Written by sdblogs2011 12:31 pm Poems

বেলিকথা

 প্ৰশান্ত মিশ্ৰ

উৰণীয়া বেলিৰ কথা শুনিছিলোঁ।

কৈছিল এগৰাকী আইতাই।

বেলিটো উৰি আহি পৃথিৱীৰ মুখলৈ চাই

আকৌ পিঠি দি উৰি গুচি যায়।

অহা-যোৱাৰ দুটা পলেই

দিনৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰ।

আমাৰ ওচৰত মানি নোলোৱাৰ কোনো যুক্তি নাছিল।

আছিল উৰণীয়া বেলিৰ ডেউকা চোৱাৰ আকলুৱা মন।

ভাবিছিলোঁ ওখ ওখ পাহাৰবোৰ পাৰ হৈ

সাগৰৰ ওপৰেৰে উৰি যায়গৈ বেলিটো!

কিমান পাহাৰৰ গছ চাগে বেলিয়ে পুৰি নিয়ে!

আৰু শুহি খায় কিমান সাগৰৰ পানী!

শুনিছোঁ বেলিৰ ডেউকা গজে দুবাৰ

পুৱা  আৰু গধূলি ।

আৰু বেলিৰ সৰি পৰা পাখি

বেলিফুল হৈ ফুলে।

বেলিৰ টোপনি নাহে।

আহিলেই দীঘলীয়া উগাৰ মাৰে।

মেঘবোৰ তেতিয়াই চিৰাচিৰ হৈ বৰষুণ হয়।

মেকুৰীৰ চকুত বেলিৰ ডেউকাৰ আঁচোৰ লাগিছিল ।

এন্ধাৰতো সেয়ে মেকুৰীৰ চকু জ্বলে। বাঘৰো হেনো।

বেলিৰ পৰা চুৰি কৰি ঘৰ পোহৰোৱা জোনৰ

আছে বেলিৰ স’তে

ঋণ লওঁতা আৰু দাতাৰ সম্পৰ্ক।

সেইভাবে কৃষ্ণাজিতা নিতান্তই চাৰ্বাকৰ শিষ্য!

সেই সময়তেই কাষলতিৰ তলত বেলি লুকুৱাই

দিনৰ পোহৰতে ৰাতি ঘোষণা কৰি

যুদ্ধ জিনাৰ কৌশল শিকিছিলোঁ আইতাৰ সাধুত।

যুদ্ধ হেনো ৰাতি উচিত নহয়!

বেলিৰ পোহৰতহে ভাল!

কিন্ত মিছা কথাৰে ৰণ জিনা কৌশলৰ ন্যায্যতা

আমাৰ বোধৰ বাহিৰত আছিল!

দিনৰ পোহৰত জোনাকীয়ে আমনি পোৱাৰে কথা।

এন্ধাৰ ভাল পোৱা জোনাকীয়ে জানো পোহৰ আনিব!

বেলিৰ স’তে জোনাকীৰ সম্বন্ধ বেয়া।

কবি নৱকান্তই তাহানিতে কোৱা কথা।

বেলি অভিমুখী মানুহে অতিক্ৰমে আপোন ছাঁ

নিশাৰ চকুলো মচি।

পশ্চিমৰ বেলিয়ে

কণীৰ কুহুমৰ ৰং সানি

জুই জ্বলোৱা নদীৰ লহৰত

শুনো আকাশৰ ভীমপলাশী।

ভাল পায় বেলিক গছৰ সেউজীয়া পাতে।

সেমেকা বতৰে আৰু সেমেকা মাটিয়ে।

মাটিৰ কলিজা আজীৱন বেলিয়ে জুমি জুমি চায়।

প্ৰেমাকুল বেলি

মাটিৰ শ্বেত ৰক্তকণিকাত

বাঢ়ে শস্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ।

শমিত আকুল মৃত্তিকা পৰাণ।

নিশাৰ ৰঙা মেঘ নাৱিকৰ আনন্দ

পুৱাৰ আকাশত বেলি চোৱাৰ হেঁপাহত।

ঠিকনা :

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close