Written by sdblogs2011 7:42 am Poems

নিৰ্মাণ

লক্ষ্যজিৎ বৰা

কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷
আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ৷

শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷
গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷

ফৰ্ম ইম্‌পৰ্টেণ্ট।

যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷
গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷ শতৰুৰ চোতালত গজি উঠিব পাৰে নিৰলে৷

গছ পদ্য
গছ পৰম সত্য
আৰু মানুহ লুটিয়াই দিলে

নিৰ্মাণত স্বধৰ্ম জৰুৰী, যদিও
সকলো ধৰ্ম নিকৃষ্ট৷

অনুকৰণ সহজ কলা বাবে মহাকাব্য আজিও জীয়াই আছে৷ জীয়াই আছে দ্ৰোণাচাৰ্য৷
জীয়াই আছোঁ আমি৷

নিৰ্মীয়মান বস্তু ভেজাল
‘‘ইয়াত শুদ্ধ দেশী ঘিঁ পোৱা যায়৷’’

নিৰ্মাণৰ বাবে মই বেতনভোগী শিক্ষক৷ তেওঁলোক ছাত্ৰ৷ আৰু মানুহ হোৱাৰ গৌৰৱ আটাইতকৈ ডাঙৰ পেৰাডক্স৷

কোনোৱে চেষ্টা নকৰে

জিৰাফে জিৰাফ
গছে গছশ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close