Written by sdblogs2011 4:06 am Articles

এন’লা হ’ম্‌ছ

 (এই লেখাটো প্ৰতিজন নাৰীবাদী পুৰুষৰ হাতত)

 ৰিমলী বৰকটকী

চিনেমাখনৰ নামেই কয় শ্বাৰ্লক হ’মছৰ চৰিত্ৰৰ লগত যেন ক’ৰবাত কিবা সংযোগ আছে। হয়, আপোনাৰ ৰহস্যগন্ধী নাকে ঠিকেই গোন্ধ পাইছে। হয়, ন’লা হ’ম্‌ছ এখন ৰহস্যময়, এড্‌ভেঞ্চাৰ আৰু ক’মেডি‍ জঁৰ (Genre)-ৰ চিনেমা। কিন্তু সকলোৰে ঊৰ্ধ্বত হৈছে এইখন এখন খুব শক্তিশালী নাৰীবাদী চিনেমা। নাৰীসকলক সৰুৰে পৰাই শিকোৱা হয়— কিদৰে কথা ক’ব লাগে, মানে বিনয়ী হ’বলৈ, কিদৰে বহিব লাগে, কিদৰে সাজ-পাৰ কৰিব লাগে! কিন্তু কিয়? কিয় এজন পুৰুষক একেবোৰ কথাকে শিকোৱা নাহয়? কিয় নাৰীৰ বাবেই সকলো নিয়ম? এন’লা এগৰাকী ষোড়শী যুৱতী, যাক তেওঁৰ মাকে সকলো ধৰণৰে শিক্ষা দিয়ে নিজকে কায়িক-মানসিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ। এন’লা দুৰন্ত, দুৰ্দান্ত। এন’লাক মাকে শিকায় কিদৰে মুক্ত, বন্য হৈ জীয়াই থাকিব পাৰি। এদিন হঠাৎ এন’লাৰ মাক এন’লাক একো নোকোৱাকৈ নোহোৱা হৈ পৰে। মাক নিৰুদ্দেশ হোৱাৰ পাছতে চিনেমাত এন’লাৰ দুই ভাতৃৰ আবি‍ৰ্ভাৱ ঘটে। তাৰ এজন মানে যাৰ ওপৰত এন’লাৰ দায়িত্ব ন্যস্ত আছিল তেওঁ। তেওঁ আছিল এন’লা আৰু এন’লাৰ মাকৰ স্বাধীনতাবিৰোধী আৰু আনজন আছিল ইন’লা আৰু মাকক বুজি পাওঁতা, সন্মান কৰোঁতা। ইন’লাক হয়তো কোনোবাই ‘টমবয়’ বুলিও ক’ব পাৰে, কিন্তু মই তেনে বিশেষণ ব্যৱহাৰ নকৰোঁ। কিয় ইন’লা ‘টমবয়’ হ’ব? ইন’লা স্বতন্ত্ৰ, ইন’লাৰ যিদৰে ভাল লাগে তাই সেইদৰেই থাকে, তাত লিংগভিত্তিক ছাঁ‌ পৰিব নালাগে। ইন’লাৰ দায়িত্বত থকা ভাতৃজনে ইন’লাক এনে এখন স্কুললৈ পঠিওৱাৰ ব্যৱস্থা কৰে, য’ত এগৰাকী যুৱতীক তথাকথিত ‘লেডি‍’ হিচাপে গঢ়ি তোলা হয়, মানে যি নাৰীয়ে সমাজৰ নাটকীয় আদব-কায়দা শিকি নিজকে গঢ় দিয়ে, পোছাক পৰিধান কৰে, উঠা-বহা কৰে, খোৱা-বোৱাতো আনকি নাৰীসুলভ শিষ্টাচাৰ বজাই ৰাখে। ইন’লা যাব জানো তেনে এখন স্কুললৈ? নাই, সেই নিশাই ইন’লাই ঠিক এজন সুচতুৰ গুপ্তচৰ হিচাপে মাকে ইন’লালৈ দি থৈ যোৱা গোপন বাৰ্তা বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু সেই নিশাই ইন’লাই সকলো বন্ধন ভাঙি মাকৰ সন্ধানত ঘৰৰ পৰা পলায়ন কৰে। ইয়াতে ইন’লাৰ এড্‌ভেঞ্চাৰ আৰম্ভ হয়। ইন’লাই ট্ৰেইনত পায় এজন সমবয়সীয়া কিশোৰ— টেউকছবেৰি‍ক। ঘৰৰ পৰা পলোৱা টেউকছবেৰি‍ক ইন’লাই এক বিপদৰ পৰা উদ্ধাৰ কৰে।

