে! কিন্তু গেৰেলাই জনা কথাবোৰ বাকী ৰাইজখনে জানিলে ৰাজ্যখনৰ প্ৰজাৰ মাজত অহিতকৰ ঘটনা একোটাও হঠাতে ঘটি যাব পাৰে৷ বিশেষকৈ গাহৰিসকলে যদিহে সেউজপুৰৰ অহিত হ’ব পৰা কিবা কৰিবলৈ ওলোৱা বুলি ৰাইজখনে প্ৰমাণ পায়, গাহৰিসকলৰে বিপদ হ’ব৷ গোটেইখন ৰণাঙ্গন হৈ পৰিব৷ নাই নাই, তেনে হ’বলৈ দিব নোৱাৰি৷ তাৰ উপৰি বিদেশীহঁতৰ ষড়যন্ত্ৰৰ বিষয়ে মহাৰাজে গম পোৱা বুলিও সিহঁতক বুজিবলৈ দিব নোৱাৰি৷ গতিকে এই মুহূৰ্তত বুদ্ধি কৰি এই লোককেইজনক মনঃপূত হোৱাকৈ কিবা এষাৰ কৈ আঁতৰাই লৈ গেৰেলাৰ সৈতে অকলশৰে কথা পতাই উত্তম হ’ব৷
বাটলুৱে কৰ্তব্য স্থিৰ কৰি পেলালে৷ সি হাঁহি এটা মাৰি ক’বলৈ ধৰিলে— ‘‘আপোনালোকে নো চিন্তাত পৰিবলগীয়া কি ঘটিছে মই নাইবা আমাৰ মহাৰাজে হ’লে একো গম পোৱা নাই৷ মহাৰাজৰ চোৰাংচোৱায়ো একো গম দিয়া নাই৷ এতেকে, মই আপোনালোক মিছাতে চিন্তিত হৈছে বুলিহে ভাবিছোঁ৷ কাৰণ এতিয়ালৈকে সেউজপুৰত একো অস্বাভাৱিক ঘটনা ঘটা নাই৷ গেৰেলা ডাঙৰীয়াই ভোলাক বেয়া বুলিছে৷ মই কিন্তু বেয়া নোবোলোঁ৷ আমাৰ অতিথি বিদেশী মাষ্টৰকেইজন যিহেতু গাহৰি, আমাৰ গাহৰি প্ৰজাসকল তেওঁলোকৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ’বই৷ এইটো স্বাভাৱিক৷ কাৰণ গিয়াতিৰ প্ৰতি টান এটা আটাইৰে মনত থাকেই৷ আৰু আমাৰ গাহৰি প্ৰজাসকল বিদেশী মাষ্টৰকেইজনৰ ওচৰলৈ যোৱা কাৰণেই তেওঁলোকে বেলেগ কিবা শিক্ষা পোৱা নাই৷ কাৰণ আমাৰ মাননীয় বগলী পণ্ডিত প্ৰায়ে অতিথিশালাতে থাকে দেখোন৷ আৰু এটা কথা নহয় ৰাইজ৷ আমাৰ গাহৰিসকলে যদি বিদেশী মাষ্টৰদুজনৰ পৰা কিবা কথা বেছিকৈ শিকিব পাৰে লাভ দেখোন আমাৰেই হ’ব৷ বিদেশী দুজন গুচি যোৱাৰ পাছত আমাৰ গাহৰিসকলেই বাকী প্ৰজাক শিকাব-বুজাব পাৰিব৷ আৰু এটা কথা৷ বৰতলৰ পাঠশালাত দেখোন আটায়ে একে শিক্ষাকে লাভ কৰিছে৷ আচলতে কি জানেনে ৰাইজ? শিক্ষকে আগ্ৰহী ছাত্ৰক ভাল পায়৷ আমাৰ গাহৰিসকলে যদি বিদেশী মাষ্টৰ দুজনক তেওঁলোকৰ বহাতে কিবা সুধিবলৈ গৈছে তেন্তে নিশ্চয় তেওঁলোকে সোধাখিনি শিকাই দিছে৷ গতিকে মই ভাবিছোঁ, এনে হোৱাৰ ফলত আমাৰ সেউজপুৰখনৰ উন্নতিহে হ’ব৷ আৰু এটা কথা৷ আমি সকলো সহোদৰৰ দৰে৷ ৰাজ্যখনত বিপজ্জনক কিবা ঘটিলে আমি নিশ্চয় আটায়ে একে সময়তে গম পাম৷ যি কৰিবলগীয়া হয় আমি একেলগেই কৰিম৷
