Written by sdblogs2011 3:17 am Articles

বৰগোহাঞি ছাৰলৈ শ্ৰদ্ধাঞ্জলি

ৰঞ্জুমণি মহন্ত

(‘অন্যযুগ’ৰ উন্মোচনী অনুষ্ঠানত সদ্য়প্ৰয়াত হোমেন বৰগোহাঞি ছাৰ)


২০১৮ চনৰ জানুৱাৰি মাহ আছিল বোধকৰোঁ৷ ‘অন্যযুগ’-ৰ প্ৰকাশৰ বাবে যো-জা চলি আছে৷ ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ ড° বসন্তকুমাৰ গোস্বামী ছাৰে সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছে৷ ঠিক হ’ল যে ৯ ফেব্ৰুৱাৰিৰ দিনটো যিহেতু অসমীয়া সাহিত্য জগতৰ বাবে এটা বিশেষ দিন, গতিকে পাৰিলে এই দিনটোতে আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচনৰ ব্যৱস্থা কৰিব লাগে৷ এই দিনটো এইবাবেই বিশেষ যে ১৮৮৯ খ্ৰীষ্টাব্দৰ এই দিনটোতেই আধুনিক অসমীয়া সাহিত্যৰ বৰভেঁটিস্বৰূপ ‘জোনাকী’ আলোচনীখনে আত্মপ্ৰকাশ কৰিছিল৷ ভবামতেই কাম আগবাঢ়িল৷ এহাতে প্ৰস্তাৱনা সংখ্যাৰ সম্পাদনাৰ কাম চলি থাকিল আৰু অন্যহাতে আলোচনীখনৰ উন্মোচনী অনুষ্ঠানৰ প্ৰস্তুতিও আৰম্ভ হ’ল পূৰাদমে৷

এদিন গোস্বামী ছাৰে আমাক জনালে যে আলোচনীখন উন্মোচন কৰিবৰ বাবে আৰু উপদেষ্টা হিচাপে থাকি আগলৈকো দিহা-পৰামৰ্শ দি আমাক পথ নিৰ্দেশনা দি যাবৰ বাবে হোমেন বৰগোহাঞি ছাৰৰ সৈতে ইতিমধ্যে তেখেতে কথা পাতিছে৷ এই কথাটোৱে আমাৰ উদ্যম দুগুণ বঢ়াই তুলিলে৷ আমি যাতে পৰিকল্পনা কৰামতেই যথাদিনত ‘অন্যযুগ’ উন্মোচন কৰিব পৰাকৈ সাজু কৰিব পাৰোঁ, সেই উদ্দেশ্যে কাম-কাজত মন দিলোঁ৷ তেনে সময়তে এটা ব্যক্তিগত কামত আমি দুৰাতিৰ বাবে সপৰিয়ালে গুৱাহাটীলৈ যাবলগা হ’ল৷ আমি গুৱাহাটীলৈ যোৱা বুলি গম পাই গোস্বামী ছাৰে ফ’ন কৰি হোমেন বৰগোহাঞি ছাৰক এবাৰ নিজেই লগ কৰি নিমন্ত্ৰণ জনাই আহিবলৈ ক’লে৷ আমাৰ একে সময়েত হাতেৰে চন্দ্ৰ স্পৰ্শ কৰিবলৈ পোৱাৰ দৰে আনন্দ আৰু আনফালে মূৰত সৰগ ভাগি পৰা অৱস্থা৷ কাৰণ, কিবা এক অজান ভয় আৰু সংকোচত (বোধকৰোঁ হীনমন্যতাত) আমাৰ বুকু ধপ্‌ধপাবলৈ ধৰিলে৷ 

আন বহুতৰ দৰে বৰগোহাঞি ছাৰ আমাৰো ‘ৰ’ল মডেল’ আছিল, আছিল অন্যতম প্ৰিয় ব্যক্তি৷ তেখেতৰ লেখাই কৈশোৰ কালৰে‍ পৰাই আমাৰ মন-মগজুক এনেদৰে আলোড়িত কৰি ৰাখিছিল যে আমাৰ হৃদয়ত তেখেতৰ স্থান আছিল সুকীয়া আৰু অতুলনীয়৷ তথাপি কিন্তু ছাৰক আমি কোনোদিন লগ কৰাৰ ইচ্ছা মনত জন্ম হ’বলৈ দিয়া নাছিলোঁ৷ ছাৰক বুলিয়েই নহয়, আচলতে আমি আমাৰ কোনো প্ৰিয় লেখক-লেখিকা, গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী অথবা আন কোনো শিল্পীকে ওচৰৰ পৰা লগ পোৱাৰ হাবিয়াস নকৰোঁ৷ ব্যক্তিগতভাৱে কাষৰ পৰা লগ পোৱাতকৈ আমি তেখেতসকলৰ কৰ্মৰ মাধ্যমেৰে তেখেতসকলৰ চিন্তা-চেতনাক জানিবলৈহে বেছি আগ্ৰহী৷  

