Written by sdblogs2011 7:54 am Articles

গ্ৰন্থজগতৰ শেহতীয়া ৰেহ-ৰূপ

ৰঞ্জুমণি মহন্ত

“পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”— সত্যনাথ বৰাদেৱৰ ‘সাৰথি’ পুথিখনৰ ‘পুথি অধ্যয়ন’ শীৰ্ষক লেখাটোত উল্লেখ থকা এই বাক্যটোৱে মনৰ মাজত এনেভাৱে খাজ কাটি থৈছে যে যেতিয়াই আমি আমাৰ জীৱনত কিতাপৰ ভূমিকাৰ কথা ভাবোঁ, তেতিয়াই এই বাক্যটো মনলৈ আহে৷ এখন কিতাপ মেলি লোৱা মানে এখন নতুন পৃথিৱীৰ দুৱাৰ মেলি লোৱা৷ কিতাপ হ’ব পাৰে আমাৰ বাবে নিজানৰ সংগী, বিপদৰ বন্ধু, অথবা আমাৰ পথ প্ৰদৰ্শক৷ বৰ্তমান সময়ত আমি কিতাপ নোহোৱা জীৱন এটাৰ কথা ভাবিবই নোৱাৰোঁ৷ লাগিলে সেয়া পৰম্পৰাগত ছপা কিতাপেই হওক বা ই-কিতাপেই (E-Book) হওক।

কম্পিউটাৰ, ম’বাইল ফ’ন মানুহৰ জীৱনৰ এক এৰাব নোৱৰা অংগ হৈ পৰা তথ্য-প্ৰযুক্তিৰ এই অপৰিমিত অগ্ৰগতিৰ যুগত শেহতীয়াকৈ ই-কিতাপেও পঢ়ুৱৈৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে৷  লেপটপ, ম’বাইল ফ’ন বা কম্পিউটাৰ— যিকোনো এবিধ সঁজুলিতে ডাউনল’ড কৰি পঢ়িব পৰা ই-বুকৰ প্ৰধান সুবিধাসমূহ হৈছে— ই নিম্ন ব্যয়সাপেক্ষ৷ ছপা খৰচ আৰু বিতৰণৰ ক্ষেত্ৰত কম শ্ৰমসাপেক্ষ হোৱাৰ উপৰি প্ৰস্তুতিকালত তুলনামূলকভাৱে কম সময় ব্যয় হোৱা বাবে অতি কম খৰচতে ই-কিতাপ পঢ়ুৱৈৰ কাষ পাবগৈ পাৰে৷ একেটা আহিলাতে (Device) হাজাৰ হাজাৰ কিতাপ জমা ৰাখিব পৰা সুবিধাৰ বাবে কিতাপ ৰাখিবৰ বাবে পৃথকে ঠাইৰ প্ৰয়োজন নহয় আৰু অ’লৈ-ত’লৈ যাওঁতে কঢ়িয়াই লৈ ফুৰাৰো কোনো সমস্যা নাই৷  তদুপৰি পৰিৱেশ সংৰক্ষণৰ দিশতো ই-কিতাপৰ এক গুৰুত্বপূৰ্ণ  ভূমিকা নিশ্চয়কৈ আছে৷ এইবিলাক সুবিধাৰ বাবেই ই-কিতাপ আজিকালি বহুতৰে বাবে প্ৰথম পছন্দ৷ 

ক্ৰমশঃ বাঢ়ি অহা ই-কিতাপৰ এনে জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি বিভিন্ন ম’বাইল ফ’ন, কম্পিউটাৰ কোম্পানিয়ে এনে মাধ্যমৰ কিতাপ পঢ়িবৰ সুবিধাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি উলিয়াইছে কিছুমান ই-বুক ৰিডাৰ৷  ই-বুক ৰিডাৰ হৈছে আচলতে কিছুমান টেব্‌লেট৷ ‘আমাজ’ন’-ৰ দৰে কোম্পানিয়েও ই-বুক পঢ়িবৰ বাবে ২০০৭ চনতে নিজাকৈ ডিজাইন কৰি উলিয়াইছে কিণ্ডল্ নামৰ এবিধ ই-বুক ৰিডাৰ৷ অন্লাইনত কিতাপ কিনা পঢ়ুৱৈৰ বাবে এটা চিনাকি শব্দ হৈছে কিণ্ড্‌ল এডিশ্বন৷  কোনো এখন কিতাপৰ কিণ্ড্‌ল এডিশ্বন-ৰ অৰ্থ হৈছে কিণ্ড্‌লত পঢ়িব পৰাকৈ কিতাপখনৰ ইলেক্ট্ৰনি‍ক সংস্কৰণ৷  এইখিনিতে উল্লেখ কৰা সমীচীন হ’ব যে কিণ্ড্‌ল এডিশ্বন বুলি লিখা থাকিলেও কেৱল যে কিণ্ড্‌ল নামৰ ডিভাইছবিধতহে যে সেইবিলাক কিতাপ পঢ়িব পাৰি তেনে কথা নহয়, আন যি কোনো ই-বুক ৰিডাৰ-তে তেনে কিতাপ পঢ়িব পাৰি৷ 

