হৰেকৃষ্ণ ডেকা
১.
যাম বুলিছিলি৷
এদিন গলিগৈয়ে৷
কোনোবাই কৈছিল,
উভতি নাচাবি,
এই সোঁত উভতি নবয়৷
সোঁৱৰণি হ’ব তিতা৷
সেই যে জুহালৰ কাষত
পিঠা ভাজিছিলি
কাষত বহিছিলোঁ
কৰিছিলোঁ আব্দাৰ৷
ক’তা, ভাবিলে দেখোন
এতিয়াও
মনটো হয় মিঠা!
(২)
তই গোটেইখিনি চকুপানী টোকাৰ পাছতো
অকমান ক’ৰবাত থাকেই দেখোন!
আচলৰ আঁৰত মচিব খুজিলেও
নেদেখাকৈ থাকে জানো?
দূৰলৈ যাবি, ভালকৈ থাকিবি,
কথাষাৰ এতিয়াও ৰিং হৈ বাজে৷
তই দিয়েই থাকিলি, একো নুখুজিলি,
ওভতাই কিবা দিব লাগে বুলি
তেতিয়া দেখোন নাভাবিলোঁৱেই৷
এতিয়া কিবা মন গ’লেও
দিব নোৱাৰোঁ
মনতে সামৰোঁ৷
(৩)
কেঁচাখৰিৰ ধোঁৱাই যেতিয়া
তোৰ চকুত চকুপানী উলিয়াইছিল
সেইবোৰত দুঃখ নাছিল,
কিন্তু কিমান মৰম আছিল
জুখি চোৱাতো নাছিলোঁ৷
তোৰ ভাগৰ পৰা অকমান হ’লেও
বেছিকৈ দিওঁতে
তাতো যে কিবা চেনেহেই আছিল
ক’তনো ভাবিছিলোঁ!
এতিয়া জানো, কেতিয়াবা মনে মনে তই
চকুপানী টুকিছিলি, দুঃখবোৰ মাথোন
লুকুৱাই থৈছিলি৷
সেই চকুপানীবোৰ সূতা হোৱা হ’লে
এখন চেলেঙেই হ’লহেঁতেন কিজানি৷
মৰমতে যে দুঃখো পোৱা যায়
তেতিয়া যদি জানিলোহেঁতেন!
এতিয়া বুজিছোঁ৷ বুজিলে কি হ’ব?
তইবা ক’ত আছ!
তোকনো কেনেকৈ কওঁ!
(৪)
পিতা যেতিয়া তোৰ ওচৰত বহিছিল
মোৰ পিতাৰ ঠাইত বহিবলৈ মন গৈছিল৷
পিতা গ’লগৈ,
কিন্তু খালী হৈ ৰ’ল ঠাই৷
তোৰ উকা কপাললৈ চাই ভাবিছিলোঁ
আচলতে পিতাৰ ঠাই কপালখনেই আছিল নেকি!
ইমান সৰুতে আইতাই কোৱা কথাকে
সঁচা বুলি ভাবিছিলোঁ,
পিতা হেনো আকাশলৈ গ’লগৈ৷
তৰাবোৰৰ মাজত বিচাৰিছিলোঁ পিতাক,
পোৱা নাছিলোঁ৷
তেতিয়া ৰাতিপুৱা বেলিটোলৈ চাই ভাবিছিলোঁ,
বেলিটো আনি তোৰ কপালত
এটা ৰঙা ফোঁট যদি কৰিব পাৰিলোঁহেঁতেন,
পিতা বাৰু আহিলহেঁতেননে ঘূৰি?
মনে অঁকা ছবি সঁচা নহয়,
পাছত জানিছিলোঁ৷
তোৰ উদি কপালত কি দুঃখ আছিল
তেতিয়া বুজা নাছিলোঁ৷
তই গুচি যোৱাৰ পাছত জানিছিলোঁ
তই গ’লিগৈ আৰু ঘূৰি নাহিবলে’৷
তেতিয়াহে তোৰ লগতে
পিতাকো হেৰুৱালোঁ৷
(৫)
মা, তইতো বেলিটো নাছিলি
তথাপি আমি ছটি ল’-ছালিয়ে
গ্রহ একোটিৰ দৰে তোৰ চাৰিওফালে
ঘূৰি আছিলোঁ কিয়?
তোৰ সংসাৰখন দেখোন ঘূৰিছিল
পিতাৰ চাৰিওফালে
আমাকো লগতে লৈ৷
মই মোৰ প্রথম পদ্য লিখি
চুচুক-চামাক্কৈ
আহিছিলোঁ তোৰ ওচৰলৈকে
তই মোৰ ফালে চাওঁতে
তোকে দেখিছিলোঁ আটাইতকৈ ধুনীয়া৷
তই সুধিছিলি, ‘কি?’
আৰু ৰ লাগি শুনিছিলি মই আওৰোৱা৷
মাথোন কৈছিলি, ডাঙৰ মানু্হ হ’বি৷
পাছত জানিছিলোঁ, সকলো ল’-ছালিকে
সকলো মাকে ডাঙৰ হ’বলৈ কয়৷
ডাঙৰ হওঁতে বহুত কবিতা লিখিলোঁ, মা৷
কিন্তু তোকনো শুনালোঁহেতেন কেনেকৈ ?
সেইবোৰ যে ভব্য-গব্য পোছাক পিন্ধা
ভাবনাৰ একোটা একা-বেঁকা পাক আছিল!
তোক নুশুনালোঁৱেই নহয়৷
তোৰ যদি কিবা অভিমান আছিল
কোনোদিনে নক’লি দেখোন!
এতিয়া তোৰ কাৰণে সহজ পদ্য লিখিছোঁ, মা৷
তই জানো আহিব পাৰিবি?
মই যদি ডাঙৰকৈ মাতোঁ
শুনিবিনে?
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