কথাখিনি কৈ বাটলুৱে আটাইৰে মুখবোৰ আকৌ এবাৰ লক্ষ্য কৰিলে৷ আটাইৰে মুখবোৰ ফৰকাল হৈ উঠিল৷ কিন্তু গেৰেলাৰ মুখতহে কোনো ধৰণৰ সন্তুষ্টি ফুটি নুঠিল৷ তেওঁ এক প্ৰকাৰ চিঞৰিয়েই উঠিল— ‘‘আপুনি ভবাৰ দৰে কথাবোৰ ইমান সহজ হৈ থকা নাই বাটলু ডাঙৰীয়া৷’’
‘‘ৰ’বচোন৷ মোৰ কথা এতিয়াও শেষ হোৱা নাই৷’’ — বাটলুৱেও যিমান পাৰি সিমান ডাঙৰকৈ ক’বলৈ যত্ন কৰিলে৷ তাৰ বুজিবলৈ বাকী নাথাকিল যে গেৰেলাই নিশ্চয় গাহৰিসকলৰ চক্ৰান্তৰ সকলো কথাই জানিব পাৰিছে৷ নজনাৰ কোনো কাৰণ নাই৷ কাৰণ কিছু দিনৰ আগলৈকে ভোলা নামৰ শৰণাৰ্থী গাহৰিটো তেওঁৰ লগতে আছিল৷ পাছতহে সি বিদেশী মাষ্টৰ দুজনৰ ভৰি চেলেকিবলৈ ধৰিলে৷ ভোলাৰ কথা ভাবি টিঙিচকৈ খং এটা উঠি আহিল বাটলুৰ৷ সি নিজকে চম্ভালি কোনোমতে ক’লে— ‘‘আপোনালোক এতিয়া যাওকগৈ ৰাইজ৷ কিবা জনাবলগীয়া থাকিলে আপোনালোকক নিশ্চয় জনাম৷ মুঠৰ ওপৰত আপোনালোক একেবাৰে নিশ্চিন্ত হৈ থাকক৷ মহাৰাজৰ ওপৰত বিশ্বাস ৰাখক৷”
একে উশাহতে কথাখিনি কৈ পেলালে বাটলুৱে৷
আটায়ে হয় হয় বুলি শলাগি যাবলৈ ওলাল৷
‘‘গেৰেলা ডাঙৰীয়া, আপুনি অকণমান ৰ’বচোন৷”— বাটলুৱে আনৰ কাণত নপৰাকৈ গেৰেলাক ইঙ্গিতেৰে ক’লে৷ আচলতে তেওঁনো কথাবোৰ কেনেদৰে গম পাইছে, কিমানলৈকে গম পাইছে জানিবলৈ মন গ’ল বাটলুৰ৷ আন প্ৰজাই যদি গেৰেলাৰ পৰা জানিব নলগীয়া কিবা কথা জানিবলৈ পায় তেন্তে ঘটনাৰ গতি হঠাতে বেলেগ ফাললৈ ঢাল খাবও পাৰে৷ গতিকে গেৰেলাৰ সৈতে কথাখিনি মুকলিকৈ পাতি পেলোৱা ভাল৷ বাটলুৱে ভাবিলে৷
বাকীসকল এক নিৰাপদ দূৰত্বলৈ আঁতৰি যোৱালৈ বাটলু আৰু গেৰেলা মৌন হৈ ৰ’ল৷
‘‘মহাশয়, মোক কিয়বা ৰ’বলৈ ক’লে? মই বাৰু নাজানি কিবা জগৰ লগালোঁ নেকি?’’ — গেৰেলাই বিনয়েৰে সুধিলে৷ সন্মাননীয় সভাসদজনৰ মুখৰ ওপৰতে কথা ক’ব খোজাত তেখেতে বেয়াওতো পাব পাৰে, ভাবিলে গেৰেলাই৷
বাটলুৱে উত্তৰ নিদি গছ এজোপাত উঠি ৰাইজ কিমান দূৰ পালেগৈ সাউৎকৈ চাই নামি আহিল৷ তাৰ পাছত আৰম্ভ কৰিলে— ‘‘ডাঙৰীয়া, কাষৰীয়া ৰাজ্যৰ পৰা আহিলেও আজিৰ তাৰিখত আপুনি সেউজপুৰৰ এজন সন্মাননীয় নাগৰিক৷”
