মূল বাংলা : কান্তাৰভূষণ নন্দী
অসমীয়া অনুবাদ : কুমুদ ঘোষ
(কান্তাৰভূষণ নন্দীৰ জন্ম ১৯৬৯ চনত অসমৰ নগাঁও জিলাত৷ ডাঙৰ-দীঘল আৰু পঢ়া-শুনা গুৱাহাটীত৷ বৰ্তমান অধ্যাপনাৰ সৈতে জড়িত কান্তাৰভূষণ নন্দী গল্প-আলোচনী ‘যাপনকথা’ সম্পাদনাৰ লগতো জড়িত৷ প্ৰকাশিত গল্প সঙ্কলন ‘কয়েকটি মৃত্যুৰ অসম্পূৰ্ণ বিৱৰণ’৷ গল্পকাৰৰ অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটিৰ অনুবাদৰ আয়োজন৷)
চিগাৰেট এটা জ্বলাই এমুখ ধোঁৱা নাকে-মুখে এৰি কিন্নৰে শৰীৰটো ছ’ফাখনত এৰি দিলে৷ ছ’ফাৰ আনটো প্ৰান্তত শাঁওলি৷ আঁৰচকুৰে কিন্নৰে দেখিলে শাঁওলিয়ে অন্যমনস্কভাৱে দ্ৰুতগতিত আলোচনী এখনৰ পাত লুটিয়াই আছে৷ কিন্নৰে টিভিৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে৷ ঘূৰ্ণি বতাহৰ দৰে ঋত্বিক ৰোশনে নাচি আছে৷ সিহঁতৰ কোনোৱেই টিভিটো চোৱা নাই, অথচ বন্ধ কৰি দিব বিচৰাও নাই৷ অসহ্য এক নিস্তব্ধতাৰ পৰা যেন মুখ মেলি এই টিভিৰ শব্দই দুয়োকে জীয়াই ৰাখিছে৷
আলোচনীখন থৈ পাকঘৰৰ ফালে যাওঁতে শাঁওলিয়ে ক’লে— ‘‘চাহ কৰিছোঁ৷ লগে-লগে কিন্নৰেও যেন অনুভৱ কৰিলে, তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ এই মুহূৰ্তত একাপ চাহৰ খুবেই প্ৰয়োজন৷ অফিচৰ পৰা উভতি অহাৰ পাছত তাৰ প্ৰথম কাম হ’ল একাপ চাহ খোৱা৷ সেয়া প্ৰতিদিনৰ নিয়ম বাস্তৱিকতে, প্ৰথম ঠেলাটো চম্ভালিব পাৰিলেও সি এতিয়াও স্বাভাৱিক হ’ব পৰা নাই৷ মূৰটো অৱশ অৱশ যেন লাগিছে৷ চকু দুটা মুদি সি ভাবিবলৈ চেষ্টা কৰিলে, এতিয়া সি কি কৰা উচিত৷ নীলক কি বুলি ক’ব? মাৰিব, ধমক দিব নে বুজাব? সুশৃংখলিত ৰূপত কোনো ভাবনাই মূৰত বাহ নাবান্ধিলে৷ ধাৰণা হ’ল, সিহঁতৰ সাত বছৰীয়া সন্তানে হঠাৎ এক ঠেলাত সিহঁতক যেন এক অতল গহ্বৰলৈ ঠেলি দিলে৷ চাহৰ কাপটো কিন্নৰৰ ফালে আগবঢ়াই দি শাঁওলিয়ে যেন নিজৰ অন্তৰতে ক’লে—এতিয়া?
কিন্নৰেও অস্ফুটভাৱে ক’লে— এতিয়া? যেন শাঁওলিৰ কথাষাৰেই প্ৰতিধ্বনিত হ’ল মাত্ৰ৷ নিজৰ চেহেৰাটো সি দেখিবলৈ পোৱা নাই, কিন্তু টেনশ্বন আৰু অসহায়তাই একেলগে কিদৰে শাঁওলিক গ্ৰাস কৰিছে, সেয়া তাইৰ চেহেৰাত প্ৰবলভাৱে ফুটি উঠিছে৷ তাইৰ বগা পূৰঠ, সুন্দৰ মুখখনত যেন কোনোবাই এছাটি চিয়াঁহীৰ লেও দিলে৷ সৌন্দৰ্যক লৈ শাঁওলিৰ এক অনুচ্চাৰিত অহঙ্কাৰ আছে৷ শাঁওলিয়ে কয়, যৎসামান্য অহঙ্কাৰে বোলে মানুহক আত্মবিশ্বাসী কৰি তোলে৷ এই মুহূৰ্তত তাইৰ চকু-মুখত লেশমানো আত্মবিশ্বাস পৰিলক্ষিত হোৱা নাই৷ অসহ্য এক অসহায়তাই সেই ঠাই দখল কৰিছে৷ অৱশ্যে এয়াই স্বাভাৱিক৷ মিছেছ দত্তৰায়ে শাঁওলিক মাতি নি তিতিকি সুৰত ঘূৰাই-পকাই নীলৰ জঘন্য কাণ্ডৰ খুঁটি-নাটি বৰ্ণনা দিলে৷ শিৰ নত কৰি কেৱল শাঁওলিয়ে কথাখিনি শুনি গ’ল৷ এগৰাকী মাতৃৰ বাবে ইয়াতকৈ লাজ আৰু অপমানৰ কথা কিনো হ’ব পাৰে!
কিন্নৰে আচৰিত হৈ লক্ষ্য কৰিলে, অত পৰে নীলৰ অনুপস্থিতিৰ কথা সি অনুভৱেই কৰা নাছিল৷ মনত পৰাত সুধিলে— ‘‘নীল ক’ত?’’
ৰিম’টেৰে টিভিটো অফ্ কৰি শাঁওলিয়ে ক’লে— ‘‘জজোহঁতৰ ঘৰত৷’’
— ‘‘জজোহঁতৰ ঘৰত কিয়?’’
— ‘‘কিয় আকৌ৷’’ — শাঁওলি জক্জকাই উঠিল— ‘‘সি ইয়াতে থাকক আৰু তাৰ কলঙ্ক-কাহিনীৰ বিষয়ে মাক-দেউতাকে কৰা আলোচনা সি শুনক, সেয়া বিচাৰিছা নেকি?’’
কিন্নৰে একো নামাতিলে৷ বিপন্ন বোধ কৰিলে সি৷ এইদৰে তৰ্ক-বিতৰ্ক, কথা কটাকটি কৰি থাকিলে সমস্যাটো আৰু জটিলহে হ’ব৷ তাৰ ধাৰণা হ’ল, এই মুহূৰ্তত তাক এনে এজন বন্ধুৰ প্ৰয়োজন, যাক সকলো কথা নিঃসঙ্কোচে মুকলিমূৰীয়াকৈ ক’ব পাৰি আৰু যাৰ পৰা সঠিক পৰামৰ্শ আশা কৰিব পাৰি৷ হঠাৎ সৃজনৰ কথা মনত পৰিল৷ আজি দুপৰীয়া অফিচলৈ ফ’ন কৰি স্বভাৱসিদ্ধ ভঙ্গীত সৃজনে কৈছিল— ‘‘কি অ’, শুই আছিলি নেকি?’’