যি কি নহওক, সকলো ভয়, সংকোচ আৰু হীনমন্যতাক একাষৰীয়াকৈ থৈ আমি (অন্যযুগৰ দুজন ব্যৱস্থাপক শ্ৰী অচিন্ত্য কুমাৰ মহন্ত আৰু শ্ৰী দেৱজিৎ ভঁৰালীৰ সৈতে এই লেখিকা) বৰগোহাঞি ছাৰক লগ কৰিবলৈ বুলি তেখেতৰ অফিচলৈ গ’লোঁ৷ গোস্বামী ছাৰে আগতীয়াকৈ জনাই থোৱা বাবে তেখেতক লগ কৰাত আমাৰ বিশেষ অসুবিধা নহ’ল৷ আমি যোৱাৰ বাতৰি পোৱা মাত্ৰকে ছাৰে আমাক তেখেতৰ কোঠালৈ মাতি পঠালে৷ প্ৰাথমিক চা-চিনাকিৰ পাছতে ছাৰে আমাক সুধি গ’ল ইটোৰ পাছত সিটোকৈ প্ৰশ্ন৷ এক কথাত ছাৰে যেন আমাৰ ইণ্টাৰভিউহে লৈ পেলাইছিল৷ আমাৰ আলোচনীখনৰ চৰিত্ৰ কেনেকুৱা হ’ব, অসমত ইতিমধ্যেই ইমানকেইখন আলোচনী থকাৰ পাছতো আৰু এখন আলোচনী লাগে বুলি আমি কিয় ভাবিলোঁ, কোনসকল পাঠকক লক্ষ্য পাঠক হিচাপে ধৰি আমি আলোচনীখন উলিয়াব খুজিছোঁ, আলোচনীখন কিমান দিন চলাই ৰাখিম বুলি আমি পৰিকল্পনা কৰিছোঁ আৰু চলাই ৰাখিবলৈ আমি পুঁজি ক’ৰ পৰা পাম, ইয়াৰ ব্যৱসায়িক দিশ সম্পৰ্কে আমাৰ পৰিকল্পনা কি আদি অনেক প্ৰশ্নৰ অন্তত ছাৰে আমাক কৈ উঠিছিল— “মই বুজি পাইছোঁ৷ তোমালোক নিজৰ জাতিটোৰ প্ৰতি, নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি খুউব শ্ৰদ্ধাশীল৷ ইয়াৰ উন্নতিৰ বাবে তোমালোকে কিবা এটা কৰিব খোঁজা৷ মই খুউব ভাল পাইছোঁ  তোমালোকে ইমান এটা ভাল কাম কৰিবলৈ আগবাঢ়ি আহিছা, মই নিশ্চয় তোমালোকৰ লগত আছোঁ৷” এয়া আছিল ‘অন্যযুগ’-ৰ বাবে স্পষ্টতঃ এক আশীৰ্বাদ৷ 

সেই সময়ত ছাৰৰ কিছুমান সাময়িক স্বাস্থ্যগত অসুবিধা হৈছিল। কিন্তু অসুস্থ শৰীৰেৰেই ছাৰে তেখেতৰ কথা ৰাখি সুদূৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ আলোচনীখন উন্মোচনৰ বাবে আহিছিল আৰু আমাক কথা দিয়াৰ দৰেই শেষ পৰ্যন্ত ‘অন্যযুগ’-ৰ লগ এৰা নাছিল৷ জন্মলগ্নৰে পৰা ২০২০ চনৰ মাৰ্চ মাহলৈকে, অলোচনীখন দুবছৰ কাল সফলভাৱে ছপাৰূপত প্ৰকাশ হৈ থকাৰ পাছত, যোৱা বছৰ অতিমাৰীকালীন লক্‌ডাউনৰ সময়ৰে পৰা যেতিয়া অনলাইন্ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, তেতিয়া বৰগোহাঞি ছাৰক ‘অন্যযুগ’ অনলাইন আলোচনীলৈ ৰূপান্তৰিত হ’লে উপদেষ্টাৰূপে থাকিবলৈ অসুবিধা পাব নেকি বুলি সোধাত ছাৰে কৈছিল— ‘‘তোমালোকে ইমান সুন্দৰ কাম এটা কৰি আছা, মই তোমালোকৰ লগত নাথাকিম বুলি কিয় ভাবিলা?’’

সৌ সিদিনা, যোৱা ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত ‘অন্যযুগ’-ৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানলৈকো তেখেতে শুভেচ্ছাবাৰ্তা পঠিয়াবলৈ পাহৰা নাছিল৷

হোমেন বৰগোহাঞি ছাৰৰ বিয়োগত অসমৰ বৌদ্ধিক জগতৰ অপূৰণীয় ক্ষতি হোৱাৰ উপৰি ‘অন্যযুগ’-এ এজন অভিভাৱক তথা পথপ্ৰদৰ্শক হেৰুৱালে৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে  একাঁজলি শ্ৰদ্ধা নিৱেদন কৰিলোঁ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close