Written by sdblogs2011 3:03 am Poems

নুবুজা কথাবোৰ…

ডেইজী অনুৰঞ্জনা

 .

যিবোৰ কথা বুজিব পৰা নাছিলোঁ

সেইবোৰ এতিয়া লাহে লাহে বুজিব ধৰিছোঁ

.

নুবুজা কথাবোৰৰ বাবেই

আমি এৰি আহোঁ আত্মীয়তা,

এৰি আহোঁ ৰিণি ৰিণি বাজি ৰোৱা

আপোনজনৰ বুকুৰ বহু কথা,

এৰি আহো ৰঙা হৈ জ্বলি ৰোৱা

সিপাৰৰ পুৰণি ঠিকনা!

.

এৰি অহা বাটত

নুবুজা কথাবোৰৰ বাবেই আৰম্ভ হয়

সঁচাৰ আঁৰৰ সঁচাবোৰ বিচাৰি নোপোৱাৰ নীৰৱতা;

আৰম্ভ হয় নকৰিবলগীয়া বহু কামেই কৰি

হেৰুৱাই অহা সময়ৰ ওভোটা খোজ!

যিবোৰ কাম কৰিব লগা নাছিল,

যিবোৰ কথা ক’ব লগা নাছিল…

.

এৰি অহা বাটতে নুবুজা কথাবোৰৰ বাবেই

আৰম্ভ হয় তাহানিতে ভাবিব নখোজা

বহু কথা আৰম্ভ হোৱাৰ নতুন বাট।

.

বুজা-নুবুজাৰো যে কি অবুজ খেলা

একেই কথা

একেই ভাষা

অথচ কি ভিন্ন আঁচোৰ

ভিন্ন ৰং!

.

নুবুজা কথাবোৰৰ বাবেই

বহু দিন মই তেওঁৰ চকুলৈ চাব পৰা নাই

চুই চাব পৰা নাই মোৰ বুকুত ৰৈ যোৱা

তেওঁৰ সেই শেষৰটো কথা।

কোনেওতো নুবুজিব

বুজি বুজিও নুবুজা হোৱাৰ যাতনা!

.

কথাবোৰ বুজিব পৰা হোৱাৰ পৰাই

মই চাব পৰা নাই নিজকো!

.

এনে কি আছিল নুবুজা কথাবোৰত?

যিবোৰ বুজি উঠাৰ পাছত

ঢুকি পোৱা নাই একোকে!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close