গীতিমণি গোস্বামী (বৰঠাকুৰ)
টানকৈ বন্ধা বক্ষবন্ধনীডালে তাক অসুবিধাত পেলাইছে৷ দুঘণ্টা সময় তাৰ লগত লাগি থকা মেক্ আপৰ মানুহজনো আন ভাৱৰীয়াক সজোৱাত ব্যস্ত৷ পিঙৰ পৰা এৰাই যোৱা চাদৰৰ আঁচলটো সযতনে এক ভঙ্গিমাৰে দাঙি লৈ সি ছোঁ-ঘৰৰ ভগা আইনাখনত নিজক চালে৷ বৈ পৰা দীঘল ভ্ৰূ, নীলা বৰণৰ দুটা আৱেদনময় চকু, ৰক্তিম অধৰ, উন্নত স্তনযুগল, খামুচীয়া কঁকাল… তাৰ নিজকেই অচিনাকি যেন লাগিল৷ ভীমৰ ভাও লোৱা গজাননে হঠাৎ ক’ৰ পৰা আহি জানো তাৰ গালত শকত মোছকোচা ঘঁহাই কৈয়েই পেলালে— ‘‘পাগল কৰিহে এৰিবি দেই মইনা!” সি লাজকৈ হাঁহিলে৷ পাঞ্চালৰ জীয়ৰী পাঞ্চালীৰ ভাও তাৰ৷ তাৰ খোজত তাৰ মাতত পাঞ্চালী, প্ৰেমিকা পাঞ্চালী আৰু বাস্তৱৰ আঘাতত ফণা তুলি উঠা পাঞ্চালী৷
নাৰীৰ ভাও দিবলৈ লোৱা অৱশ্যে তাৰ বেছি দিন হোৱা নাই৷ তেজবেলি পুতনাৰ ভাও লোৱা অৰ্জুন হঠাৎ বেমাৰত পৰাত খৰখেদাকৈ তাকে দায়িত্ব দিলে৷ বচন বৰ বেছি নাছিল, কিন্তু নাৰীৰ পাৰ্ট! নাৰীৰ সাজ, মাতত নাৰী, খোজত নাৰী, অংগীভঙ্গীত নাৰী… সহজ নাছিল৷ ঠুঁটিয়াবলৈ ধৰা দাঢ়ি-মোছবোৰ চুচি-মাজি চিকুণ কৰি লোৱাৰ পাছত, সজাই পৰাই লোৱাৰ পাছত মানুহেৰে গিজগিজাই থকা ভাওনাৰ খলাত প্ৰৱেশৰ মুহূৰ্তত তাৰ গোটেই হাত-ভৰিবোৰ অজান আশংকাত জিনজিনাই উঠিছিল৷ থাপনালৈ দীঘল দি সেৱাভাগ আগ বঢ়াই উঠি কেনেকৈ জানো সি দেহে-মনে পূৰ্ণাংগ নিখুঁত নাৰী হৈ পৰিল৷ কাঁহ পৰি জীণ গ’ল ভাওনাঘৰ৷ কোমল মাত, আদৰ সনা ব্যৱহাৰ, শিশু কৃষ্ণলৈ সঁচা-মিছা মৰমৰ ধাৰ থকা কুন্দত কটা এটা নাৰী ৰূপ৷ ‘‘কোন? কোন! এইটো অ’ চেপা ফুচফুচনি দৰ্শকৰ মাজত৷’’
“কেলেই, আমাৰ মহেন্দ্ৰৰ পুতেক মইনা আক’!” কাণৰ কাষত ফুচফুচাই জনাজনে নজনাজনক ক’বলগা হ’ল৷
