Written by sdblogs2011 8:25 am Articles

ৰন্ধন কলা

নাৰিকলৰ সৈতে বৰা চাউলৰ চুঙাপিঠা

উপকৰণ:
বৰা চাউলৰ পিঠাগুড়ি‍: ১/২ কেজি
নাৰিকল:এফাল ৰুকি লোৱা
চেনি: ১ কাপ
বাঁহৰ চুঙা:দুটা

প্ৰণালী: বৰা চাউলখিনি ৮ ঘণ্টা পানীত তিয়াই থ’ব৷ তাৰ পাছত টুকি লৈ ভালকৈ ধুই ৰুকি লোৱা নাৰিকল আৰু চেনিৰ লগত মিহলাই তৈয়াৰী কৰি ৰখা চুঙাকেইটাত  আধালৈ ভৰাই জোখমতে সিজিব পৰাকৈ পানী দি  বাঁহৰ মুখখন খেৰ বা কলপাতেৰে ঢাকি কমেও ২০ মিনিট সময় জুইত পুৰিব৷ চুঙাটোৰ বাহিৰখন ক’লা পৰিলে জুইৰ পৰা আঁতৰাই ঠাণ্ডা হলে চুঙাটো ফালি পিঠাখিনি উলিয়াই দৈ আৰু গুৰৰ লগত পৰিৱেশন কৰক৷

  কাজুৰে গিলাচ পিঠা

উপকৰণ:পিঠাগুড়ি‍: ৪ কাপচেনি: ৪ চাহ-চামুচ
নিমখ: এচিকুটকাজু: ১৫০ গ্ৰাম গুৰি কৰি ল’ব৷
কাগজৰ চাহ খোৱা কাপ: ২ টা

প্ৰণালী: পাত্ৰ এটিত পিঠাগুড়ি‍খিনিৰ সৈতে কাজুৰ গুড়ি‍, চেনি আৰু নিমখ এচিকুট সানি লৈ চালনি এখনত লৈ ভালকৈ হাতেৰে হেচি চালি ল’ব৷ তাৰ পাছত কাগজৰ গিলাচ দুটাৰ তলত  ছিদ্ৰ কৰি লৈ গিলাচৰ মুখলৈকে পিঠাগুড়িখিনি ভৰাই ল’ব। কুকাৰ এটাত আধালৈ পানী  উতলাই তাত হুইছেলটো খুলি ঢাকনিখন লগাই হুইছেলৰ ঠাইত গিলাচটো বহুৱাই ওপৰত বাটি‍ এটাৰে ঢাকি দিব। দুই মিনিটৰ পাছত নমাই থওক৷  ঠিক তেনেদৰে আনটো গিলাচো কৰক৷ এইদৰে গোটেইখিনি পিঠাগুড়িৰে পিঠাখিনি প্ৰস্তুত কৰি গিলাচৰ পৰা উলিয়াই পৰিৱেশন কৰিব। 

বীট আৰু নাৰিকলৰ লাড়ু

উপকৰণ:
নাৰিকলৰ গুড়ি: ১ কাপবীট: এটা ৰুকি ল’বমিল্ক্‌মেইড: ১/২ কাপ
ইলাচিৰ গুড়ি: ১/২ চামুচ
কাজু,কিচমিচ,চেৰী,মিহিকৈ কাটি লোৱা: ১/২ কাপ
ঘিউ: ২ চামুচ

প্ৰণালী: কেৰাহী এটা গেছত বহুৱাই ঘিউ দিব। ঘিউ গলি গ’লে তাতে বীটখিনি ভাজিব। মজি আহিলে ড্ৰাই ফুডখিনি দি দিব৷ এইদৰে আৰু দুই মিনিট ভাজি তাত নাৰিকলৰ গুড়ি দি আৰু ৫/৬ মিনিটমান কম জুইত ভাজি তাতে মিল্ক্‌মেইডখিনি  মিহলাওক৷ তাৰ পাছত ইলাচিৰ গুড়িখিনি দি ভালদৰে লৰাই লাড়ু বান্ধিব পৰা হ’লে মিশ্ৰণখিনি নমাই, চুব পৰা হ’লে লাড়ুকেইটা বান্ধি লৈ চাহৰ লগত পৰিৱেশন কৰক৷

নিতুমণি দাস শৰ্মা

ভ্ৰাম্যভাষ: ৮৮৭৬২৫৩৫৯১

পূৰ্বৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close