কিন্নৰে হাঁহি হাঁহিয়েই খোঁচ মাৰি ক’লে— ‘‘নহয় ভাই, তহঁতৰ প্ৰফেছৰসকলৰ নিচিনা ইমান সুখ বেঙ্কৰ কৰ্মীসকলৰ নাই৷ তাৰ উপৰি ইয়েৰ এণ্ডিং৷ শুকান জেওৰা খৰি চেপি ৰস উলিয়াই লৈছে৷’’
ঢেক্ঢেকাই হাঁহি সৃজনে ক’লে— ‘‘তেনেহ’লে ৰসৰ আড্ডা মাৰিবি নেকি?’’
শাঁওলিয়ে আপত্তি কৰিব পাৰে বুলি ভাবি ভিতৰৰ ইচ্ছাটো দমন কৰিয়েই সি ক’লে— ‘‘আজি কেইদিনমানৰ পৰা শৰীৰটো ভাল নহয় অ’৷’’
সৃজনেও খোঁচ মৰাৰ সুযোগ নেৰিলে— ‘‘আচল কথাটো কচোন৷ চালা, তিৰোতাসেৰুৱা৷’’
— ‘‘মুখ নুখুলাবি৷’’ — ৰসিকতাৰ লগত সিও অলপ শ্লেষৰ খোঁচ দি ক’লে— ‘‘কোন তিৰোতাসেৰুৱা সকলোৱেই জানে দে৷’’
সৃজনে খোঁচলৈ কোনো মনোযোগেই নিদিলে— ‘‘শুন, ভাল খবৰ এটা আছে, অৱশ্যে খবৰটো এতিয়াই নিদিওঁ, সেয়া আড্ডাতহে দিম৷ মই আৰু মৃণ্ময়ী গধূলি বেলিকা গৈ আছোঁ৷ আৰু শুন, ৰস লগত লৈয়েই যাম৷’’
তাৰ পাছতো সি আপত্তি কৰিছিল— ‘‘শুন সৃজন৷ আজি নালাগে৷ আন এদিন৷’’
কথাৰ মাজতে ‘ধপ’-কৈ ফ’নটো সৃজনে থৈ দিলে৷ মানসিকভাৱে ক্ষুণ্ণ হৈছে, সন্দেহ নাই৷ এতিয়া ভাব হৈছে মান্তি হৈ যোৱা হ’লেই ভাল আছিল৷ এনে বিপদৰ দিনত মানুহে সৃজন-মৃণ্ময়ীৰ নিচিনা বন্ধুকেই কামনা কৰে৷ শাঁওলিক কথাষাৰ কোৱা মাত্ৰেই তাই জক্জকাই উঠিল— ‘‘তুমি পাগল হৈছা নেকি? সিহঁতক ক’বা ঘটনাটো? কথাটো ভাবিলেই লাজ আৰু অপমানত মোৰ শৰীৰ কোঁচ খাই আহে আৰু তুমি যাকে-তাকে কৈ ফুৰিব বিচাৰিছা?’’
— ‘‘আৰে সৃজনহঁত কিবা বাহিৰৰ মানুহ নেকি?’’ — কিন্নৰে বুজাবলৈ চেষ্টা কৰে— ‘‘আৰু, ঘটনাটো আমি কেনেকৈ হেণ্ড্ল কৰিম সেই বিষয়ত সৃজন-মৃণ্ময়ীহঁতে আমাক এটা ছাজেশ্বন দিব পাৰে৷’’
— ‘‘বাদ দিয়া৷ ছাজেশ্বনৰ কোনো প্ৰয়োজন নাই৷ আমাৰ সমস্যাটো আমিয়েই আঁতৰাম৷’’
ইয়াৰ পাছত আৰু কোনো কথা-বতৰা নাই৷ প্ৰচুৰ বিৰক্তি আৰু ক্লান্তিৰে কিন্নৰ শোৱনি কোঠালৈ আহিল৷ পায়জামা-পাঞ্জাৱী, টাৱেল লৈ বাথৰুমৰ ফালে যাবলৈ লওঁতেই শাঁওলিয়ে ক’লে— ‘‘আজি তোমাৰ ভাইটি অহাৰ কথা আছিল নহয়?’’
‘‘তোমাৰ ভাইটি’’ — কথাটো খচ্কৈ কাণত লাগিলেও সি বিশেষ গুৰুত্ব নিদিয়াকৈয়ে ক’লে— ‘‘অফিচলৈ ফ’ন কৰিছিল৷ পল্টনবজাৰত অলপ কাম আছে৷ আহি পাওঁতে সন্ধিয়া হ’ব৷
বাথৰুমত সোমায়েই কিন্নৰে শ্বাৱাৰটো চলাই দিলে৷ কেৱল গৰম বা ক্লান্তি নহয়, লাজ, অপমান, হতাশাও যেন আঠাৰ দৰে কঁৰাল মাৰি শৰীৰত লাগি আছে৷ পানীৰ প্ৰবল সোঁতত তাৰ একাংশ ধোৱা গ’ল৷ শুভ অহাৰ কথাটো সি পাহৰিয়েই গৈছিল৷ এতিয়া কিছু ভাললগা আৰু স্বস্তিৰ অনুভূত হ’ল৷ শুভৰ বাহিৰে আৰু কাকেইবা নীলৰ অপকৰ্মৰ বিষয়ে নিৰ্দ্বিধাই মুকলিকৈ ক’ব পাৰি! শুভৰ বাহিৰে আন কোনেনো সিহঁতৰ যন্ত্ৰণা হৃদয়ৰে অনুভৱ কৰিব পাৰিব৷ সৰু খুড়া বুলি ক’লেই নীল সততে পাগল৷ শুভৰো যিমান কথাবাৰ্তা, গল্প সকলো নীলৰ সৈতে৷ তাৰ মাজে-সময়ে ধাৰণা হয়, এই যে শুভ মাহেকে-পষেকে অন্ততঃ এবাৰ ছিপাঝাৰৰ পৰা আহে সেয়া কেৱল নীলৰ বাবে৷ নীলৰ আকৰ্ষণত৷ সি মন কৰি দেখিছে, একমাত্ৰ শুভ আহিলেই সাত বছৰৰ নীলক সাত বছৰৰ শিশু যেন ধাৰণা হয়৷ দুয়ো মিলি টিভিত কাৰ্টুন প্ৰগেম চাই, লুডু খেলে আৰু মাজৰাতিলৈকে গল্প-গুজৱ কৰে৷ শুভই কি কি যে মজাৰ গল্প কয় আৰু নীলে সেয়া শুনি হাঁহি হাঁহি বাগৰি পৰে৷ নীলেও সাজি সাজি গল্প কয়৷ শুভই অবাক হৈ শুনাৰ ভাও জুৰে৷ কোনোবা দিনা আকৌ নীলে শুভৰ পৰা কবিতা, পদ্য আদি শিকে৷ নীলে কিন্নৰৰ বন্ধু-বান্ধৱক কত দিন সেইবোৰ শুনাই প্ৰশংসা বুটলিছে৷ নীলৰ কৃতিত্বৰ অংশীদাৰ হৈছে কিন্নৰ আৰু শাঁওলিও৷ শুভ সাধাৰণতে শনিবাৰে আহে আৰু সোমবাৰে গুচি যায়৷ শুভ গুচি গ’লে নীল যেনুৱা আছিল তেনুৱা হৈ পৰে৷ আকৌ এক গুৰু-গম্ভীৰ খোলাত সোমাই পৰে৷ স্কুল-হ’মৱৰ্ক-প্ৰাইভেট টিউশ্বন-আৰ্ট স্কুলৰ ৰুটিনৰ মাজত নীল আৱদ্ধ হৈ পৰে৷ কিন্নৰে ভাবে, এই চহৰৰ শিশুবোৰৰ জীৱন এনেকুৱাই গতানুগতিক, কিন্তু সিহঁতৰ সকলো নীলৰ দৰে শৈশৱহীন শিশু নহয়৷ নীলৰ মাজত সাত বছৰীয়া এটি শিশুৰ স্বাভাৱিক উচ্ছ্বলতা, দৌৰাত্ম্য, আবদাৰ, চঞ্চলতা একোৱেই নাই৷ তাৰ মনত আছে, কিবা এটা কাৰণত এদিন শাঁওলিয়ে কৈছিল— ‘‘নীলে আমাক ভাল নাপায়৷ কিন্নৰৰ অৱশ্যে সিদিনা তেনে একো ধাৰণা হোৱা নাছিল৷ কাৰণ শুভ আহিলে অথবা সিহঁত কেতিয়াবা ছিপাঝাৰৰ গাঁৱৰ ঘৰলৈ গ’লে সি নীলক আনন্দতে খুড়াক, পেহীয়েক আৰু আইতাকৰ সৈতে ওমলা দেখিছে৷ আকৌ এইটোও ঠিক, যেতিয়া কেৱল সিহঁত তিনিটা, যেতিয়া নীলক নিচেই ওচৰত বেছিকৈ পোৱাৰ কথা, তেতিয়াই যেন নীল বহু দূৰলৈ আঁতৰি যায়৷ সি নাজানে, বোধ হয় শাঁওলিয়েও নাজানে, কিয় এনে হয়৷ ঠিক এইখিনিতেই শাঁওলিয়ে নিজকে পৰাজিত অনুভৱ কৰে৷ এই পৰাজয় শুভৰ ওচৰত, নীলৰ আদৰৰ পেহীয়েক ঝিমলিৰ ওচৰত, আইতাকৰ ওচৰত৷ কিন্নৰে বুজি পায়, অন্ততঃ এই এটা বিষয়ত তাৰ মানসিক অৱস্থান শাঁওলিৰ নিচেই ওচৰা-উচৰি৷ শুভ, ঝিমলি বা মা – কোনোৱেই সিহঁতৰ প্ৰতিপক্ষ নহয়৷ উভয়পক্ষৰ মাজত কোনো প্ৰতিযোগিতাও নাই৷ তথাপি যেন জয়-পৰাজয়ৰ কথা এটা প্ৰতিনিয়ত ৰৈ গৈছে৷ অন্ততঃ তাৰ আৰু শাঁওলিৰ ফালৰ পৰা সেয়াই হয়৷ স্বস্তিৰ যি ৰিবৰিব বতাহ কিছু পৰ আগেয়ে তাৰ মনত বৈছিল, এতিয়া তাৰ ঠাইত কিন্নৰে অস্বস্তিৰ খচ্খচনি অনুভৱ কৰিলে৷ নীলৰ কথা তেনেহ’লে শুভক নক’ব নেকি? এয়া নিশ্চিত যে, শাঁওলিয়ে আপ্ৰাণ চেষ্টা কৰিব যাতে শুভই ঘটনাটোৰ বিন্দুমাত্ৰও জানিব নোৱাৰে৷ শুভৰ হাতত আকৌ এবাৰ শাঁওলি পৰাজিত হ’ব নিবিচাৰিব৷
কিন্নৰ বাথৰুমৰ পৰা ওলাই আহিবলৈ লওঁতেই কলিংবেলটো বাজি উঠিল৷ দুৱাৰ খুলি দেখিলে, শুভ৷ কান্ধত চিৰপৰিচিত ৰঙা মোনাটো৷ হাতত আন এটা প্ৰকাণ্ড বেগ৷ ভিতৰলৈ সোমায়েই শুভই ক’লে— ‘‘ককাইদেউ, কেনে আছ?’’
কিন্নৰে হাঁহিবলৈ চেষ্টা কৰিলে— ‘‘আছোঁ আৰু৷ তহঁতৰ কেনেকুৱা?’’
ছ’ফাত ক্লান্ত শৰীৰটো এৰি দি শুভই ক’লে— ‘‘আছোঁ আৰু৷’’
— ‘‘মা, ঝিমলিহঁত কেনে আছে?’’
— ‘‘আছে আৰু৷’’ — শুভই যেন এক প্ৰকাৰৰ দায় সৰা উত্তৰ এটা দিলে৷
পাকঘৰৰ পৰা আহি শুভক দেখা পাই হঁহাৰ ভঙ্গিমাৰে শাঁওলিয়ে সুধিলে— ‘‘ভালে আছানে?’’
শুভই মিচিকীয়াই মূৰ জোকাৰিলে৷
— ‘‘ঘৰৰ সকলোৰে ভালনে?’’
— ‘‘ভালেই৷’’
— ‘‘তোমালোক বহি কথা পাতা৷ মই চাহ কৰি আনোগৈ৷’’
শাঁওলি পুনৰ পাকঘৰলৈ গ’লগৈ৷ ইফালে-সিফালে চাই শুভই ক’লে— ‘‘নীলক দেখা নাই যে! ঘৰত নাই নেকি?’’
— ‘‘বন্ধুৰ ঘৰলৈ গৈছে৷’’
কিন্নৰে নীলৰ প্ৰসঙ্গ এৰাবলৈ চেষ্টা কৰিলে৷ ক’লে— ‘‘মায়ে এইবাৰ কি কি পঠাইছে, এবাৰো নেদেখুৱালিচোন!’’
শুভই বেগৰ পৰা তিনি-চাৰিটা টেমা উলিয়াই ক’লে— ‘‘এইবোৰত বোধ হয় পিঠা-পনা আছে৷’’
কিন্নৰ আৰু নীল পিঠা-পনাৰ ভক্ত বাবে মায়ে প্ৰতিবাৰেই শুভৰ হাতত এসোপামান পিঠা-পনা পঠিয়াই দিয়ে৷ শাঁওলিয়ে এটাও খাই নাচায়৷ শুভই প্ৰকাণ্ড বেগটোৰ পৰা ইটো-সিটোকৈ নাৰিকল, পকা অমিতা, বিবিধ শাক-পাত আৰু কত কি উলিয়াবলৈ ধৰিলে৷ কিন্নৰৰ বুকুখন যেন হঠাৎ চিৰিং কৰি উঠিল৷ মায়ে যে কি কি কৰে! মাক যে কতবাৰ ইমানসোপা বস্তু নপঠাবলৈ কৈছোঁ৷ কাৰ কথা কোনেনো শুনিব৷ মায়ে পিঠা-পনা, শাক-পাচলি পঠিয়ায়; কিছু খোৱা হয়, কিছু নষ্ট হয়৷
শাঁওলিয়ে চাহ দিলেহি৷ লগত পাতলীয়া আহাৰ৷ চাহ-জলপান খাই অঁতাই শুভই তাৰ মোনাৰ পৰা এখন বহী, ৰং পেঞ্চিল আৰু চকলেট উলিয়াই টেবুলত থ’লে৷ এইবোৰ নীলৰ বাবে৷ কিন্নৰে কিতাপখন হাতত লৈ দেখিলে— সুকুমাৰ ৰচনা সমগ্ৰ৷ ভিতৰত লেখা আছে— আদৰৰ নীলৰ হাতত৷ নীলে সুকুমাৰ ৰায়ৰ কবিতা বৰ ভাল পায়৷ ইয়াৰ মূলতো শুভ৷ এদিন শুভই কৈছিল, নীলৰ সবাতোকৈ বেছি আগ্ৰহ বোলে ‘খিচুড়ি’ কবিতাৰ বকচ্ছপ সম্পৰ্কত৷ বকচ্ছপ প্ৰাণীটো পানীত থাকে নে মাটিত, বগলীৰ দৰে উৰিব পাৰে নে কাছৰ দৰে ধীৰ গতিত চলাচল কৰে— এনে ধৰণৰ হাজাৰ প্ৰশ্ন সুধি নীলে শুভক বিপৰ্যস্ত কৰি তোলে৷ নীলক শুভই কি উত্তৰ দিছিল কিন্নৰে নাজানে৷ সেইদিনা সি মাথোঁ এটা কথাই ভাবিছিল, নীলৰ অন্তৰত যে ইমান প্ৰশ্ন, ইমান জিজ্ঞাসা আছে সেয়া সি বা শাঁওলিয়ে কোনোদিনেই গম পোৱা নাছিল৷ টেবুলৰ ওপৰত কিতাপখন থৈ কিন্নৰে ক’লে— ‘‘কিতাপ-চিতাপ কিনাৰ কিনো দৰকাৰ আছিল বাৰু৷ হ’ব বাৰু, তোৰ স্কুল কেনে চলিছে ক’চোন৷’’
— ‘‘চলিছে আৰু৷’’
সুধিব নে নুসুধিব ভাবি থাকোঁতেই ঘপহকৈ সুধি পেলালে— ‘‘দৰমহা পাইছনে? বাতৰি-কাকতত কিবোৰ কথা যে পঢ়িবলৈ পাইছোঁ!’’
