Written by sdblogs2011 3:23 am Poems

সৌৰভ কুমাৰ চলিহা

প্ৰশান্ত মিশ্ৰ

“সৌৰভ চলিহা ঢুকাল হয়তো। কিন্তু এই সত্যটো মোৰ বাবে  অৱান্তৰ”- সৌৰভ কুমাৰ চলিহা।

তুমি কেতিয়াও ভবা নাছিলা 

যে এদিন তেওঁ তোমাৰ ঠিকনা বিচাৰি আহিব

ভবা নাছিলা কোনোবাই বিচাৰি উলিয়াব 

ৰাস্তাৰ কেতিয়া সোঁফালে

আৰু কেতিয়া বাওঁ ফালে ঘূৰিলে 

ঠিক সূৰ্য উদয় হোৱাৰ দিশত তোমাৰ ঘৰ

তোমাৰ সপোন বিফল নে সফল 

ঘৰৰ দেৱালত নিশ্চয়কৈ প্ৰতিফলিত হোৱা নাই

পদুলিমুখৰ জপনাতো কোনেও লিখি থোৱা নাই তোমাৰ জীৱনৰ কৃতিত্বৰ কাহিনী

বাটচৰাত কোনেও ৰৈ থকা নাই 

আদৰিবলৈ অচিন আলহী

ওচৰ চুবুৰীয়াই হয়তো তোমাক পাহৰি গৈছে

তুমি ৰোৱা ফুলবোৰ আৰু ফুলি থকা নাই

তোমাৰ পুথিভঁৰালত 

কোনেও পাত লুটিয়াই চাই  থকা নাই 

পুৰণি চিনেমাৰ ইতিহাস

তোমাৰ কেমেৰাৰ লেঞ্চত ধূলি

তোমাৰ কোঠালিত ৰিক্ত চকী

তোমাৰ ছাইদানিত কোনেও নথয় আধাপোৰা চিগাৰেট

তোমাৰ আলমাৰি খালি 

দুৱাৰৰ পৰ্দাৰ শেঁতা ৰং

আৰু তৰি থোৱা আঁঠুৱাৰ বিছনা শূন্য

খিৰিকীৰ জলঙাইদি

আবেলিৰ লহিওৱা বেলিৰ নিৰুত্তাপ পোহৰ

তোমাৰ কোঠালিত বিচ্ছুৰিত

টেবুলত জাৰ্মান ফৰাচী অভিধানৰ উঁয়ে খোৱা পৃষ্ঠা

ঠিকনা সুধি সুধি তেওঁ হয়তো এদিন আহিব

বাট চিনাই দিবলৈ তুমিহে নাথাকিবা 

কোনো নাথাকে।   

ঠিকনা :

অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট

 (২৫ জুনত পূণ্য তিথি) 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close