ই-বুকৰ লগতে শেহতীয়াকৈ শ্ৰব্য কিতাপ (অ’ডিঅ’ বুক)-এও জনপ্ৰিয়তা লাভ কৰিছে৷ গান শুনাৰ দৰেই অ’ডিঅ’ বুক শুনিব পাৰি বাবে গাড়ী চলোৱা, ৰন্ধা-বঢ়া বা তেনে ধৰণৰ আন কাম কৰি থকাৰ মাজতো অ’ডিঅ’ বুক-ৰ যোগেদি কিতাপৰ ৰসাস্বাদন কৰিব পৰা যায়৷ এই সুবিধাৰ বাবেই অত্যন্ত ব্যস্ততাৰ বাবে কিতাপ পঢ়িবলৈ সময় নোপোৱা পঢ়ুৱৈৰ মাজত অ’ডিঅ’ বুকে বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছে৷ সম্প্ৰতি, এইবিধ কিতাপৰ বতাহে অসমীয়া কিতাপকো চুইছেহি৷ অসমৰো কেইবাজনো জনপ্ৰিয় লেখকৰ কিতাপৰ অ’ডিঅ’ বুকৰ প্ৰস্তুতিৰ কাম চলি আছে বুলি জানিব পাৰিছোঁ৷  

কিতাপৰ ইমানখিনি বিৱৰ্তনৰ পাছতো অথবা ই-বুক কিম্বা অ’ডিঅ’ বুক বহু ক্ষেত্ৰত সুবিধাজনক হোৱা সত্ত্বে‍‍ও কিন্তু ছপা কিতাপে মানুহৰ মনত এক সুকীয়া স্থান অধিকাৰ কৰি আছে৷ এখন নতুন কিতাপৰ ফুৰফুৰীয়া গোন্ধ লৈ পঢ়াৰ যি আমেজ আছে, সেয়া হয়তো ই-বুক অথবা অ’ডিঅ’ বুকে দিব নোৱাৰিব৷ তথাপি আমি সময়ৰ দাবী মানি লোৱাৰ বাহিৰে গত্যন্তৰ নাই৷

আজিকালি প্ৰায়ে শুনা যায় যে মানুহে কিতাপ পঢ়িবলৈ কমাই দিছে৷ ছ’চিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে হয়তো মানুহক কিতাপৰ পৰা কিছু আঁতৰাই পেলাইছে৷ তথাপি, দীৰ্ঘদিনীয়া লক্‌ডাউন আৰু অতিমাৰীৰ বাবে ঘৰতে সোমাই থাকিবলগা হোৱাৰ বাবে হয়তো মানুহৰ কিতাপ পঢ়াৰ অভ্যাসটো ঘূৰি আহিছে৷ অলপতে অনুষ্ঠিত অসম প্ৰকাশন পৰিষদৰ ‘গুৱাহাটী গ্ৰন্থমেলা’-ত দহ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বাতৰিটোৱে তাকেই প্ৰতীয়মান কৰে আৰু এয়া নিশ্চয়কৈ জাতিটোৰ বাবেই আশাব্যঞ্জক বতৰা৷শেষত এষাৰ কথা ক’ব পাৰি

 ৰূপ যিয়ে নহওক, কিতাপ মানুহৰ বৌদ্ধিক-নৈতিক বিৱৰ্তনৰ চিৰন্তন সাক্ষী। ইয়াক মানৱ জাতিৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰ বুলি ক’বই লাগিব। 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close