শুভই ম্লান হাঁহি এটা মাৰি ক’লে— ‘‘পাইছোঁ, কিন্তু ৰেগুলাৰ নহয়৷’’
চিগাৰেট এটা জ্বলাই কেইটামান ধোঁৱাৰ ৰিং এৰি কিন্নৰে ক’লে— ‘‘গভৰ্ণমেণ্ট দেউলীয়া হৈছে৷ ভগৱানেহে জানে এইদৰে আৰু কেইদিন চলিব৷’’
কিন্নৰে জানে, অভাৱনীয় অভাৱৰ দিনতো শুভই তাৰ ওচৰত হাত নাপাতে৷ যদিও সি প্ৰতিমাহে মাকলৈ বুলি কিছু ধন পঠিয়ায় কিন্তু মা, ঝিমলি আৰু শুভ— কাৰোৰেই যেন তাৰ পৰা কোনো প্ৰত্যাশা নাই৷ সেইখন ঘৰৰ প্ৰতিজন মানুহ দেউতাৰ নিচিনা৷ দেউতা যত দিন জীয়াই আছিল, অদ্ভুত কিছু নীতিবোধৰ দ্বাৰা পৰিচালিত হৈছিল৷ স্কুলৰ শিক্ষক আছিল৷ তেওঁ কৈছিল, শিক্ষকতা তেওঁৰ প্ৰফেশ্বন নহয়, মিছন৷ আৰু এষাৰ কথা প্ৰায়ে সকলোকে কৈছিল, ‘‘পূৰ্ণ মানুহ হোৱা৷’’ এই পূৰ্ণ মানুহ হোৱা কথাটো সি কোনোদিনেই ভালকৈ বুজি নাপালে৷ শুভই অবিকল দেউতাৰ দৰে কথা-বতৰা কয়৷ শাঁওলিয়ে কিন্নৰক বুজাইছিল— ‘‘মান্ধাতা যুগীয়া কিছুমান মূল্যবোধেৰে ছিপাঝাৰৰ দৰে মফচল অঞ্চলত পৰি থাকি জীৱনটো নষ্ট কৰাৰ কোনো অৰ্থ নাই৷ তথাপি বাধ্য হৈ বিয়াৰ পাছত কেইটামান বছৰ ছিপাঝাৰত থাকিবলৈ বাধ্য হৈছিল৷ নীলৰ বয়স যেতিয়া তিনি, তেতিয়াই কিন্নৰ গুৱাহাটীলৈ বদলি হ’ল৷ দেউতা তেতিয়া জীয়াই থকা নাছিল৷ সকলোৱে বিচাৰিছিল সিহঁত ছিপাঝাৰতে থাকক৷ সি নিতৌ আহ-যাহ কৰক৷ অৱশ্যে তাক কোনোৱেই সেই কথা জোৰ দি কোৱা নাছিল৷ কিন্নৰ আৰু শাঁওলিয়ে মাকক বুজাইছিল যে নীলৰ ভৱিষ্যতৰ স্বাৰ্থতে সিহঁত গুৱাহাটীত স্থায়ীভাৱে থকাটো জৰুৰী৷ ভাল স্কুল এখনত নামভৰ্তি কৰাব নোৱাৰিলে আজিৰ এই হেন প্ৰতিযোগিতাৰ দিনত নীল প্ৰথমৰ পৰাই পিছ পৰি ৰ’ব৷
— ‘‘প্ৰতিযোগিতা মানে এই যুগৰ নিগনি দৌৰৰ কথা কৈছ নেকি?’’ — শুভই কৈছিল৷
— ‘‘যি বুলিয়েই নকওঁ লাগিলে৷ দৌৰ যেতিয়া আৰম্ভ হ’ল দৌৰিব লাগিবই৷ যি পিছ পৰি ৰ’ব তেওঁ ওৰে জীৱন হীনমন্যতাত ভুগিব লাগিব৷’’
— ‘‘তেনেহ’লে নীলে কেৱল দৌৰিয়েই থাকিব নেকি? ক’তো নৰৱ নেকি? জীৱনৰতো আৰু কিছু উদ্দেশ্য আছে, সেইবোৰ কথা নাজানিব নেকি?’’
সেইদিনা কিন্নৰে আৰু কথা নবঢ়ালে৷ আচলতে আধুনিক জীৱনৰ গতি আৰু প্ৰকৃতিৰ সৈতে তাল মিলাই চলাটো যে কোনো অন্যায় নহয় সেয়া শুভহঁতে কোনোদিনে নুবুজিলে৷ আনহাতে এই কথাও নুবুজিলে যে ছিপাঝাৰত থাকি নীলক মানুহ কৰিব পৰা নাযায়৷ গুৱাহাটীবাসৰ এই চাৰি বছৰত মাজে-সময়ে ঘৰৰ বাবে মন ব্যাকুল হ’লেও তাৰ মনলৈ কেতিয়াও এনে ভাব অহা নাই যে সি ছিপাঝাৰ এৰি ডাঙৰ ভুল কৰিলে৷ কিন্তু শাঁওলিয়ে ছিপাঝাৰ এৰাৰ সেই দিনটোৰ পৰাই ছিপাঝাৰৰ সমৱেত প্ৰতিদ্বন্দ্ব্বীৰ বিৰুদ্ধে যেন এক অদৃশ্য যুদ্ধ অব্যাহত ৰাখিছে৷ সেই যুদ্ধৰ অন্যতম কাৰণ হ’ল নীল৷
ঘনাই চিগাৰেট হুঁপি হুঁপি কিন্নৰে নীলৰ কথা ভাবিলে৷ শুভক নীলৰ ঘটনাটো নোকোৱাটোকেই ঠিক কৰিলে৷ শুভই গম পাই যদি ব্যঙ্গ কৰি কয়, ‘‘কি হ’ল ককাইদেউ, নোৱাৰিলি নহয় মানুহ কৰিব’’ — এই কথা সি সহ্য কৰিব নোৱাৰিব৷
টুং-টাং শব্দেৰে কলিং বেল বাজিল৷ দুৱাৰ খুলিয়েই কিন্নৰ অবাক৷ সৃজন আৰু মৃণ্ময়ী৷ তাৰ কান্ধত সজোৰে চাপৰ মাৰি সৃজনে ক’লে— ‘‘কি হ’ল, অবাক হ’লিচোন৷’’ কিন্নৰে বিব্ৰত হাঁহিৰে ক’লে— ‘‘তহঁত এইফালে যে হঠাৎ!’’