কৰোঁতে পাঁচ বছৰমান বয়সৰ পৰাই সি শিশুকৃষ্ণ, প্ৰহ্লাদ, একলব্য আদিৰ ভাও লৈছিল৷ শিকাই বুজাই বিশেষ দিবলগা হোৱা নাছিল৷ সত্ৰীয়া পৰিৱেশ, জন্মৰ পৰা দেখি অহা ৰাস-ভাওনা সিহঁতৰ তেজতেই প্ৰৱাহিত৷ ৰাতি ৰাতি ভাওনাৰ আখৰা চোৱা, খেলৰ লগৰীয়াৰ লগত ভাওনা ভাওনা খেলা, ঘৰৰ চোতালত, মজিয়াত অসুৰ দৈত্য দানৱৰ খোজৰ ভংগিমাত খোজ কঢ়া, বচন মতা… শৈশৱৰ এছোৱা তেনেকৈয়ে পাৰ হ’ল৷ কিন্তু নাৰীৰ ভাও লোৱা… সীতা, ৰুক্মিণী, ৰাধা হোৱাৰ অনুশীলন কেতিয়াও তাৰ কৰা হোৱা নাছিল৷ প্ৰথম বাৰ কৰা নিখুঁত অভিনয়ৰ পাছতে তাৰ বোধ হ’ল ভিতৰত গজি উঠা পুৰুষ সত্তাটো অলপ সময়ৰ বাবেও সলাই নাৰী হোৱাটো টানেই নহয় অকল্পনীয়ভাৱে জটিল বা দুৰূঢ়৷ অন্তৰ্ভাগৰ গোপন চামনি গুচাই নাৰীসুলভ কমনীয়তাৰে নিজক সজোৱা কঠিন শিলাস্তৰৰ ভিতৰত কোমলতা বিচৰাৰ লেখীয়া কথা৷ কিন্তু সি পাৰিছিল৷ তাৰেই পৰিণতিত ভাওনা ঘৰ নিৰ্জন পেলাই সমন্বয়ৰ স্থলীত হাতত মালা লৈ অজুৰ্নৰ চকুত চকু থৈ পাঞ্চালীৰূপী সি গাইছিল— “হে প্ৰিয়ে! অতকালে কৰি থকা মোৰ পূজা, সাঁচি থকা অনন্ত হেঁপাহ আজি পূৰ্ণ হোৱাৰ পথত…” গিৰ্জনি মাৰি হাঁহিছিল ফুলকুমলীয়া ল’ৰাবোৰে৷ বিস্ফোৰিত সলাজ নয়নেৰে চাইছিল গাঁৱৰ গাভৰুজাকে৷ চাদৰৰ আঁচলেৰে মুখ ঢাকি মিচিকিয়াইছিল গাঁৱৰ বুঢ়া-মেথাই৷ সীতাৰ বিলাপ যশোদাৰ ভক্তিৰস বিগলিত প্ৰাৰ্থনাৰ অন্তৰস্পৰ্শী অভিনয়ত উচুপনিত বুৰ গৈছিল৷ ভাওনা ঘৰ৷ সেইখন গাঁও নালাগে সাতোখন গাঁও ভাগি আহিছিল তাৰ অভিনয় চাবলৈ৷ জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ শব্দত সি ক্ৰমাৎ জীয়া নাৰী এজনী হৈ পৰিছিল৷ কিন্তু ভাওনাৰ অন্তত সি সেই নাৰী সত্তাৰ চাপটো পাৰ্যমানে মোহাৰি অধিক পুৰুষ হ’ব বিচাৰিছিল৷
দিহিঙৰ সিপাৰে বিস্তৃত অঞ্চল জুৰি আছিল সিহঁতৰ খেতিপামখন৷ ৰাতি ৰাতি সি পিতাকৰ লগত ৰখীয়া হৈ থাকে৷ পিতাক নথকা ৰাতিবোৰত সি লুকাই চুৰকৈ ওচৰৰ মিচিং গাঁওখনলৈ গৈ ছাইমদৰ সোৱাদ লয়৷ অকটা, ভাল নলগা৷ তথাপি সি খায়৷ পুৰুষ-পুৰুষ গোন্ধটো হেৰাই যোৱাৰ আশংকাত গোলাপী গালৰ মিচিং গাভৰুকো জোকাই চায়৷ সিহঁতৰ সঁহাৰিয়ে তাৰ পুৰুষত্বৰ এটা টোকৰ হৈ তাক প্ৰশান্তিৰ এচিকটা আনন্দ দিয়ে৷
