Written by sdblogs2011 7:54 am Articles

ৰন্ধন কলা

মৌচুমী মহন্ত

আটাৰ খুৰ্মা

উপকৰণ:
আটা : ৫০০ গ্ৰাম
গুৰ  : ২৫০ গ্ৰাম 
ৰোকা নাৰিকল: দুই টেবুল-চামুচ
ৰিফাইন তেল 
নিমখ এচিকুট

প্ৰণালী: আটাৰ লগত ৪ টেবুল-চামুচ তেল আৰু নিমখ দি ভালকৈ সানি ল’ব৷ এতিয়া পানীৰে  আটাখিনি মাৰি কেইটামান বল বনাই বেলনাত অলপ ডাঠকৈ বেলি লৈ নিজৰ পছন্দৰ আকাৰত কাটি লওক৷ এখন কেৰাহীত তেল গৰম কৰি কম জুইত কাটি থোৱা টুকুৰাবোৰ মচ্‌মচীয়াকৈ ভাজক৷ এতিয়া গুৰৰ লগত আধাকাপ পানী মিহলাই উতলিবলৈ দিয়ক৷ গুৰ উতলি আঠালেতীয়া হ’লে ভাজি থোৱা খুৰ্মাবোৰ গুৰৰ লগত মিলাই অলপ  দিয়ক৷ গুৰ শুকাই খুৰ্মাবোৰত লাগি ধৰিলে জুই বন্ধ কৰক৷

পিঁয়াজী বেঙেনা

 উপকৰণ: বৰবেঙেনা দুটাপিঁয়াজ: ডাঙৰ আকাৰৰ দুটা
আদা-নহৰু বটা: এক টেবুল-চামুচ
জীৰাগুড়ি‍: আধা চাহ চামুচ
ধনি‍য়াগুড়ি‍: আধা চাহ-চামুচ
নিমখ-হালধি: আন্দাজমতে
গৰম মচলাৰ গুড়ি‍: আধা চাহ-চামুচ 
কেঁচা জলকীয়া দুটামান আৰু ধনি‍য়াপাত অলপ

প্ৰণালী: প্ৰথমে বেঙেনাখিনি গোল গোলকৈ কাটি নিমখ-পানীত ১০ মিনিট পানীত তিয়াই থ’ব৷ তাৰ পাছত নিমখ-হালধি সানি তেলত ফ্ৰাই কৰি ল’ব৷ পিঁয়াজখিনি বটি ল’ব৷ কেৰাহীত তেল গৰম কৰি বটা পিঁয়াজখিনি দিব৷ পিঁয়াজখিনি ৰঙচুৱা পৰিলে আদা-নহৰু বটাখিনি দি কেঁচা গোন্ধ গ’লে গুড়ি‍ মচলা দিয়ক৷ মচলা ভজাৰ পাছত আধাকাপ পানী দি উতল আহিলে বেঙেনাখিনি দি দিয়ক৷ কেঁচা জলকীয়াকেইটাও ফালি দিয়ক৷ জোলখিনি উতলি ডাঠ হৈ আহিলে গৰম মচলাৰ গুড়ি‍ আৰু অলপ কুটা ধনি‍য়াপাত দি নমাই থওক৷

ফুলকবিৰ পকোৰা

উপকৰণ:
ফুলকবি: ৪০০ গ্ৰাম
বেছন: এক কাপ
আদা-নহৰু বটা: এক চাহ-চামুচ
জলকীয়াৰ গুড়ি‍: আধা চাহ-চামুচ
জীৰা : আধা চাহ-চামুচ
ধনি‍য়াৰ গুড়ি‍: আধা চাহ-চামুচ
নিমখ আৰু হালধি: আন্দাজমতে
বেকিং পাউদাৰ: আধা চাহ-চামুচ

প্ৰণালী: ফুলকবি ঠাৰিৰ সৈতে সৰু সৰুকৈ কাটি লৈ অলপ সিজাই ল’ব৷ বেছনৰ লগত সকলো বস্তু মিহলাই পানীৰে ফেটি ল’ব৷ এতিয়া এপাহ এপাহকৈ ফুল লৈ বেছনত ডুবাই গৰম তেলত ভাজিব৷

ঠিকনা:পটীয়াগাঁও, যোৰহাট

পূৰ্বৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close