ভিতৰলৈ সোমাই আহোঁতে সৃজনে ক’লে— ‘‘ক’তনো হঠাৎ, ফ’নতচোন তোক কৈছিলোঁৱেই আহিম বুলি৷’’
শাঁওলিয়ে নিৰুত্তাপ অভ্যৰ্থনাৰে ক’লে— ‘‘আহক সৃজনদা৷ আহা, আহা মৃণ্ময়ী৷’’
শুভক দেখি অলপ অবাক হৈ সৃজনে ক’লে— ‘‘আৰু শুভ দেখোন৷ কেতিয়া আহিলা?’’
শুভই হাঁহি হাঁহি ক’লে— ‘‘এই অলপ পৰ আগেয়ে আহিলোঁ৷ আপোনালোক ভালে আছে নহয়?’’
‘‘কোনো ৰকম আছোঁ আৰু৷ খালি তেজহে ওলাবলৈ বাকি৷’’ — নিজৰ ৰসিকতাত সৃজনে নিজেই ঢেক্ঢেকাই হাঁহিলে৷ সেই হাঁহিত শুভয়ো যোগ দিলে৷
কিন্নৰে অত পৰে সৃজনৰ হাতত থকা মস্ত ডাঙৰ কাপোৰৰ মোনাটোলৈ মন কৰি আছিল৷ মোনাটো কাষতে থৈ সৃজন আৰু মৃণ্ময়ী ছ’ফাত বহিল৷ কিন্নৰে সুধিলে— ‘‘অথনি কিবা এটা ভাল খবৰৰ কথা কৈছিলি?’’
মৃণ্ময়ীয়ে কিবা এষাৰ ক’ব বিচাৰিছিল কিন্তু সৃজনে হাতখন দাঙি বাধা দি ক’লে— ‘‘নালাগে নালাগে, ইয়াত ক’ব নালাগে৷ এয়া কোৱাৰ পৰিৱেশ জানো? আড্ডাতহে ক’ম৷’’
কিন্নৰ অবাক হ’ল৷ তাৰ মানে সৃজনে মোনাত লৈয়েই আহিছে! তাক লৈ আৰু সঁচাকৈ নোৱাৰি৷ অৱশ্যে এই মুহূৰ্তত তাৰ ভালেই লাগিল৷ তাৰ অন্তৰত যি প্ৰচণ্ড ধুমুহা-বতাহ বৈছে, কেইপেগমান কাঢ়াকৈ পেটত পৰিলে হয়তো সেই ধুমুহা-বতাহ কিছু পৰিমাণে শান্ত হ’ব৷
কিন্নৰে শাঁওলিৰ মুখলৈ চালে৷ হাঁহিৰে শাঁওলিয়ে বিৰক্তি লুকুৱাবলৈ চেষ্টা কৰিলে৷ ক’লে— ‘‘সেইবোৰ আকৌ কিয় আনিলে সৃজনদা?’’
সেই অনুযোগক পাত্তা নিদিয়াকৈয়ে সৃজনে শাঁওলিক ক’লে— ‘‘আৰে, মই কিবা মদাহী নেকি? তোমালোকৰ সৈতে আমাৰ আনন্দ শ্বেয়াৰ কৰাৰ বাবেই আজি অলপ আড্ডা মাৰিম বুলি ভাবিছোঁ৷ আনহাতে হুইস্কি, ৰাম্জাতীয় একো অনা নাই৷ একেবাৰে নিৰামিষ আইটেম— বিয়াৰ৷
সৃজনে মোনাটো দাঙি সকলোকে এক প্ৰকাৰ খেদাই পঠোৱাৰ সুৰত ক’লে— ‘‘ব’ল ব’ল৷ সকলো পিছফালৰ বাৰাণ্ডাখনলৈকে ব’ল৷ কিন্নৰ, তই গিলাচ চাৰিটা আৰু প্লেট দুখন আনগৈ যা সোনকালে৷ বাৰাণ্ডাত চকী-টেবুল আছে নিশ্চয়৷’’
শুভ কেতিয়ানো ঘৰৰ ভিতৰ সোমাল কোনোৱেই মন নকৰিলে৷ কিন্নৰে স্বস্তিবোধ কৰিলে৷ বাৰাণ্ডালৈ গৈ দেখিলে, সৃজনে আয়োজনত কোনো ত্ৰুটি ৰখা নাই৷ প্লেটত কাজু বাদাম, চানাচুৰ, আপেল আৰু চিপ্চ সজাই সৃজনে গিলাচে গিলাচে বিয়াৰ বাকিলে৷ শাঁওলিয়ে সেমেনা-সেমেনকৈ ক’লে— ‘‘মই নলওঁ সৃজনদা৷’’
— ‘‘কিয়? কিয় নোলোৱা?’’
— ‘‘এনেয়ে৷ ভাল লগা নাই৷’’
— ‘‘তুমিতো কেতিয়াও বিয়াৰত আপত্তি নকৰা৷ শুভ আছে বাবেই নাখাওঁ বুলিছা নেকি?’’
শাঁওলিয়ে একো উত্তৰ নিদিলে৷ গিলাচ এটা শাঁওলিৰ ফালে আগবঢ়াই সকলোৰে সৈতে একেলগে চিয়াৰ্ছ বুলি সৃজনে গিলাচত শুহা মাৰিলে৷ কিন্নৰে এক উশাহতে গিলাচটো খালী কৰি ক’লে— ‘‘এইবাৰ ভাল খবৰটো কচোন?