‘‘ভাওনাই পেট নভৰায়, কিবা এটা কৰ’’— মাকে কৈছিল৷ ভাওনা মতলীয়া উৰণ মনটোক বন্ধা টান হৈছিল তাৰ বাবে৷ আৱেগৰ চাকনৈয়াত উটি-ভাহি মাজত বাস্তৱৰ কঠোৰ আঘাতো লাগিবলৈ আৰম্ভ কৰিছিল৷ তিনিআলিৰ চাংখনত বহি আড্ডা মৰা বন্ধুমহলো হেৰাইছিল ক্ৰমে ক্ৰমে৷ জীৱনৰ এটা স্থায়ী ঠিকনা বিচাৰি সিও চলাথ কৰিলে৷ অভিনয়ৰ এনে কৰ্কশ-নিৰস পাঠবোৰক অধিক গধুৰ কৰাত তাৰ শিক্ষা-দীক্ষাও আধৰুৱা হ’ল৷ নতুনকৈ গঢ় লোৱা চহৰখনৰ কাষতে সি ভাওনাৰ সামগ্ৰী পোৱা এখন দোকান খুলিলে৷ লখিমী পোছাক ভাণ্ডাৰ— নীলা ছাইনব’ৰ্ডত জিলিকি উঠিল সেই নাম৷
খেতি উঠাৰ পাছত গাঁৱে গাঁৱে নাট মেলা আৰম্ভ হয়৷ নাট ভাওনাৰ বতৰত তাৰ ব্যৱসায় ভাল চলে৷ আগেয়ে দূৰ-দূৰণিলৈ ভাওনাৰ পোছাক বিচাৰি যোৱাসকলে ওচৰতে ভাওনা সামগ্ৰী পাই ভাল পালে৷ অৱশ্যে একেলগে তিনিখন ভাওনাত পোছাক যোগান ধৰিব নোৱৰাত সি ব্যৱসায়টো বহলোৱাৰ কথাও ভাবিলে৷ তদুপৰি কিছুমান পোছাক যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ এৰাৰ ব্যৱহাৰৰ পাছত পুনৰ ব্যৱহাৰৰ উপযোগী হৈ নাথাকে৷ অসুৰৰ ভাবত ছিগা পাদুকা, গাৰ পৰা অযথা লম্ফ-জম্ফত বাহিৰ হোৱা অকটা গোন্ধৰ কাপোৰ সাজ, অদক্ষ অভিনেতাৰ নিগ্ৰহত মুণ্ডচ্ছিন্ন দাঢ়ি, চুলি ভাগি-ছিগি যোৱা অস্ত্ৰ-শস্ত্ৰবোৰ ঘূৰাই দিয়া কোনো কোনোখন গাঁৱলৈ সি পোছাক দিয়াই বন্ধ কৰে৷ ভাওনা বলিয়া তাৰ প্ৰাণটো কিবা এক উদাসীনতাই আৱৰি ধৰে৷
ভৰত বায়নৰ ভাগিনীয়েক ললিতাই নতুনকৈ স্থাপন হোৱা স্কুলখনত মাষ্টৰনী চাকৰি পাইছে৷ মতাকালু ছোৱালী, গুৰু-গোসাঁই নমনা স্বভাৱ৷ ফোঁ-ফোঁৱাই তাৰ দোকানৰ সমুখেদি চাইকেল চলাই স্কুললৈ যায়৷ ৰাতি ৰাতি বায়নে শিৱৰ প্ৰসাদ এভাগ ধৰে৷ সিও লগৰীয়াৰ সৈতে তেওঁৰ জুহালতে বহেগৈ৷ ৰসৰ ভাণ্ডাৰ বায়ন৷ কথাত পাক