Written by sdblogs2011 3:46 am Poems

পেইন এণ্ড ফেণ্টাছি‍ ফাগুন

চুনা কুমাৰ পাঠৰী

নৈৰ ঢৌৱে সপোন ভঙা

ট্ৰেজিক খেলখন চাই চাই

শিলগুটি এটা পানীলৈ দলিয়াই দিছোঁ

নিমিষতে পানীত নিশ্চিহ্ন শিলগুটি,

স্মৃতি বুৰবুৰণি

কোৱাঁ— দুখতকৈও গধুৰ নে শিল ?

বুকুত অহৰহ কঢ়িয়াই ফুৰা

এই শূন্যতাৰ নামেই ভালপোৱা!

প্ৰিয় সন্ধিয়া

গোসাঁইঘৰত জ্বলি থকা ধূপৰ

ধোঁৱাৰ গোন্ধত

ভালপোৱা বিচাৰি কি পাবা!

ভালপোৱা মানে ছায়াময়া, সকলো ধোঁৱা ধোঁৱা।

আৰু দুহাতৰ উঘাৰ বিশ্বাসী সূতা ছিগিলেই জানিবা

চিলাই নিজৰ বাট হেৰুৱাই কেৱল আকাশলৈ উৰে

তুমি গুচি যোৱাৰ দুখত চাপৰিৰ বিৰিণাবোৰ জ্বলে।

চৰাই উৰিবলৈহে স্বপ্নৰ পৰিধিহীন আকাশ

ভালপোৱাত কিহৰ ইমান অৱকাশ!

সমুখত আধামৰা দুখৰ নিৰ্যাতিত কলং,

পাৰত অকলশৰে কেইপাহমান শিমলু ফুল তুলি লৈছোঁ

এনে কোনো কথা নাই যে

ফুল ভাল পোৱা মানুহ ভীষণ প্ৰেমিক!

তথাপি ফুল ভাল পোৱা মানুহে জানে—

ভালপোৱাও ফুলৰ দৰে ক্ষণস্থায়ী।

ঠিক নৈৰ ঢৌৱে সপোন ভঙাদি ভাঙিছা,

এনেকৈ গুচি গ’লেও অজস্ৰ শুভকামনা

আজিও তোমাৰ নামত,

এনেকৈ গুচি গ’লেও অজস্ৰ হৃদয় সোঁৱৰণিৰে‍ ভৰুণ এপিটাফ

আজিও তোমাৰ নামত,

তোমাৰ নামত আমাৰ ভালপোৱা

কলং পাৰৰ সমগ্ৰ শিমলু সাগৰ…।

ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close