মিচিকীয়া হাঁহি এটা মাৰি সৃজনে ক’লে— ‘‘অঙ্কুৰে এইবাৰ ৰেডিঅ’ত গান গাব অ’৷ অহা মাহত অডিশ্বন৷’’
— ‘‘কি কৈছ৷ এয়াচোন অতি ভাল খবৰ৷’’ — উচ্ছ্বাস প্ৰকাশ কৰিবলৈ গৈ কিন্নৰৰ ধাৰণা হ’ল উচ্ছ্বাসটো যেন ভালকৈ ফুটি নুঠিল৷
শাঁওলিয়ে মৃণ্ময়ীৰ ফালে হাতখন আগবঢ়াই ক’লে— ‘‘কংগ্ৰেশ্বুলেশ্বন৷’’
সৃজন আৰু মৃণ্ময়ীৰ একমাত্ৰ সন্তান অঙ্কুৰ৷ ভাল গান গায়৷ পঢ়া-শুনাতো ভাল৷ সন্তানক লৈ সিহঁতৰ গৰ্বৰ শেষ নাই৷ নীলৰ মুখখন মনত পৰিল কিন্নৰৰ৷ কিমান পাৰ্থক্য নীল আৰু অঙ্কুৰৰ মাজত৷ বুকুৰ ভিতৰখন হাহাকাৰ কৰি উঠিল৷ সি উঠি গৈ বাৰাণ্ডাৰ ৰেলিঙত ধৰি থিয় হ’ল৷ বাহিৰত ঘোপমৰা অন্ধকাৰ, ক’তো লেশমানো পোহৰ নাই৷
মৃণ্ময়ীয়ে ল’ৰাৰ সাফল্যৰ কাহিনী সবিস্তাৰে বৰ্ণনা কৰি গৈছে৷ সেই সাফল্যৰ তৃপ্তি সৃজন আৰু মৃণ্ময়ীৰ সংলাপ, অভিব্যক্তিত স্পষ্ট৷ শাঁওলিয়ে সকলো মন দি শুনিবলগা হৈছে৷ শাঁওলিৰ যন্ত্ৰণা দেখি কিন্নৰে কষ্ট অনুভৱ কৰিলে৷
সৃজনে মাত লগালে— ‘‘তাত থিয় হৈ কিনো কৰিছ? ইয়াত আহি বহহি৷’’
কিন্নৰ আহি বহিল৷ তাৰ ফালে চাই সৃজনে ভ্ৰূ কোঁচাই ক’লে— ‘‘এনিথিং ৰং৷’’
— ‘‘এভৰিথিং ৰং৷’’ — ঘট্ ঘট্ কৰি আৰু এগিলাচ শেষ কৰি কিন্নৰে ক’লে— ‘‘এভৰিথিং ইজ গ’য়িং ৰং ৱিথ আছ্৷’’
— ‘‘কিয়? কি হ’লনো?’’ — সৃজনৰ কণ্ঠত অকৃত্ৰিম বিস্ময়— ‘‘কিবা সমস্যাত পৰিছ নেকি?’’
কিন্নৰে আৰু নিজকে চম্ভালিব নোৱাৰিলে৷ কান্দো কান্দো মাতেৰে ক’লে— ‘‘আমাৰ নীল নষ্ট হ’ল অ’ সৃজন৷ হি ইজ ফিনিশ্ব্ড৷’’
— ‘‘কিনো যিহকে-তিহকে কৈছে কিন্নৰদা?’’ — অবিশ্বাসী কণ্ঠ মৃণ্ময়ীৰ৷
— ‘‘ইমান ভাল ল’ৰাটো কিয়নো নষ্ট হ’ব!’’ — নতুন বটলটো খুলিবলৈ লৈয়ে সৃজনে ক’লে— ‘‘নীলে এনে কি কাম কৰিলেনো যাৰ বাবে ফিনিশ্বড্ বুলি ধৰি লৈছ?’’
— ‘‘কি কৰিছে? নীলে কি কৰিলে তই জাননে?’’ — মাতটো অলপ ডাঙৰ কৰি ক’লে— ‘‘তেনেহ’লে শুন৷’’
শাঁওলিয়ে বাধা দিয়াৰ চেষ্টা কৰিলে— ‘‘তোমাৰ নিচা হৈছে৷ কথা নাপাতি মনে মনে বহি থাকাচোন৷’’
শাঁওলিক কোনো পাত্তা নিদি কিন্নৰে ডাঙৰকৈ শুভক মাতিলে— ‘‘ঐ শুভ, আহচোন৷ এইফালে আহ৷’’
শুভ প্ৰায় দৌৰি অহাদি আহিল৷ কিন্নৰে ক’লে— ‘‘বহ৷’’
শুভ বহিল৷ তাৰ চকুৱে-মুখে জিজ্ঞাসাৰ চিন৷ গভীৰ কোনো ৰহস্য উন্মোচন কৰাৰ ভঙ্গীৰে কিন্নৰে ক’লে—‘‘শুভ, তয়ো শুন, নীলে কি কাণ্ড কৰিলে৷ অলপ জ্বৰ জ্বৰ ভাব থকাৰ বাবে আজি নীল স্কুললৈ যোৱা নাছিল৷ আমি দুয়োজন আন দিনাৰ দৰেই অফিচলৈ গুচি গ’লোঁ৷ তলৰ ফ্লেটৰ সমীৰণ দত্তৰয়ৰ ছোৱালী তিন্নি নীলৰ ক্লাছমেট৷ তিন্নিও আজি স্কুললৈ নোযোৱাৰ বাবে নীল তিন্নিহঁতৰ ঘৰলৈ তিন্নিৰ সৈতে খেলিবলৈ গৈছিল৷ শাঁওলি অফিচৰ পৰা আহি পোৱা মাত্ৰকে মিছেছ দত্তৰায়ে তাইক মাতি নি ক’লে— ‘‘তিন্নিয়ে হেনো তেওঁক কৈছে, নীলে বোলে পেণ্ট খুলি যৌনাঙ্গ দেখুৱাই তিন্নিক কৈছিল— চোৱা, চোৱা৷’’
কিন্নৰৰ মাতবোল বন্ধ৷ আৰু লগে লগেই যেন গোটেই ঘৰখনকে মৃত্যুৰ নিস্তব্ধতাই গ্ৰাস কৰি পেলালে৷ পৃথিৱীৰ অন্তিমটো শব্দ যেন ইতিমধ্যে ধ্বনিত হ’ল৷ এতিয়া যেন কাৰোৰেই আৰু ক’বলগা একো নাই৷
তথাপি এসময়ত নিস্তব্ধতা ভাগিল, যেতিয়া সৃজনে বৰকৈ মূৰটো জোকাৰি জোকাৰি ক’লে— ‘‘আই কাণ্ট বিলিভ দিছ৷ আই জাষ্ট কাণ্ট বিলিভ দিছ৷’’
সৃজনৰ কথাবোৰ আৰ্তনাদৰ দৰে লাগিল৷ শাঁওলি এইবাৰ উচুপি উঠিল৷ মৃণ্ময়ীয়ে সান্ত্বনা দিলে— ‘‘নাকান্দিবা৷ সকলো ঠিক হৈ যাব৷’’
কিন্নৰৰ মূৰটো নত হৈ হৈ প্ৰায় টেবুল স্পৰ্শ কৰিছে৷ সৃজনে তাৰ কান্ধত হাতখন থৈ ক’লে— ‘‘ইমান ভাগি পৰিছ কিয়?’’
ওকালি আহিছিল, কিন্তু নিজকে চম্ভালি কিন্নৰে ক’লে— ‘‘মিছেছ দত্তৰায়ক তই নাজান সৃজন৷ অত পৰে নিৰ্ঘাত এই বিল্ডিঙৰ প্ৰতিটো পৰিয়ালৰ মানুহে ঘটনাটো গ’ম পাইছে৷ আমি মানুহক কেনেকৈ মুখ দেখুৱাম কচোন৷’’
মাখি খেদাৰ ভঙ্গীত সৃজনে ক’লে— ‘‘ধুইৎ, সাত বছৰীয়া শিশু এটাৰ এনে এটা ভুলক কোনোৱেই ইমান ছিৰিয়াছলি নলয়৷’’
গিলাচৰ একেবাৰে তলত থকাখিনিত শুহা এটা মাৰি শেষ কৰি মৃণ্ময়ীয়ে ক’লে— ‘‘নলওক৷ কিন্তু আমাৰ দৰে শিক্ষিত আৰু কালচাৰড্ ফেমিলিৰ ল’ৰা এটাই এনে আচৰণ কৰিবনো কিয়?’’