মাকৰ সন্ধানত এন’লা গৈ লণ্ডন পায়গৈ। তাত তাই নিজকে আনে এজন গুপ্তচৰ হিচাপে চিনিব নোৱৰাকৈ এগৰাকী লেডি,‍ মানে ভদ্ৰমহিলাৰ দৰে সাজ-পাৰেৰে সজায়। যি পোছাকত কঁ‌কাল চিয়া, বুকু উঠন দেখায়, সেই পোছাক পিন্ধে আৰু এইখিনিতে যেতিয়া এন’লাই আগেয়ে কাহানিও নিপিন্ধা সেই বিশেষ বক্ষবন্ধনীটো পিন্ধে, পিন্ধি পিন্ধি ইন’লাই কয়— “ছি‍ম্বল অফ অ’প্ৰেছন” অৰ্থাৎ অৱদমনৰ প্ৰতীক। মানে সেই বক্ষবন্ধনীটো অৱদমনৰ প্ৰতীক, সঁ‌চাই। এই দৃশ্যটোত এক শক্তিশালী ব্যঙ্গ লুকাই আছে। যেতিয়া বহু যুঁজ-বাগৰৰ মাজেৰে এন’লাই নিজ মাতৃৰ সন্ধান কৰি থাকে, তেনেতে হঠাৎ এদিন এন’লাৰ মনলৈ টেউকছবেৰি‍ৰ কথা আহে। ইন’লাৰ এনে ভাব হয়, যেন টেউকছবেৰি‍ক ইন’লাৰ সহায়ৰ প্ৰয়োজন। সেইখিনি সময়ত এন’লাৰ মনৰ ভাব চিত্ৰনাট্যকাৰে ইন’লাৰ মুখৰ এটা শক্তিশালী, পৰিপক্ব সংলাপৰ যোগেদি প্ৰকাশ কৰিছে— “মই কাৰোবাৰ প্ৰতি দায়িত্ববোধ অনুভৱ কৰিছোঁ, কাৰণ তেওঁ এতিয়া নিজকে ৰক্ষা কৰিব পৰাকৈ সমৰ্থ নহয়, কিন্তু মই নিজে সমৰ্থ।” আৰু সেয়ে ইন’লাই এইবাৰ মাকক বিচৰাৰ যাত্ৰা সামান্য লেহেমীয়া কৰি টেউকছবেৰি‍ক ৰক্ষা কৰিবলৈ ওলাই যায়। এন’লাই টিউকছবেৰি‍ক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু টিউকছবেৰি‍ক ৰক্ষাও কৰে। পিছে টিউকছবেৰি‍ক ৰক্ষা কৰিবলৈ যোৱাৰ কি মূল্য ভৰিবলগা হয় এন’লাই? ইন’লাৰ সন্ধানত থকা সেই ক্ৰূৰ ভাতৃজনৰ হাতত পৰে ইন’লা। ইন’লা এই প্ৰথমবাৰৰ বাবে খুবেই অসহায় হৈ পৰে চিনেমাখনত। এই সময়ৰ সংলাপখিনি খুবেই মনোগ্ৰাহী। ইন’লাক ককায়েকে কয় যে তেওঁ এন’লাৰ সুখ বিচাৰি ইন’লাক ধৰি-বান্ধি আনিছে, ইন’লাই তেতিয়া উত্তৰ দিয়ে—“নাই, আচলতে তুমি তোমাৰ সুখ বিচাৰিহে মোক এনেকৈ বন্দী কৰিছা। কাৰণ তুমি মোক তোমাৰ  নিয়ন্ত্ৰণত ৰাখিব খোজা। কাৰণ মই তোমাৰ স্থিতিত আঘাত হানিব পৰাকৈ শক্তিশালী।”