লাগে৷ প্ৰসাদভাগিৰ কৃপাত মনটো ৰঙীয়াল হৈ উঠে৷ নিচা ভাগে মানে ৰাতি দুপৰ হয়৷ কথা নাই বতৰা নাই বিস্ফাৰিত চকু এহালে এদিন সিহঁতৰ মিঠা আমেজকণ ভাঙি দিলে৷ ছেদেলি-ভেদেলি হৈ ল’ৰামখা পলাল৷ তলমূৰ কৰি বায়নৰ কাষত সি বহি ৰ’ল৷ দুঃশাসনৰ সমুখত গৰজি উঠা জ্বালামুখী দ্ৰৌপদীহে যেন৷ তাৰ ভিতৰখনক জোকাৰি পেলাব পৰা ললিতাৰ কথাবোৰ ভাওনাৰ সংলাপৰ দৰে সি মন দি শুনিলে৷ “কিয় খাবলৈ আহাঁ এই গেলাসোপা?” মাতটো খহটা, সাহটো কোমল৷ কঠুৱা হাতেৰে বন্ধা কোমল মহন লাডু যেন৷ খাওঁতে হাতখন মনত নপৰে৷ শিৱৰ প্ৰসাদভাগি দূৰৈত থৈ সি বায়নৰ খোলৰ ছেৱত হাত উজান দিয়ে৷ নিটাল মাৰি শুই থকা কোমলতাৰ আবিৰকণ মনত ঘঁহিবলৈকে ৰাতি ৰাতি বায়নৰ ঘৰলৈ বাট লৈছিল সি৷ বায়নে তাৰ মনৰ কথা পঢ়িলেও পিছে— সিহে মুখ খুলি একো নক’লে৷ এদিন ললিতাই নিজে উলিয়ালে৷
“মাইকী নে মতা তুমি? নিম বুলি ভাবিছা যদি মোমায়েৰাকক নোকোৱা কিয়?”
ভিতৰৰে সৈতে কঁপি উঠিল সি৷ নবজা তাঁৰ এডাল টেং কৰি বাজি উঠিল৷ লুকাই থকা ঘাডোখৰত আৰু আঘাত লগাৰ ভয়ত পিছ নিশা চাইকেলৰ কেৰিয়াৰত বহুৱাই ললিতাক তাৰ ঘৰ পোৱালেগৈ৷ পিৰালিৰ মূৰত… সংকোচ কৰাৰ পৰিৰ্ৱতে বাহিৰত দুৱাৰখন হেচুকি ঠেলি সি বৰঘৰ পালেগৈ৷ হটঙা, গায়ে-গাৰীয়ে মতা, ওখ-পাখ গজেন্দ্ৰ চেহেৰাৰ ললিতাৰ গাত ললিতা বোলা শব্দৰ গোন্ধ মাত্ৰও যে পাবলৈ নাই কম সময়তেই সকলোৱে বুজি পালে৷
মাষ্টৰনী ললিতাক যুক্তি-তৰ্কত বলে পৰা মানুহ নাই৷ চিধা কথা, অকাট্য যুক্তি, নাও বুৰিলেও টিঙৰ পৰা ননমা স্বভাৱ৷ মাকৰ লগত চুপতা-চুপতি৷ দগা-পাল্লাৰ মধ্যবিন্দুত যি বহি থাকে৷ না হা না না ঘৰখনৰ আয়ৰ প্ৰধান উৎস ললিতাই সাম্ৰাজ্ঞী হৈ গপত ওফন্দি থাকে৷ অস্বস্তিকৰ এই সময়বোৰত বায়নৰ ঘৰৰ শিৱৰ প্ৰসাদভাগি লৈ সি আৱেগত কৈ উঠে—
“বান্ধৈ এইভাগ নহ’লে দিনতে এন্ধাৰ এন্ধাৰ লাগে অ’।”