‘‘তেনেকৈ নক’ব বাটলু ডাঙৰীয়া৷ মই এতিয়া কাষৰীয়া ৰাজ্যৰ হৈ থকা নাই৷ যিদিনাই মহাৰাজ কেশৰীৰ ইচ্ছাত আপোনালোকে আমাক মহামাৰীৰৰ কবলৰপৰা উদ্ধাৰ কৰি আনিলে, সেই দিনাৰ পৰাই মনে-প্ৰাণে মই সেউজপুৰীয়া হৈ পৰিলোঁ৷ কাষৰীয়া ৰাজ্যৰ বুলি কৈ আপুনি মোক পৰ কৰি নেপেলাব মহাশয়৷ সেউজপুৰৰ ধাৰ মই এই জীৱনত পৰিশোধ কৰিব নোৱাৰিম৷ মোৰ এই জীৱনটো আচলতে আপোনালোকৰে দান৷ সেই কাৰণেই এই ৰাজ্যখনৰ কাৰণে মই মোৰ জীৱনটো উৎসৰ্গা কৰিছোঁ৷ সেউজপুৰৰ মঙ্গলৰ কাৰণে দৰকাৰত মই মোৰ জীৱনটো দিবলৈও প্ৰস্তুত হৈ আছোঁ ডাঙৰীয়া৷ কিন্তু মই ৰাইজৰ আগত মুখ উলিয়াবলৈকে লাজ পাইছোঁ মোৰে সম্পৰ্কীয় এই ভোলাটোৰ কাৰণে৷”
গেৰেলাই ভোলাৰ কথা উলিয়ালেও সেই বিষয়ত গুৰুত্ব নিদিয়া যেন দেখুৱাই বাটলুৱে ক’লে
‘‘সেউজপুৰত আপোনালোকৰ পদাৰ্পণৰ দিনাৰপৰাই আমিও অন্তৰেৰে আপোনালোকক নিজৰ এজন বুলি গ্ৰহণ কৰিছোঁ৷ সেউজপুৰৰ আটায়েই আপোনালোকক নিজৰ বুলিয়ে ভাবে৷ কিন্তু আপোনাৰ যদি ভোলাৰ সৈতে কিবা ব্যক্তিগত কথাত দ্বন্দ্ব হৈছে তেন্তে তাক ৰাজহুৱা কৰি নেপেলাব৷”— বাটলুৱে কৌশলেৰে কথাবোৰ উলিয়াবলৈ যত্ন কৰিলে৷
— ‘‘ব্যক্তিগত কথা নহয় ডাঙৰীয়া৷ ব্যক্তিগত কথা নহয়৷ মইনো এই বুঢ়া বয়সত ব্যক্তিগত কথা লৈ ডেকাৰ লগত কাজিয়া কৰিমনে?’’
— ‘‘তেনেহ’লে? কথা কি?’’
— ‘‘কথা বিষম ডাঙৰীয়া৷ কেইবাদিনো আগৰে পৰা এই কথাবোৰকে ক’বলৈ মই অকলশৰে আপোনাৰ ওচৰলৈ অহাৰ কথা ভাবি আছিলোঁ৷ পিছে সাহসেহে কুলোৱা নাছিল৷ আজি ৰাইজখনে লগ ধৰিলত তেওঁলোকৰ সাহসতে আহিলোঁ আৰু আহিয়েই বিপদত পৰিলোঁহি৷”
— ‘‘আপুনি কি বিপদত পৰিলে? আপুনি দেখোন একো বিপদত পৰা নাই৷ এই সামান্য নিগনিটোৰ পৰা আপোনাৰ একো অপকাৰ নহয়৷ আপুনি নিৰ্ভয়ে কওক৷”
গেৰেলাই যেন বাটলুৰ কথাত হাতেৰে সৰগহে ঢুকি পালে৷ তেওঁ ক’বলৈ ধৰিলে— ‘‘মহাশয়, কোনোবা এদিনৰ পৰা মই মন কৰিলোঁ, ভোলাৰ আচৰণ যেন কিছু সলনি হ’বলৈ ধৰিছে৷ সি হঠাতে খুব সাহসী হৈ উঠিছে, সকলো কথা জনা লোকৰ দৰে আত্মবিশ্বাসী হৈ উঠিছে৷ মই তেতিয়াই আপোনালোকক জনাব খুজিছিলোঁ৷ কিন্তু কি বুলিনো জনাম উৱাদিহেই পোৱা নাছিলোঁ৷ কথা এষাৰ ক’বলৈতো নিৰ্দিষ্ট ধৰণ এটা লাগে৷ তাৰ চৰিত্ৰ সলনি হোৱা বুলি কোৱা মানে কি কোৱা হ’ব মই নিজেই বুজি পোৱা নাছিলোঁ৷”
