Written by sdblogs2011 8:25 am Poems

গছপাত আৰু বৰষুণৰ কণিকা

সৌৰভ শইকীয়া

সকলোতকৈ শক্তিশালী কল্পনাবোৰ
পোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে৷

ডাল এৰি হঠাতে কিয় উৰি গ’লা?
অলপ আগলৈকে তুমি
প্ৰশ্নবিদ্ধ আছিলা৷

তুমি সেউজীয়া কাঁইট
মই পিপাসাৰ্ত, তেজলগা গানৰ কণিকা
দৰ্শক হৈয়ে চাই থাকিবা?

মই কেতিয়াও, কোনো দিনে দৰ্শকৰ কাৰণে
নাটক কৰা নাই৷
নাটক কৰিছোঁ নিজৰ কাৰণে
যি নাটকত নিজকে চাব বিচাৰিছোঁ

তুমি কোন?
গানৰ গছ-গছনিবোৰ ক’ৰ পৰা আহিল?
বিচাৰিলেই নাপাবা
বহুতো ধুনীয়া গান আজি হেৰাই গৈছে

বিলীন হৈ যায় দৃশ্যবোৰ৷
তাৰ আগতেই
মই শেষ হৈ যাম
বৰষুণে জুই লগাই দিয়া অংকবোৰত৷ নাটক?

নাটক তিনি ঘণ্টা চাইছিল মানুহে৷
অজি-কালি এক ঘণ্টাৰ নাটকো
ভালকৈ চাব নোৱাৰে৷
সকলো সময়তে জেপত হাত ভৰাই ভাবি থাকে
ফ’নটো কেতিয়া বাজিব …

কোন তুমি?
কেন্‌ভাছ অতিক্ৰমি কিয় উৰি গ’লা?
স্বপ্নৰ অভ্যন্তৰত উন্মাদ ভেনচেণ্ট্ আছিল৷শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close