Written by sdblogs2011 4:53 am Poems

হাত

খনিন্দ্ৰ ভূষণ মহন্ত

কণমানিটোৱে হাতখন মুখলৈ নি

চুপি থাকে

হাতে-গালে বগাই থাকে লেলাৱতি

চকুৱে-মুখে নাচে স্বর্গীয় সুখৰ ফুল

আইতাই কয়

“গোসাঁয়ে অমৃত সানি পঠিয়াইছে। চুপি খা গোসাঁই, চুপি খা।”

হাতবোৰ ডাঙৰ হয়

ফলিত অ-আ লিখি

অমিতা আঁকি ভালপোৱা হাতবোৰে

উকা কাগজত সাজ পিন্ধাবলৈ শিকে

আঙুলিৰ মূৰত কৰা যোগ-বিয়োগ ক’ৰবাত লুকাই যায়

হাতবোৰে ভাবি থাকে বীজগণিতৰ সূত্রত

হাতৰ কামেই বা কি !

কি আছিল ফ্লেমিঙৰ বাওঁহাতত

কি আছিল মেক্সৱেলৰ সোঁহাতত

একাকাৰ হৈ যায় ইহাত-সিহাত

ছাৰৰ হাতৰ বেতডালে ফুল বাচে কোমল হাতবোৰত

চেটেপ-চেটেপ …

সোৱাদ আছে মাথোঁ আইৰ হাতৰ ভাতসাঁজত

প্রত্যাশা আছে দেউতাৰ হাতত ধৰি দিয়া

প্রথম খোজটোত

হাতবোৰ কিছু সবল হয়

কি ৰ’দ, কি বৰষুণ

সকলো সামৰি থয় সেই হাতে

সপোনবোৰ আপোন কৰা হেঁপাহত

হাতবোৰ দৌৰে, মাথোঁ দৌৰে…

দুবেলা-দুমুঠি খাবলৈ নোপোৱাজনে হাতখন মেলে

দুই এখন হাতে সেই হাত চিনে

বহুজনে পাহৰি পেলায় তেওঁলোকৰো এখন হাত আছে

সামর্থবান !

কিমাশ্চর্যম ! কিমাশ্চর্যম !

টেবুলৰ তলেদিও বহুতৰ হাত অগা-দেৱা কৰে

এন্ধাৰৰ বাটত হাতেই খামুচি থাকে

কিছু নিষিদ্ধ উপত্যকা, পাহাৰ-ভৈয়াম

তেনে হাতৰ কিছু বিশেষ স্পৰ্শই জন্ম দিয়ে

নতুন হাতৰ অধিকাৰীৰ

এদিন হাতবোৰ থৰক-বৰক হয়

কেলেণ্ডাৰৰ পৰা সময় সৰি পৰাৰ দৰে

ঘনাই পৰে চাহৰ কাপ, পানীৰ গিলাচ

উফৰি পৰা শব্দৰ বজ্রাঘাত

শোটোৰা ছালে সহিব নোৱাৰে

অথচ একো ক’বও নোৱাৰে

(কিজানি পাৰে, হয়তো নকয়)

কায়িক হাতবোৰৰ উপৰি আমাৰ আৰু এযোৰ হাত আছে

সেই হাতে বিচাৰি ফুৰে

নিজৰ দৰে হাতবোৰ

বুকুৰ হাতবোৰ

(হাত নথকা মানুহৰো সেই হাত থাকে)

সিহঁতে জানে কেনেকৈ নিচুকাব লাগে কোলাত লৈ

কেনেকৈ ছাঁ দিব লাগে কাষত ৰৈ

হাতবোৰক এলাই-বাডু নকৰিবা

কোনে জানে

নিঠৰ হোৱাৰ আগত

কোন কাৰ হাতৰ স্পর্শলৈ ৰৈ থাকে ?

ভ্ৰাম্যভাষ নং : ৯১০১৯৮৬১৪০<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close