চিগাৰেটৰ শেষাংশ এছট্ৰে’ত গুঁজি সৃজনে ক’লে— ‘‘শিক্ষিত আৰু কালচাৰড্ ফেমিলিৰ ল’ৰা-ছোৱালীবোৰ যে নষ্ট হৈছে, তাৰ বাবে অভিভাৱকসকলো কিছু পৰিমাণে দায়ী, কিন্তু এই যে ইলেকট্ৰনিক মিডিয়াই প্ৰতি মুহূৰ্ততে ইহঁতৰ মগজ ধোলাই কৰি আছে, তাৰ পৰা এই শিশুবোৰক ৰক্ষা কৰিব কোনে? টিভি অন কৰিলেই দেখিবা চেনেলবোৰে হ’লচেলত ছেক্স আৰু ভায়’লেঞ্চ বিলাই আছে৷’’
— ‘‘একেবাৰে ঠিক কথা৷’’ — মৃণ্ময়ীয়ে সঁহাৰি জনালে— ‘‘তাৰ উপৰি প্ৰতিটো ক্ষেত্ৰতে এতিয়া কম্পিটিশ্বন আৰু টেনশ্বন৷ তাৰ লগতে আছে নিউক্লিয়াছ ফেমিলিৰ একাকিত্ববোধ— সকলো মিলাই বোধ হয় ল’ৰা-ছোৱালীবোৰে বেলেঞ্চ ৰাখিব পৰা নাই৷’’
শাঁওলিয়ে সেই তেতিয়াৰ পৰাই যে মূৰ তল কৰি উচুপি আছিল, এবাৰো ওপৰলৈ মূৰটো দঙা নাছিল৷ সকলোৰে অলক্ষিতে শুভ যে কেতিয়া তাৰ পৰা উঠি গুচি গ’ল, কোনোৱেই উমানেই নাপালে৷ কিন্নৰে অত পৰে অসহায়ভাৱে সৃজন আৰু মৃণ্ময়ীৰ তাত্ত্বিক আলোচনা শুনি আছিল৷ এইবাৰ আৰু সি ৰৈ থাকিব নোৱাৰি ক’লে— ‘‘কিন্তু নীলৰ কি হ’ব সৃজন?’’
— ‘‘কৈছোঁ৷’’ — ক্লাছত ল’ৰা-ছোৱালীক পঢ়ুওৱাৰ ভঙ্গীত ক’লে— ‘‘চা কিন্নৰ, অতি শীতল মস্তিষ্কৰে আৰু লজিকেলি নীলৰ এই যৌন আচৰণক আমি বুজিবলৈ যত্ন কৰিব লাগিব৷’’
— ‘‘যৌন আচৰণ! কৰুণ আৰ্তনাদ কৰি উঠিল শাঁওলি৷’’
ঈষৎ বিৰক্তিৰ সুৰেৰে সৃজনে ক’লে— ‘‘এই শব্দটো শুনিলেই কিয় জানো মানুহবোৰে থত্মত্ খায়৷ যৌনতা বুলিলে আমি কি বুজোঁ, কিমানখিনিনো বুজোঁ, যৌনতা মানে কেৱল সঙ্গম নহয়৷ যৌনতা এক বিচিত্ৰ হাইয়াৰোগ্লিফ, যাৰ পাঠ উদ্ধাৰ এক কঠিন কাম৷ শিশুৰ যৌন প্ৰবৃত্তি আৰু জটিল বিষয়৷ এই যে নীলে তিন্নিক নিজৰ যৌনাঙ্গ দেখুৱালে, ইয়াক বোলা হয় প্ৰদৰ্শনকাম৷ এই বয়সৰ ল’ৰা-ছোৱালীবোৰে নিজৰ গোপন অঙ্গ আনক দেখুৱাই এক ধৰণৰ যৌনতৃপ্তি লাভ কৰে৷
সৃজন ৰ’ল৷ কিন্নৰ আৰু শাঁওলিয়ে অসহায়ভাৱে পৰস্পৰৰ মুখৰ ফালে চালে৷ সৃজনে আৰু এটা চিগাৰেট জ্বলাই এমুখ ধোঁৱা এৰি ক’লে— ‘‘এইবোৰ ক্ষেত্ৰত কথাবোৰ পৰিষ্কাৰকৈ বুজাব লাগে৷ নীলকো আমি কথাবোৰ বুজাব লাগিব৷ আৰু এটা কথা, পৰিয়ালত অথবা আন ক’ৰবাত কোনো যৌনদৃশ্য দেখিলেও এই বয়সৰ ল’ৰা-ছোৱালীবোৰে কিন্তু এনে ধৰণৰ বিহেভ কৰিব পাৰে৷’’
ইঙ্গিতটো বুজিব পাৰি প্ৰতিবাদৰ সুৰত কিন্নৰে ক’লে— ‘‘নহয়, নহয়৷ তেনে কোনো সম্ভাৱনাই নাই৷’’
শাঁওলিয়ে যোগ দিলে— ‘‘তাৰ উপৰি দুবছৰ হ’ল নীল বেলেগ বেডৰুমত শুইছে৷’’
— ‘‘বন্ধু-বান্ধৱীবোৰ কেনে?’’ — সৃজনে শাঁওলিক সুধিলে৷
— ‘‘আঙুলিৰ মূৰত গণিব পৰা দুই-চাৰিজনৰ লগত মিলামিছা কৰে৷ সিহঁতৰ পৰিয়ালবোৰ ভাল বুলিয়েই জানো৷’’
— ‘‘তথাপি কিয়নো…’’
বাক্যটো অসমাপ্ত থৈয়েই সৃজন চিগাৰেট হুঁপাত লাগিল৷ মৃণ্ময়ীৰ দৃষ্টি শূন্যৰ ফালে৷ শাঁওলি পুনৰ শিৰ নত কৰি বহি আছে৷ কিন্নৰৰ ধাৰণা হ’ল, সৃজনৰ অসমাপ্ত বাক্যটো বোধ হয় এনেদৰে সম্পূৰ্ণ হ’ব— ‘‘তথাপি কিয়নো নীলে এনে কৰিলে৷’’ চাৰিজন মানুহ নিবাৰ্ক, নিস্পন্দ হৈ বহি বহি বোধ হয় এই প্ৰশ্নটোৰেই উত্তৰ সন্ধান কৰাত লাগিল৷
কিছু সময়ৰ পাছত দুৱাৰডলিত খোজৰ শব্দ শুনি চাৰিযোৰ চকু সেইফালে নিবদ্ধ হ’ল৷ শুভৰ হাত ধৰি নীল আহি সিহঁতৰ সমুখত উপস্থিত হ’ল৷ পিন্ধনত ক’লা পেণ্ট আৰু ৰঙা স্প’ৰ্টিং৷ জপৰা চুলি৷ ভয়াৰ্ত চকু-মুখ৷
খালী চকীখন দেখুৱাই সৃজনে নীলক ক’লে— ‘‘বহা৷’’
নীল বহিল৷ তাৰ চকীখন ধৰি শুভ থিয় হৈ থাকিল৷ গুৰু-গম্ভীৰ পৰিৱেশটো পাতল কৰাৰ উদ্দেশ্যৰে সৃজনে ক’লে— ‘‘বন্ধুৰ ঘৰত কিনো কৰিছিলা নীল? খেলিছিলা?’’
নীলে মূৰ জোকাৰিলে৷
— ‘‘কি খেলিছিলা?’’
— ‘‘ভিডিঅ’ গেইম৷’’ — নীলৰ চকু মেজত৷
— ‘‘বাহ্৷ ভিডিঅ’ গেইম খেলিবলৈ ময়ো বৰ ভাল পাওঁ৷ বাৰু, তুমিচোন বৰ সুন্দৰ ছবি আঁকা৷ নতুন কিবা আঁকিছানে?’’