খেতিৰ অন্তত গাঁৱত নাট মেলে৷ মাজৰাতি আখৰাৰ পৰা উভতি আহোঁতে কিবা এক বিকৰ্ষণে তাৰ ভিতৰখনক লেহেম আৰু গতিহীন কৰি তোলে৷ শৰতৰ শুকুলা ডাৱৰ বিচ্ছুৰিত ৰাতিৰ আকাশখনলৈ চাই তাৰ নিজকে ডেউকা ভগা চৰাই যেন লগা হয়৷ ভাওনাৰ চৰিত্ৰবোৰ হৈ সি সমস্ত আৱেগ-আকুলতা অন্তৰ উজাৰি ঢালি দিয়ে৷ ভিতৰৰ ৰসেৰে লুতুৰি-পুতুৰি হৈ জীৱন্ত হয় তাৰ সংলাপ প্ৰক্ষেপণ৷ গৰ্ভৱতী সীতাক ফুৰাৰ ছলেৰে লৈ আহিছে ভাতৃ লক্ষ্মণে৷ উজ্জ্বল শ্ৰীকান্তিময় বদন নিমিষতে শুকাই বৈ আহিছে চকুলোৰ নিছিগা ধাৰ৷ লক্ষ্মণে জনাই দিছে বনাগমনৰ প্ৰকৃত লক্ষ্য আৰু সত্য৷ জড়তাহীনভাৱে সীতাৰূপী তাৰ চকুৰ পৰা কলিজা ফাটি বৈ আহিছে চকুলো৷ পিতৃপৰিচয়হীন লৱ-কুশই মাতৃ সীতাৰ পৰা পিতৃৰ পৰিচয় বিচাৰিছে৷ দুহাতেৰে বুকুত সাবটি হুক্হুকাই কান্দিছে সীতাই৷ মাতৃৰ ক্ষমতাৰে কাতৰ হৈ পৰিছে তাৰ পুৰুষ প্ৰাণ৷ শিশুপ্ৰাণৰ কোমল গোন্ধত বিগলিত হৈছে পুৰুষ বুলি তাৰ মনত লাগি থকা সকলো কঠোৰতা৷
পুঁৱতি নিশা ভাওনাৰ অন্তত শিশুৰ কোমল গোন্ধ এটা মন-মগজুত ৰোপণ কৰি সি শোৱনি কোঠাত সোমালহি৷ বেৰলৈ মুখ কৰি শুই থকা ললিতাক তাৰ ক’লা গোণাম’হ এটা যেন লাগিল৷ এক কঠিন, এক অসহ্যকৰ বাস্তৱ৷ হঠাৎ ক’ৰ পৰা জানো সাতোটা দৈত্যৰ অপাৰ শক্তিৰে সি অদমনীয় পুৰুষ হৈ পৰিল৷ কঠিনতাৰ বুকু খান্দি বিচৰা এখন খৰস্ৰোতা নিজৰাত সি ঘণ্টা জুৰি উটি-ভাহি ভাগৰত শুই পৰিল৷
এদিন কোমলমতীয়া বগা ল’ৰা এটাৰ সি বাপেক হ’ল৷ পুৰুষৰ সকলো অধিকাৰেৰে সি ঠন ধৰি উঠিলেও ললিতাই তাৰ হতুৱাই কৰোৱা কামবোৰে তাক খহাই আনে৷ পুৱাতেই চাকৰিলৈ ওলাই যোৱা ললিতাৰ তিয়নি মেলাৰ পৰা ল’ৰাৰ আলপৈচান ধৰা, পাকঘৰৰ দায়িত্ব লোৱা… ক’ৰবাত ভাগৰি পৰে সি৷ কিবা এক আঘাত আঘাত…। সি নিজক ঢাকিবৰ নাটক ৰচিলেও অৱশেষত চিৰন্তন কোমল মমতাময়ী মাতৃৰূপটোৱেই প্ৰকট হৈ পৰে৷ জঠৰতাহীনভাৱে দুগুণ জীৱন্ত ৰূপত ধৰা দিয়ে নাৰী চৰিত্ৰৰ ভাও৷ যুগাৱধি বৰ্তি থকা নাৰীমনৰ ক্ৰন্দন, দ্বন্দ্ব, বেদনা আখৰা নকৰাকৈ স্বতঃস্ফূৰ্তভাৱে তাৰ নিজৰ ভিতৰৰ পৰাই ওলাই আহে৷