গেৰেলা ৰ’ল৷ দীঘল দীঘল উশাহ দুটামান লওঁতে গেৰেলাৰ নাকেদি ঘোঁৎ ঘোঁৎ শব্দ দুটামান বাহিৰ হ’ল৷ বয়স হৈছে নহয়, কথা কওঁতেও ভাগৰ লাগে৷ বাটলুৱে ভাবিলে আৰু ক’লে— ‘‘আপুনি যি জানিব পাৰিছে এফালৰ পৰা লাহে লাহে কৈ যাওকচোন৷ আচলতে ৰাজ্যখনত কিবা এটা হৈছে বুলি আমিও গম পাইছোঁ৷ কিন্তু সাধাৰণ প্ৰজাই এতিয়াই গম পোৱাটো মহাৰাজে বিচৰা নাই৷ ক’বতো নোৱাৰি, কোনে কাক আক্ৰমণ কৰি অশান্তি সৃষ্টি কৰি দিয়ে৷ সেই কাৰণে আপোনাক মই এটা অনুৰোধ কৰিম, ভোলাহঁতৰ বিষয়ে আপুনি যিবোৰ কথা জানিব পাৰিছে বা এতিয়া আপুনি মোক যিবোৰ কথা ক’ব, সেইবোৰ যেন আন কোনো প্ৰজাৰ আগতে নকয়৷ এতিয়া আপুনি কৈ যাওক৷ লৰালৰি কৰিব নালাগে, লাহে লাহে কওক৷”
‘‘মই বুজিছোঁ মহাশয়৷ আপোনাৰ কথা মই মনত ৰাখিম৷ ৰাজ্যখনৰ এজন বয়োজ্যেষ্ঠ প্ৰজা হিচাপে ৰাইজক চিন্তামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত মোৰো যে দায়িত্ব আছে আপোনাৰ কথাই মোক বুজাই দিছে৷ আপোনাক মই কথা দিছোঁ যে এইবোৰ কথা মই আন কাৰো আগত নকওঁ৷ এতিয়া শুনক৷ আগতে ভোলা তেনেই অজলা আছিল৷ সেই কাৰণেই কিজানি খংটো তাৰ টিঙিচকৈ উঠে৷ এনেয়ে সি ল’ৰাটো বৰ ভাল ল’ৰা আছিল৷ পিছে বিদেশী মাষ্টৰ দুটাৰ ওচৰলৈ ঘনাই ঘনাই যাবলৈ লোৱাৰ পৰা সি দেখোন বেলেগ হ’বলৈ ধৰিলে৷ এদিন মই সুধিছিলোঁ, কি কথা, কি বতৰা? সি ক’লে বোলে সিহঁতে নতুন নতুন জ্ঞানৰ কথা পাতিছে৷ মই বোলোঁ মোকে সেই জ্ঞানৰ ভাগ দে আক’৷ সি তেতিয়া আবোল-তাবোল গাই মোৰপৰা আঁতৰিবলৈ যত্ন কৰিলে৷ মই তেতিয়াই বুজিলোঁ যে সি মোৰ পৰা কিবা কথা লুকুৱাইছে৷ এদিন মই জোৰকৈ ধৰাত ক’লে সিহঁতে বোলে কিবা বিপ্লৱৰ কথা শিকিছে৷ মই সুধিলোঁ বোলোঁ কি বিপ্লৱ, কেনেকুৱা বিপ্লৱ, সেইটো খায়নে পিন্ধে? তেতিয়া সি যিষাৰ কথা ক’লে, শুনিয়েই মই থৰ হৈ গ’লোঁ বুজিছে? সিহঁতে হেনো গোটেই পৃথিৱীতে গাহৰিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব খুজিছে৷ জেক আৰু পুলিন নে কি সেই দুটাই হেনো সেইবোৰকে শিকাই আছে৷ তাৰ পাছত ভোলাই সুবিধা পালেই মোকো বুজাবলৈ ধৰিলে, ‘পৃথিৱীৰ সকলো জীৱৰ ভিতৰত হেনো গাহৰিসকলেই শ্ৰেষ্ঠ৷ গাহৰিসকলৰ মগজুৰ শক্তি হেনো