Written by sdblogs2011 3:23 am Poems

নিৰৱচ্ছিন্নতা

(মূল: Continuities, ৱাল্ট হুইটমেন)

অনুবাদ: উচ্চজিৎ দশগিৰি

কোনো বাস্তৱ কেতিয়াও নেহেৰায়

অথবা হেৰাব নোৱাৰে কোনো চিন্তা,

নেহেৰায় কোনো জন্ম-পৰিচয়,

নেহেৰায় শকতি, নেহেৰায় জীৱন

মনে ঢুকি পোৱা কোনো স্বৰূপো নেহেৰায়,

নাইবা নেহেৰায় এই বিশ্বৰ দৃশ্যমান একো সত্তা।

আকৃতিবোৰত ভোল নাযাবা,

নাইবা ৰূপান্তৰণৰ জগতেৰে

বিভ্ৰান্ত হ’বলৈ নিদিবা তোমাৰ মন।

অনাবিল সময় আছে

আৰু আছে অনন্ত মহাকাশ,

আছে প্ৰকৃতিৰ অসীম কঠীয়াতলী।

এই যে জৰ্জৰ, বৃদ্ধ, শীতল শৰীৰ

আৰু লাহে লাহে নিস্তেজ হৈ পৰা দুচকুৰ দীপ্তি,

যেন দপ্‌দপাই জ্বলি উঠা জুইৰ অৱশিষ্ট এঙাৰ;

সকলো এদিন পুনৰ হৈ উঠিব উদ্দীপ্ত।

পচি‍মৰ আকাশত অস্তগামী আজিৰ সূৰুজে

অনেক কাললৈ বাৰে বাৰে উদয় হৈ

প্ৰতিবাৰে আনিব ঊষা,

আনিব ৰৌদ্ৰোজ্জ্বল দুপৰীয়া।

হিমচেঁচা প্ৰতিবাৰ শীতৰ পাছত

অগোচৰে আহি থাকে বসন্তৰ লহৰ,

সবুজ ঘাঁহ আৰু ফুল

তথা গ্ৰীষ্মৰ ফল আৰু শইচৰ পোহৰ। 

অনুবাদকৰ ঠিকনা:মৰিছ নগৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বাসগৃহ চৌহদনতুন দিল্লী, পিন: ১১০০০৭ভ্ৰাম্যভাষ: ৯৮৯৯২২০৮৯৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close