এন’লা সেই তথাকথিত লেডি‍মেকিং স্কুললৈ যাবলগা হয়। এন’লা বাধ্য হয় তাই নিজে পেংলাই কৰা কামসমূহকে কৰিবলৈ। এতিয়া ইন’লাই কি কৰিব? পিন্ধি ল’ব নেকি দাসত্বৰ শিকলি? গঢ় দিব নেকি নিজকে এজনী সুযোগ্যা পত্নীধাতুৰ নাৰীৰূপে? হাস্যকৰ যে এই তথাকথিত মেনাৰ্ছ শিকোৱা স্কুলখনৰ মুৰব্বী আন কোনো নহয়, এগৰাকী নাৰীয়েই। আচলতে এই নাৰীগৰাকীহে  প্ৰকৃতাৰ্থত অৱদমিত, যি নিজে মূৰ তুলি থিয় দিব পৰা নাই আৰু আনকো শিকাব পৰা নাই। এইচাম নাৰীয়েই পুৰুষতান্ত্ৰিকতাৰ সঁ‌চা ধ্বজাবাহক। এন’লাক পিছে সেই স্কুলৰ পৰা পলায়ন কৰাত সহায় কৰিবলৈ আহি ওলায়হি টিউকছবেৰি‍। ঘটনাক্ৰমে টিউকছবেৰি‍ আৰু এন’লাৰ মানসিক নৈকট্যও বাঢ়িবলৈ ধৰে। কিন্তু ইন’লাক যে ভাল পোৱা সহজ নহয়! যদিহে কোনোবাই এন’লাক ভাল পাব খোজে, তেন্তে এন’লাক মুকলি কৰি দিব লাগিব, এন’লা বন্য, মুক্ত, প্ৰাকৃতিক।

এন’লাই মাকক বিচৰাৰ যাত্ৰা অব্যাহত ৰাখে। আৰু এদিন হঠাতে মাকে নিজে আহি এন’লাক দেখা দিয়েহি। ইন’লাৰ মাকো এগৰাকী গুপ্তচৰেই আছিল, যাৰ নিজৰ জীৱনৰ এক বিশেষ কাৰণ আছিল, লক্ষ্য-উদ্দেশ্য আছিল। এই যে এন’লাৰ মাক, তেওঁৰ লক্ষ্য-উদ্দেশ্যত এক খুব শক্তিশালী প্ৰতিবাদৰ গাথা জড়িত হৈ আছে। ইন’লাৰ মাক ইংলেণ্ডৰ বিখ্যাত ‘ছাফাৰগেট  ম’ভমেণ্ট’-ৰ লগত জড়িত আছিল। যাৰ বাবে মাকে এন’লাক এৰি আহিছিল। এই ছাফাৰগেট ম’ভমেণ্টৰ অৰ্থ আছিল, নাৰীৰ ভোটাধিকাৰৰ হকে কৰা এক আন্দোলন। এই আন্দোলনৰ পৰা আনকি মহাত্মা গান্ধীও খুব অনুপ্ৰাণিত হৈছিল আৰু তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ অংশগ্ৰহণ কৰোৱাত আগভাগ লৈছিল। মাকে এন’লাক লগ পায়  যেতিয়া, তেতিয়া ইন’লাৰ কৰ্মক লৈ তেওঁ গৌৰৱান্বিত হোৱা বুলি কয়। এন’লাকনো আৰু কি লাগিছে? যি ইন’লাক উৰিবলৈ দুপাখি মোকলাই দিছিল, তেৱেঁই যেতিয়া এন’লাক লৈ গৌৰৱ কৰে! ইন’লাৰ মুখেৰে পৰিসমাপ্তি— “মই এন’লা, ওলোটাকৈ ক’লে এল’ন অৰ্থাৎ অকলশৰীয়া বা শক্তিশালী। মোৰ মাই মোক মোৰ স্বাধীনতা, মোৰ জীৱনৰ পথ আৰু জীৱনৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে মই ভালকৈ জনাটো বিচাৰে। মোৰ জীৱনটো মোৰ নিজৰ আৰু মোৰ ভৱিষ্যৎ মোৰ নিজৰ ওপৰতেই নিৰ্ভৰ কৰে।”

আপুনি যদি এগৰাকী নাৰী আৰু এন’লাৰ দৰেই নিজৰ স্বাধীনতা আপোনাৰ প্ৰিয় আৰু আপোনাৰো এন’লাৰ মাকৰ দৰেই এক খুবেই শক্তিশালী ছাপ’ৰ্ট ছি‍ষ্টেম থাকে, আপুনি কি কৰিব নিজক আৰু নিজৰ জীৱনক লৈ? মোৰ কথা হ’ল— সেই ছাপৰ্ট ছি‍ষ্টেম থাকক বা নাথাকক, এটাই জীৱন, জী লওক। দুৰ্দান্ত, প্ৰাণৱন্ত আৰু অবাধ্য হৈ।

এন’লা হ’মছৰ পৰিচালক হেৰি‍ ব্ৰেডৱে’ৰ আৰু চিত্ৰনাট্য জেক থ্ৰ’নৰ। ভাল লগা কথা যে দুয়োজনেই পুৰুষ। এন’লাৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছে মিলি ববি‍ ব্ৰাউনে।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close