বেছি৷’’ মই কাহানিও বিশ্বাস কৰিব নোৱৰা কথাবোৰ প্ৰথমে উৰুৱাই দিছিলোঁ৷ তাৰ পাছত ভাবিলোঁ, মই অকণমান আগ্ৰহ দেখুৱালে সি মোক লাহে লাহে সকলো কথা ক’ব৷ তেতিয়াই মই মহাৰাজকে হওক বা আপোনাকে হওক, মনে মনে কথাবোৰ জনাব পাৰিম৷ ভাবিলোঁহে মহাশয়, কিন্তু কিবা ভয়-সংকোচত আপোনালোকৰ কাষ চপাই নহ’ল৷ সেই কাৰণেই কিজানি সিহঁত বহুত দূৰ আগ বাঢ়ি গ’ল৷ এতিয়া সেউজপুৰখনৰ অমঙ্গল নহ’লেই হয় আৰু৷
কথাখিনি কৈ থাকোঁতে গেৰেলাৰ মুখত তেনেই অসহায় ভাব এটা ফুটি উঠিছিল৷ বাটলুৱে তেওঁৰ বুদ্ধিৰ প্ৰশংসা নকৰি নোৱাৰিলে যদিও তেওঁৰ ভয়ৰ কাৰণটোহে নুবুজিলে৷ কিন্তু এই মুহূৰ্তত বাটলুৰ মগজুত এটা নতুন পৰিকল্পনা সৃষ্টি হ’ল৷ ঠিক, ঠিক৷ গেৰেলাকে দেখোন আমি চোৰাংচোৱা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ৷ সি ক’লে—
আপুনি বৰ বুদ্ধিয়ক আৰু চিন্তাশীল ব্যক্তি ডাঙৰীয়া৷ আপুনি যি কৰিছে সেয়া সেউজপুৰৰ উপকাৰৰ অৰ্থেই কৰিছে৷ সেইখিনিৰে নিশ্চয় সেউজপুৰৰ মঙ্গল হ’ব৷ এতিয়া মই আপোনাক মাননীয় মহাৰাজৰ হৈ এটা দায়িত্ব দিব খুজিছোঁ৷ আচলতে মই আপোনাৰ ওচৰলৈ যোৱাৰ কথাই আছিল৷
একেবাৰে শেষৰ কথাষাৰ বাটলুৱে মিছাকৈয়ে ক’লে৷ সি জানে, ৰাজ্যখনৰ মঙ্গলৰ কাৰণে কেতিয়াবা মিছা কথা একোষাৰ কোৱাটো জৰুৰী হৈ পৰে৷ গেৰেলাই সুধিলে— ‘‘কি দায়িত্ব মহাশয়?’’
আপুনি ভোলাহঁতৰ ষড়যন্ত্ৰৰ সবিশেষ জানিবলৈ যত্ন কৰকচোন৷ লগতে আপুনি দিনটোত অন্ততঃ এবাৰ মোৰ ওচৰলৈ আহিবই৷ যিমান পাৰে গোপনে আহিব৷ মানে আপোনাৰ জ্ঞাতি গাহৰিসকলে নেদেখাকৈ বা নজনাকৈ আহি মোক কথাবোৰ ক’বহি৷
গেৰেলাৰ মুখখন পোহৰ হৈ উঠিল৷
মোক সেউজপুৰৰ কাৰণে কিবা এফেৰি কৰিবলৈ দিয়াত মই নথৈ সুখী মহাশয়৷ আপোনাৰ আদেশ মই আখৰে আখৰে পালন কৰিম৷
‘‘এ… আদেশ নহয়, ডাঙৰীয়া, অনুৰোধহে৷ আপুনি মোৰ পিতৃতুল্য৷ আপোনাকনো মই আদেশ দিব পাৰোঁনে?’’ — সবিনয়ে ক’লে বাটলুৱে৷ গেৰেলাই ইতস্ততঃ বোধ কৰিলে৷
‘‘তেনেহ’লে মহাশয়, মই এতিয়া বিদায় লওঁ৷’’
গেৰেলা প্ৰফুল্লিত মনেৰে যাবলৈ ওলাল৷
বাটলুও মহাৰাজৰ ওচৰলৈ যাবলৈ ওলাল৷ তাৰো মনটো আনন্দৰে ভৰি উঠিল৷
(অহা সংখ্যালৈ বাট চোৱাঁ৷)শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