সেই ক্ৰন্দনৰ নেগুৰত ধৰি সি গৈ থাকিল বহু বছৰ৷ অন্ধ গান্ধাৰী হৈ সি সাতখুন মাফ কৰিলে ক্ৰমাৎ ললিতাৰ আদৰত উদণ্ড হোৱা তাৰ পুত্ৰধনক৷ বুকুত খোপনি পুতি থোৱা লৱ-কুশৰ, শিশু কৃষ্ণৰ কোমল অধৰ আৰু দেহ-মন জুৰোৱা সুৰভিৰ ঠাইত সি তাৰ পুত্ৰৰ শৰীৰত পালে মাদক দ্ৰব্যৰ নিকৃষ্ট গোন্ধ৷ গৰ্বিত দুৰ্যোধন, বেইমান, দুঃশাসনৰ ৰূপ লোৱা পুত্ৰক তাৰ ভীম হৈ ভাঙি দিবৰ মন গ’ল উৰু৷ কিন্তু সি নোৱাৰিলে, বৰং কুন্তী হৈ সুতপুত্ৰ কৰ্ণৰ ওচৰত উচুপি বিচাৰিলে পুত্ৰ পঞ্চপাণ্ডৱৰ জীৱন৷ পুত্ৰমোহত অন্ধ ললিতাৰ লগত সুৰ মিলাই অন্ধ গান্ধাৰী ৰূপী সি আত্মগ্লানি আৰু আত্মদ্বন্দ্বত এদিন নামঘৰৰ মজিয়াত পুত্ৰৰ কৃতকৰ্মৰ বাবে ৰাইজৰ আগত আঁঠু ল’ব লগাও হ’ল৷ ভৰ ৰাজসভাত বিবস্ত্ৰা দ্ৰৌপদীৰ কঠোৰ বাণীত লজ্জানত ভীষ্মৰ দৰে মুক হৈ পৰিল অৱশিষ্ট পুৰুষত্ব তাৰ৷
ক্ৰমাৎ সাংসাৰিক এক নিৰাসক্তিয়ে, এক বৈৰাগ্য চেতনাই তাক বেঢ়ি ধৰিলে৷ ইতিমধ্যে বাঢ়ি গৈছিল পুত্ৰৰ নৈতিক স্খলন৷ অসহায় পুতিগন্ধময় ঘৰুৱা পৰিৱেশ৷ বিপৰীতে ঈশ্বৰতত্ত্বৰ ছত্ৰছায়াত সি অনুভৱ কৰিলে প্ৰশন্তিৰ এক বিমল আনন্দ৷ জলসদৃশ মোহৰ নিছিগা জলধাৰত নিজক উটুৱাই দিয়াতকৈ তেওঁ যেন গাখীৰ প্ৰস্তুত দৈ হৈ কেৱল ওপঙি ৰ’ল৷ মিহলি হোৱাৰ ইচ্ছা এটাও লাহে লাহে নোহোৱা হ’ল৷ কৃষ্ণৰ আকুল সুৰ-তৰংগত মতলীয়া হোৱা গোপীৰ দৰে বান্ধৱক দলিয়াই সদানন্দময় ঈশ্বৰ প্ৰীতিত সি মতলীয়া হৈ পৰিল৷ পোছাক ভাণ্ডাৰৰ ওচৰত চালি এখন সাজি আৰম্ভ হ’ল তাৰ একাকী জীৱন৷ বৈষয়িক জঞ্জাল, সামাজিক গ্লানি, তিৰোতা সেৰুৱা চাপৰ পৰা বহু দূৰত এক নিৰাপদ, নিজৰ ধৰণেৰে জীয়াই থাকিব খোজা জীৱন৷