— ‘‘একো অঁকা নাই৷’’
— ‘‘কিয়? ৰেগুলাৰ আঁকিবা, কি কোৱা?’’
তাৰ পাছত আৰু কথা-বতৰা নাই৷ কিন্নৰে নীললৈ চাই আছিল৷ নিজৰ সন্তানক তাৰ ভীষণ অপৰিচিত যেন লাগিল৷ কিন্নৰ আৰু শাঁওলিক সৃজনে ইঙ্গিতেৰে বুজালে, কোনোৱেই একো কোৱাৰ দৰকাৰ নাই৷ যি ক’বলগা আছে সৃজনেই ক’ব৷
বহু শব্দহীন মুহূৰ্ত পাৰ হৈ গৈছে৷ সৃজনে বোধ হয় তাৰ বক্তব্যখিনি মনে মনে ঠিক-ঠাক কৰি লৈছে৷ আনসকলে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷ এসময়ত গলখেকাৰিৰে নীৰৱতা ভাঙি সৃজনে ক’লে— ‘‘নীল, তোমাৰ মা-দেউতাই তোমাক কিমান ভাল পায় সেই কথা তুমি জানাই নিশ্চয়৷ কিন্তু আজি তোমাক লৈ তেওঁলোক চিন্তিত৷ তুমি জানানে কিয়?’’
মূৰ্তিৰ দৰে নীল বহি থাকিল৷ কোনো উত্তৰ নিদিলে৷ সৃজনে চকীখন টানি নীলৰ মুখামুখিকৈ বহি ক’লে— ‘‘নীল, তুমি আজি তিন্নিৰ সৈতে খুব বেয়া দুষ্টামি কৰিলা৷ তুমি ইমান ভাল ল’ৰা৷ আমি বিশ্বাসেই কৰিব পৰা নাই যে তুমি এনে ধৰণৰ কাম কৰিব পাৰা বুলি৷ তোমাৰ বাবে তোমাৰ মা-দেউতাই কত অপমান সহ্য কৰিবলগা হৈছে তুমি বুজি পাইছানে? নীল, তুমি এইবোৰ কাৰ পৰা শিকিলা?’’
সৃজনৰ ফালে এপলক চায়েই নীলে তললৈ দৃষ্টি নিক্ষেপ কৰিলে৷ তাৰ পাছত চকীখনৰ হেণ্ডেলডাল নখেৰে চিকুটিলৈ ল’লে৷
— ‘‘তোমাৰ বন্ধু বা আন কাৰোবাক এনে কাম কৰা তুমি দেখিছানে? কোৱা নীল, উত্তৰ দিয়া৷’’
নীল নিৰুত্তৰ৷ কোনো লৰচৰ নাই৷ সামান্য লৰচৰো নকৰিলে৷
অত পৰ কিন্নৰে ধৈৰ্য ধৰি আছিল৷ এইবাৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত হঠাৎ বহাৰ পৰা উঠি গৈয়েই কিন্নৰে নীলৰ দুগালত উপৰ্যুপৰি চৰ সোধাই সোধায়েই ক’লে— ‘‘অসভ্য ল’ৰা, কোৱা, এইবোৰ অসভ্যালি তোমাক কোনে শিকালে? কোৱা, নক’লে আজি তোমাৰ ৰক্ষা নাই৷ কোৱা …’’
শুভ আৰু সৃজনে তাক আঁতৰাই নিলে৷ সামান্য ভৰ্ৎসনাৰ সুৰত সৃজনে ক’লে— ‘‘মাৰিলি কিয়?’’
উত্তেজিত কণ্ঠেৰে কিন্নৰে ক’লে— ‘‘নামাৰিম? এইটো এটা ইতৰ প্ৰাণী৷ বেয়া ল’ৰা ক’ৰবাৰ৷’’
সকলোকে আচৰিত কৰি হঠাৎ নীল চিঞৰি উঠিল— ‘‘তোমালোকো বেয়া৷’’
এইবাৰ সৃজনে জোৰকৈ ধমক দিলে— ‘‘একদম বাজে কথা নক’বা নীল৷’’
নীল বিন্দুমাত্ৰও বিচলিত নহ’ল৷ চিধা কিন্নৰৰ ফালে চাই ক’লে— ‘‘বেয়া৷ তোমালোকে বেয়া চিনেমা চোৱা৷’’
— ‘‘নীল!’’ এইবাৰ চিঞৰৰ কোৰাছ হ’ল৷
শাঁওলিয়ে কন্দনামুৱা মাতেৰে ক’লে— ‘‘এইবোৰ তুমি কি কথা কৈছা নীল?’’
শাঁওলিৰ ফালে চাই নীলে নিৰ্বিকাৰচিত্তে ক’লে— ‘‘মই ভিচিডি চলাব জানো৷ এদিন তোমালোক অফিচলৈ গুচি যোৱাৰ পাছত ভিচিডি চলাওঁতেই দেখিলোঁ অশ্লীল চিনেমা চলিছে৷ ৰাতি তোমালোকেই চিনেমাখন চাইছিলা৷’’
কিন্নৰৰ চকুৰ সমুখতে প্ৰচণ্ড এক ভূমিকম্পত পৃথিৱীখন হঠাৎ কঁপি উঠিল৷ ঘপহ্কৈ কাৰেণ্টো গ’ল৷ চৌদিশ ইমানেই অন্ধকাৰ হ’ল যে তাৰ ধাৰণা হ’ল তাৰ আশে-পাশে কেইজনমান মানুহ নহয়, কেইটামান কিম্ভূত-কিমাকাৰ প্ৰাণীহে যেন বহি আছে৷ তাৰ মূৰৰ ভিতৰটো ধোঁৱাৰে ভৰ্তি৷ ধোঁৱা অথবা অন্ধকাৰ৷ অনেক চেষ্টা কৰিও সি একোৱেই ভালদৰে চিন্তা কৰিব পৰা নাই৷ নীলে ঠিকেই কৈছে৷ সিহঁতে এখন অশ্লীল চিনেমা চাইছিল৷ এখন ব্লু ফিল্ম্৷ কেতিয়া? পৰহি নে তাৰ আগদিনা? ব্লু ফিল্মখন চোৱাৰ পাছত আৰু প্ৰবল শাৰীৰিক আকৰ্ষণত চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ পূৰ্বে সিহঁতে ভিচিডিৰ ডিক্সটো উলিয়াই নথ’লে নেকি? পাছদিনাও ডিক্সটো তেনেকৈয়ে থৈ অফিচলৈ গুচি গৈছিল নেকি? সঁচাসচিকৈ ইমান ডাঙৰ ভুল কৰিলে!
হয়তো কৰিছিল৷ নীলে কিবা মিছা কৈছেনে৷
পৃথিৱীৰ সকলো ৰং এতিয়া নিৰ্বাপিত৷ চৰাচৰত ব্যাপ্ত কষটি শিলত ঘনঘোৰ অন্ধকাৰ৷ নিথৰ হৈ বহি থাকি কিন্নৰে ভাবিলে, এই অন্ধকাৰৰ পৰা সিহঁত কাৰোৰে মুক্তি নাই৷
————————অনুবাদকৰ ঠিকনা:ড° কুমুদ ঘোষ,সহকাৰী অধ্যাপক, শিক্ষাতত্ত্ব বিভাগ, ¸নকছাৰি মহাবিদ্যালয়, নকছাৰি, যোৰহাট, অসম৷ভ্ৰাম্যভাষ: ৯৪৩৫৪৬৩৪৪৫
