Written by sdblogs2011 4:53 am Poems

বহেমিয়ান পদ্য

চন্দন গোস্বামী

শগুণে‍ এৰি যোৱা হাড় চেলেকিবলৈ গাঁও এৰি অহা কুকুৰজাকলৈ মন দি থাকোঁতেই

মুখামুখিকৈ

স্থিৰ এখন ছবিৰ দৰে

নিজৰ

ছবিখন জীৱনৰ 

য‘ত আমি কিছু সময়ৰ আগতে লগ পোৱাৰ কথাটো আৰু

এতিয়া লগ পোৱা তুমি তুমি নহয়

মই মই নহয়

হয় হয় সেইজাক বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হোৱা পৃথিৱীৰ প্ৰথম প্ৰেমিকহালৰ কথাকে আমি অলপ আগতে  তুমি তুমি মই মই

জুইৰ ফিৰিঙতিৰ দৰে কথাটো বগাই বগাই

নল খাগৰি বিৰিণাৰ মাজেৰে আমাৰ কলিজালৈকে শিপোৱা কথাটো সন্ধ্যাৰ চিকেন পোলাও বিৰিয়ানি টেবুলত জমি উঠে

হয় হয় আমি পাতি থকা বহুত কথাত এটা শব্দও ব্যয় নকৰাটো নোহোৱা নহয়

যেন আমাৰ মুখামুখিৰ সেই স্থিৰ আকাশখন

য‘ত আমি সপোন সপোনৰ চেয়াৰ মাৰ্কেটৰ অংশীদাৰজনৰ কাহিনীৰ দৰে ৰুই লোৱা জুমুঠিটো

আমি ৰৈ আছোঁ

কিযে বাৰে-বাংকৰা কথা

যি কথা কিছু সময়ৰ আগতে ক‘লোঁ

তাত এতিয়া সেই নদীখনত

অকন আগতে পলাশ শিমলু মদাৰৰ ফাগুন নামি যোৱাটো হয়

জীৱনটোত ভুলকে সঁচা বুলি কিমান যে  মিছাতে পাৰ কৰিলোঁ

এতিয়া তাত তুমি তুমি মই মই 

নহয় গণিতৰ দৰে জী থকা কথাটো

ফুচকা খাবলৈ ৰৈ থকাৰ দৰেই যেন ভৱিষ্যত

তথাপি লগ হ‘ম

অৰণ্যত গভীৰভাৱে

য‘ত গছে পাতে কথায় প্ৰতি  হয় হয় ক‘ব

ইমানখিনিৰ পিছটো শিলৰ বুকুয়ে পিঠিয়ে স্মৃতিৰ এখন জাহাজ কঢ়িয়াই ওৰে ৰাতি

ওৰে ৰাতি নুবুজাকৈ পাৰ কৰে

নুবুজিবলৈ যিমান পাৰি সিমান যত্নত

যত্নত গজি উঠে পাহৰণিৰ নৈ

নৈখনৰ দৰে নেপাহৰিবলৈ আহাঁ আমি সাঁতোৰো

যিমানেই যত্ন নকৰো টোপনিৰ পিলবোৰে লাহে লাহে মোক কোনো

এখন প্ৰাচীন যুদ্ধভূমিত এৰি অহা কথাটো সহিবলৈ টান লগাটো  যিমান সহজ সিমানেই জটিল

আবেগৰ কোনো কাম নাই ই হেনো পাতি পইচাৰ দৰে

এচেৰেঙা শীতৰ ৰ‘দ গাত লৈ কমলাটোৰ বাকলি গুচাওঁ এফুটা দুফুটাকৈ

বেংকৰ ধাৰৰ বোজা সহিব নোৱাৰি পোহনীয়া আদৰৰ ছাগলীকেইটা কছাইৰ হাতত দি দিয়া

ভোক সহিব নোৱাৰি বাটৰ ভেঁকুৰী তিতাকে সোপাসোপে চোবোৱা

বিল জলাহৰ মাছে শুনে সদাগৰৰ শ্ৰুতলিপি

গঞা জালুৱৈৰ লালিলাং অচিন হৈ আহে

জীৱনটোক ভেঙুচালি কৰা মৃত নগৰখনৰ কথা শুনিবলৈ ৰৈ থকা চুঙা বাদুলিকেইটা

কাঠফুলাৰ বৰ্ণসংকৰ খেতি কৰা কিন্নৰকেইটাৰ

কিমান যে  জীৱনৰ জিনজিননি

জনসভাত ৰাউচিজুৰি কন্দা জন নেতা

ফকীৰৰ টোকাৰীত বেসুৰা গীতৰ ইলিজি

মূৰ তললৈ কৰি থকা ধানৰ থোকটো

ওপৰলৈ কৰি থকাটো

কোনটো ধান কোনটো পতান

কৃষকে চিনে বণিয়াই নুবুজে<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close