হঠাৎ মহামাৰীৰ সংক্ৰমণৰ বাবে দেশজোৰা তলাবন্ধ৷ ভাওনা-সবাহ দোকান-পোহাৰ সকলো বন্ধ৷ কলিৰ শেষত যেন কল্কি আৰ্বিভাৱৰ সময় সমাগত৷ বন্ধ পোছাক ভাণ্ডাৰ৷ প্ৰাচীন শিলা হৈ ওলমি থাকিল পোছাক ভাণ্ডাৰ কাপোৰবোৰ৷ স্পৰ্শহীন ধূলিৰ চামনি অভিনেতাবোৰৰ চুলি, মোছ, পাদুকাত৷ ভাগৰুৱা যেন সকলো প্ৰাচীন মিথ্, ধৰিত্ৰী কঁপোৱা কণ্ঠ, হৃদয়স্পৰ্শী সংলাপ৷ ক’ৰবাত ৰৈ গ’ল সি৷ ভূমিৰ পৰা ভূমালৈ উধাব খোজা খোজবোৰ তাৰ বাৰে বাৰে খহি পৰিছে৷ এদিন আহি ললিতাই কোনো দিনে ঘৰৰ পিনে মূৰ নকৰিবলৈ দবিয়াই থৈও গ’লহি৷ ক্ৰূৰ দৃষ্টি, খহটা কণ্ঠৰ আগত তাৰ বৈৰাগ্যৰ পোছাকযোৰ ক’ৰবাত ফিচিকি পৰিল৷ ৰাতি ৰাতি ওলোমাই থোৱা খোলটো নমাই বহু ৰাতিলৈকে বজাই থকা হ’ল সি৷ ভক্তি ৰসেৰে সিক্ত প্ৰাৰ্থনাবোৰ ক’ৰবাত খুন্দা খাই উচুপনি হৈ ৰৈ গ’ল৷
শৰতৰ জোনালী পৃথিৱী৷ ৰাস পূৰ্ণিমা, স্নিগ্ধ ধৱল ৰাতিৰ নীৰৱতাত কেৱল অপাৰ প্ৰকৃতিৰৰ শব্দৰ পয়োভৰ৷ দোকানৰ দুৱাৰ খুলি সি ওলাই আহিল৷ মোহন কৃষ্ণৰ প্ৰেমৰূপত জন্ম সমৰ্পণ কৰিব আজি অসুৰ আত্মাই৷ কংসৰ পোছাকযোৰ পিন্ধি সি হাতত তুলি ল’লে অসুৰৰ গদা আৰু তৰোৱাল৷ ওলমি থকা খোলটো কান্ধত লৈ আৰম্ভ কৰিলে দ্ৰুত পদচালনাৰ যুদ্ধৰ ছন্দোময় ছেও৷ আবিৰত খোলৰ ছেওৰ তালে তালে অন্তহীন যুদ্ধৰ গতি৷ চকুৰ আগত ভাহি আহিল নামঘৰত গিজগিজাই থকা ভাওনাবলীয়া অনেক চিনাকি মুখ, হাত চাপৰিৰ শব্দত তল-ওপৰ কৰা মাটি, উৎসুক উৎকৰ্ণ কাণ, বিষ্ফাৰিত চকু৷ হাত ফাটি তেজ বিৰিঙি উঠিল তাৰ। টনটনাই উঠিল ভৰিৰ আঙুলি, কলাফুলৰ মাংসপেশী৷ কিন্তু স্তব্ধ নহ’ল সি৷ আজি অসুৰ বধ ভাওনা৷ অসুৰৰ তেজৰ সমুখত ছিটিকি পৰিব লাগিব তাৰ কোমল প্ৰাণ৷
ই কি ভুৱন ভুলোৱা কৃষ্ণৰ হাঁহিৰ ঠাইত গোণা ম’লৰ বৰণৰ ললিতা আৰু তাইৰ পুত্ৰ! সৰ্বশক্তিৰে প্ৰহাৰ কৰিলে সি৷ একাধিকবাৰ৷ উবুৰি খাই পৰি গ’ল সি৷ কোৱাৰি ফাটি বৈ আহিল তেজ৷ অৰ্ধনিমিলিত চকুৰ আগত ভাহি উঠিল সুদৰ্শন চক্ৰধাৰীৰ মোহন ৰূপ৷ দোৰোল খাই যোৱা জিভাত অস্পষ্ট দেৱ ভটিমা৷ কাল বাঁহীৰ এক অচিন সুৰ তাৰ বুকুৱেদি তেতিয়া সৰকি গ’ল৷
