Written by sdblogs2011 4:32 am Poems

বিৰুবালাৰ কথাৰে‍

দিলীপ কৌশিক

বেলিতো থাকে

নিয়ন লাইটৰ পোহৰতো এন্ধাৰ থাকে 

আঙুলিৰ লিহিৰি পাববোৰত ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে 

পোহৰত পঢ়াশালি থাকে 
এন্ধাৰত ডাইনী থাকে 

কোকৰাঝাৰতে কোকৰাঝাৰ নাথাকে 
গোসাইগাঁৱতে গোসাইগাঁও নাথাকে 
তেজতো মগজুতো 

বিৰুবালাই কৈছে— 
বিহঢেঁকীয়াৰ পাতবোৰ সেউজীয়া হৈ থাকিবলৈ দে  
ডাইনী খেদাতকৈ তোৰ পোণাটোক পঢ়াশালি‍লৈ‍ খেদ 
খালী হৈ থকা হস্পিটেলখনলৈ 
ডাক্তৰ এজন আহক …

ঠিকনা:প্ৰযত্নে: সুলক্ষণা কৌশিকগ্ৰেহেম বজাৰ ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ডিব্ৰুগড় (অসম)পিন : ৭৮৬০০১ভ্ৰাম্যভাষ : ৮৭২৪৯৪৮৫৫৯<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close